--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বজাৰৰ পাচলিসমূহৰ ভিতৰত কেপছিকামো অন্যতম। কেপছিকামত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। কেপছিকামৰ বৰণ সেউজীয়া হয় যদিও আজিকালি বজাৰত বিভিন্ন ৰঙৰ কেপছিকামো পোৱা যায়। অতি পুষ্টিদায়ক এই পাচলিবিধ খাবলৈও ভাল তথা পাচলি বিধে দেহৰ কোনো ক্ষতি সাধনো নকৰে। অতি সহজতে আমি কেপছিকামৰ খেতিও কৰিব পাৰো। ফুসৰ টাবতো ইয়াৰ খেতি কৰিব পাৰি।

 কেপছিকামত প্ৰচুৰ পৰিমানে ভিটামিন ’চি’ থাকে।কেপছিকামৰ বহু কেইটা গুণ আছে। ছালৰ উজ্জলতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত কেপছিকামে যাদুকৰী ভাবে কাম কৰে। তদুপৰি, ছালত  শোঁতৰা পৰা বা শালমইনা প্ৰতিৰোধতো ই বেছ ভাল কাম কৰে।

কেপছিকামত কেপছাইছিনছ নামৰ এবিধ বিশেষ উপাদান থাকে। এই উপাদানে মানৱ দেহৰ ডিএনএ’ৰ সৈতে লগ লাগি কেন্সাৰ সৃষ্টিকাৰী উপাদানৰ গঠনত বাধা দিয়ে আৰু কেন্সাৰ প্ৰতিৰোধত সহায় কৰে।বিষ প্ৰতিৰোধৰ ক্ষেত্ৰতো কেপছিকাম অতি উপকাৰী। মাইগ্ৰেন, ছাইনাছ, সংক্ৰমণ, দাঁতৰ বিষ, অষ্টিঅ’আৰ্থাৰাইটিছ ইত্যাদিৰ বিষৰ উপশমতো কেপছিকামে সহায় কৰে।

কেপছিকামে দেহত জমা হোৱা অতিমাত্ৰা চৰ্বিৰ দূৰ কৰি  ওজন হ্ৰাস কৰাতো সহায় কৰে।মেলেৰিয়া,  সাধাৰণ জ্বৰ আদিতো কেপছিকামে বেছ ভাল কাম দিয়ে। ই মুখৰ ৰুচি বঢ়ায়।কেপছিকামত এলকাল’য়েড, ফ্লেব’নয়ড, কানিন ইত্যাদি পোৱা যায়। এলকাল’য়েডে জ্বলন নাশক তথা এন্টি অক্সিডেন্ট ৰূপে কাম কৰে।কেপছিকামত থকা ভিটামিন ‘চি’য়ে মস্তিষ্কৰ পেশী পুনৰুজ্জীৱিত কৰাৰ লগতে দেহৰ হাড়ৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰে।সেয়ে খাদ্য তালিকাত কেপছিকাম ৰাখিলে সুফল পোৱা যায়। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন