--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : খাদ্য খাই ভাল নোপোৱা মানুহ চাগে পৃথিৱীত বিৰল। কোৱা হয় যে সকলো মানুহে কিবা নহয় কিবা খাদ্য খাই ভালপায়। ইয়াৰ সমান্তৰালকৈ বলীউডৰ অভিনেতা-অভিনেত্ৰীৰ ব্যক্তিগত জীৱনক লৈ অনুৰাগীসকলৰ কৌতুহলৰ অন্ত নাই। সেয়েহে আজি চাওক আপোনাৰ প্ৰিয় তাৰকাই কি খাই ভালপায়। কেটৰিনা কাঈফৰ পৰা বিপাশা বসু, ছলমান খানৰ পৰা শ্বাহৰুখলৈকে, কোনে কি খাই ভালপায় জানো আহক।

 ১. কেটৰিনা কাইফঃ–আইচক্ৰীম, ভাল দেখাবলৈ, ভাল ফিগাৰ বজাই ৰাখিবলৈ অভিনেত্ৰীসকলে ফেটি কেলৰিযুক্ত খাদ্য খাব নালাগে। কিন্তু কেটৰিনাই কয় যে তেওঁ মিঠাই খাই ভালপায় আৰু তেওঁৰ প্ৰিয় খাদ্য হ’ল আইচক্ৰীম আৰু চিনামন ৰোল।

 ২. ঋতিক ৰোষণঃ– চিঙৰা, ভাৰতীয়সকলৰ সন্ধিয়াৰ প্ৰিয় জলপানসমূহৰ ভিতৰত অন্যতম হ’ল চিঙৰা। বলীউডৰ অভিনেতা ঋতিক ৰোশনৰ প্ৰিয় খাদ্য হৈছে চিঙৰা।

 ৩. দীপিকা পাডুকনঃ–ইডলী, দক্ষিণ ভাৰতত ডাঙৰ-দীঘল হোৱা ‘পদ্মাৱতী’ খ্যাত দীপিকা পাডুকনে ইডলি আৰু সাগৰীয় খাদ্য খাই আটাইতকৈ বেছি ভাল পায়।

 ৪. শ্বাহৰুখ খানঃ–গ্ৰীলড চিকেন, কিং খানে বিশ্ব ভ্ৰমণ কৰি থাকে, কিন্তু যিকোনো আন্তঃৰাষ্ট্ৰীয় খাদ্যৰ পৰিৱৰ্তে অভিনেতাজনে জনপ্ৰিয় গ্ৰীলড চিকেন পছন্দ কৰে। খৰখৰীয়াই হওক বা ৰসাল, এই চিকেন ডিচ শ্বাহৰুখৰ দৈনিক দুপৰীয়াৰ আহাৰ গ্ৰহণৰ প্ৰধান খাদ্য।

 ৫. অমিতাভ বচ্চনঃ–সেউজীয়া পাচলি, এলাহাবাদৰ মানুহে বিগ বি অমিতাভ বচ্চনৰ ভেণ্ডি বা সেউজীয়া পাচলিৰ তৰকাৰী আৰু মুং দালিৰ ব্যঞ্জন খাই ভালপায়। 

৬. ছলমান খানঃ–বিৰিয়ানী, বিৰিয়ানীৰ সৈতে ছাল্লু ভাইৰ এক সম্পৰ্ক আছে। কিন্তু ছলমানৰ প্ৰিয় বিৰিয়ানী হৈছে মাক ছালমাৰ ঘৰতে বনোৱা বিৰিয়ানী।

 ৭. সোনম কাপুৰঃ–পাওভাজি, সোনমৰ প্ৰিয় ষ্ট্ৰীট ফুড হৈছে পাওভাজি। পাঞ্জাবী হ’লেও সোনমে সৰ্চে হিলছা, ছোলা দলৰ দৰে বাংলা খাদ্যও ভাল পায়।

 ৮. বিপাশা বসুঃ–বাংলা খাদ্য, নিজৰ সংস্কৃতিৰ খাদ্য ভাল পোৱা এগৰাকী অভিনেত্ৰী হ’ল বিপাশা বসু। কেৱল বাংলা খাদ্য খাই ডাঙৰ হৈছিল তেওঁ। ইমানবোৰ দেশ-বিদেশ ভ্ৰমণ কৰিলেও তেওঁ বাংলা খাদ্যই আটাইতকৈ বেছি জনপ্ৰিয়।

 ৯. অভিষেক বচ্চনঃ–ৰাজমা চাৱাল, অভিষেক বচ্চনৰ প্ৰিয় খাদ্য হ’ল ৰাজমা চাৱাল। ঘৰৰ পাকঘৰৰ পৰা আড়ম্বৰপূৰ্ণ ৰেষ্টুৰেণ্টলৈকে– কিছুমান গৰম ভাপত দিয়া চাউলৰ সৈতে টেঙা ৰাজমা তৰকাৰী উত্তৰ ভাৰতীয়ৰ এটা প্ৰধান খাদ্য।

 ১০. আমিৰ খানঃ–মোগলাই খাদ্য, মোগল সাম্ৰাজ্যৰ ৰজাঘৰীয়া চেফসকলে যুগ যুগ ধৰি নিখুঁত কৰি তোলা মোগলীয়া খাদ্যই আজিও খাদ্যপ্ৰেমীৰ হৃদয়ত বহু ঠাই দখল কৰি আছেছে। আমিৰ খানেও এই খাদ্য খাই ভালপায়। বিৰিয়ানী বাদশাহীৰ পৰা শ্বাহী ৰোগন জোছলৈ– এই অভিনেতাজনৰ প্ৰিয় খাদ্য হৈছে মোগলাই







FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’