--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বজাৰৰ পাচলিসমূহৰ ভিতৰত কেপছিকামো অন্যতম। কেপছিকামত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। কেপছিকামৰ বৰণ সেউজীয়া হয় যদিও আজিকালি বজাৰত বিভিন্ন ৰঙৰ কেপছিকামো পোৱা যায়। অতি পুষ্টিদায়ক এই পাচলিবিধ খাবলৈও ভাল তথা পাচলি বিধে দেহৰ কোনো ক্ষতি সাধনো নকৰে। অতি সহজতে আমি কেপছিকামৰ খেতিও কৰিব পাৰো। ফুসৰ টাবতো ইয়াৰ খেতি কৰিব পাৰি।

 কেপছিকামত প্ৰচুৰ পৰিমানে ভিটামিন ’চি’ থাকে।কেপছিকামৰ বহু কেইটা গুণ আছে। ছালৰ উজ্জলতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত কেপছিকামে যাদুকৰী ভাবে কাম কৰে। তদুপৰি, ছালত  শোঁতৰা পৰা বা শালমইনা প্ৰতিৰোধতো ই বেছ ভাল কাম কৰে।

কেপছিকামত কেপছাইছিনছ নামৰ এবিধ বিশেষ উপাদান থাকে। এই উপাদানে মানৱ দেহৰ ডিএনএ’ৰ সৈতে লগ লাগি কেন্সাৰ সৃষ্টিকাৰী উপাদানৰ গঠনত বাধা দিয়ে আৰু কেন্সাৰ প্ৰতিৰোধত সহায় কৰে।বিষ প্ৰতিৰোধৰ ক্ষেত্ৰতো কেপছিকাম অতি উপকাৰী। মাইগ্ৰেন, ছাইনাছ, সংক্ৰমণ, দাঁতৰ বিষ, অষ্টিঅ’আৰ্থাৰাইটিছ ইত্যাদিৰ বিষৰ উপশমতো কেপছিকামে সহায় কৰে।

কেপছিকামে দেহত জমা হোৱা অতিমাত্ৰা চৰ্বিৰ দূৰ কৰি  ওজন হ্ৰাস কৰাতো সহায় কৰে।মেলেৰিয়া,  সাধাৰণ জ্বৰ আদিতো কেপছিকামে বেছ ভাল কাম দিয়ে। ই মুখৰ ৰুচি বঢ়ায়।কেপছিকামত এলকাল’য়েড, ফ্লেব’নয়ড, কানিন ইত্যাদি পোৱা যায়। এলকাল’য়েডে জ্বলন নাশক তথা এন্টি অক্সিডেন্ট ৰূপে কাম কৰে।কেপছিকামত থকা ভিটামিন ‘চি’য়ে মস্তিষ্কৰ পেশী পুনৰুজ্জীৱিত কৰাৰ লগতে দেহৰ হাড়ৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰে।সেয়ে খাদ্য তালিকাত কেপছিকাম ৰাখিলে সুফল পোৱা যায়। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ