--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : খাদ্য খাই ভাল নোপোৱা মানুহ চাগে পৃথিৱীত বিৰল। কোৱা হয় যে সকলো মানুহে কিবা নহয় কিবা খাদ্য খাই ভালপায়। ইয়াৰ সমান্তৰালকৈ বলীউডৰ অভিনেতা-অভিনেত্ৰীৰ ব্যক্তিগত জীৱনক লৈ অনুৰাগীসকলৰ কৌতুহলৰ অন্ত নাই। সেয়েহে আজি চাওক আপোনাৰ প্ৰিয় তাৰকাই কি খাই ভালপায়। কেটৰিনা কাঈফৰ পৰা বিপাশা বসু, ছলমান খানৰ পৰা শ্বাহৰুখলৈকে, কোনে কি খাই ভালপায় জানো আহক।

 ১. কেটৰিনা কাইফঃ–আইচক্ৰীম, ভাল দেখাবলৈ, ভাল ফিগাৰ বজাই ৰাখিবলৈ অভিনেত্ৰীসকলে ফেটি কেলৰিযুক্ত খাদ্য খাব নালাগে। কিন্তু কেটৰিনাই কয় যে তেওঁ মিঠাই খাই ভালপায় আৰু তেওঁৰ প্ৰিয় খাদ্য হ’ল আইচক্ৰীম আৰু চিনামন ৰোল।

 ২. ঋতিক ৰোষণঃ– চিঙৰা, ভাৰতীয়সকলৰ সন্ধিয়াৰ প্ৰিয় জলপানসমূহৰ ভিতৰত অন্যতম হ’ল চিঙৰা। বলীউডৰ অভিনেতা ঋতিক ৰোশনৰ প্ৰিয় খাদ্য হৈছে চিঙৰা।

 ৩. দীপিকা পাডুকনঃ–ইডলী, দক্ষিণ ভাৰতত ডাঙৰ-দীঘল হোৱা ‘পদ্মাৱতী’ খ্যাত দীপিকা পাডুকনে ইডলি আৰু সাগৰীয় খাদ্য খাই আটাইতকৈ বেছি ভাল পায়।

 ৪. শ্বাহৰুখ খানঃ–গ্ৰীলড চিকেন, কিং খানে বিশ্ব ভ্ৰমণ কৰি থাকে, কিন্তু যিকোনো আন্তঃৰাষ্ট্ৰীয় খাদ্যৰ পৰিৱৰ্তে অভিনেতাজনে জনপ্ৰিয় গ্ৰীলড চিকেন পছন্দ কৰে। খৰখৰীয়াই হওক বা ৰসাল, এই চিকেন ডিচ শ্বাহৰুখৰ দৈনিক দুপৰীয়াৰ আহাৰ গ্ৰহণৰ প্ৰধান খাদ্য।

 ৫. অমিতাভ বচ্চনঃ–সেউজীয়া পাচলি, এলাহাবাদৰ মানুহে বিগ বি অমিতাভ বচ্চনৰ ভেণ্ডি বা সেউজীয়া পাচলিৰ তৰকাৰী আৰু মুং দালিৰ ব্যঞ্জন খাই ভালপায়। 

৬. ছলমান খানঃ–বিৰিয়ানী, বিৰিয়ানীৰ সৈতে ছাল্লু ভাইৰ এক সম্পৰ্ক আছে। কিন্তু ছলমানৰ প্ৰিয় বিৰিয়ানী হৈছে মাক ছালমাৰ ঘৰতে বনোৱা বিৰিয়ানী।

 ৭. সোনম কাপুৰঃ–পাওভাজি, সোনমৰ প্ৰিয় ষ্ট্ৰীট ফুড হৈছে পাওভাজি। পাঞ্জাবী হ’লেও সোনমে সৰ্চে হিলছা, ছোলা দলৰ দৰে বাংলা খাদ্যও ভাল পায়।

 ৮. বিপাশা বসুঃ–বাংলা খাদ্য, নিজৰ সংস্কৃতিৰ খাদ্য ভাল পোৱা এগৰাকী অভিনেত্ৰী হ’ল বিপাশা বসু। কেৱল বাংলা খাদ্য খাই ডাঙৰ হৈছিল তেওঁ। ইমানবোৰ দেশ-বিদেশ ভ্ৰমণ কৰিলেও তেওঁ বাংলা খাদ্যই আটাইতকৈ বেছি জনপ্ৰিয়।

 ৯. অভিষেক বচ্চনঃ–ৰাজমা চাৱাল, অভিষেক বচ্চনৰ প্ৰিয় খাদ্য হ’ল ৰাজমা চাৱাল। ঘৰৰ পাকঘৰৰ পৰা আড়ম্বৰপূৰ্ণ ৰেষ্টুৰেণ্টলৈকে– কিছুমান গৰম ভাপত দিয়া চাউলৰ সৈতে টেঙা ৰাজমা তৰকাৰী উত্তৰ ভাৰতীয়ৰ এটা প্ৰধান খাদ্য।

 ১০. আমিৰ খানঃ–মোগলাই খাদ্য, মোগল সাম্ৰাজ্যৰ ৰজাঘৰীয়া চেফসকলে যুগ যুগ ধৰি নিখুঁত কৰি তোলা মোগলীয়া খাদ্যই আজিও খাদ্যপ্ৰেমীৰ হৃদয়ত বহু ঠাই দখল কৰি আছেছে। আমিৰ খানেও এই খাদ্য খাই ভালপায়। বিৰিয়ানী বাদশাহীৰ পৰা শ্বাহী ৰোগন জোছলৈ– এই অভিনেতাজনৰ প্ৰিয় খাদ্য হৈছে মোগলাই







FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?