--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিভি উদ্যোগৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। বিখ্যাত টিভি অভিনেত্ৰী বৈশালী ঠক্কৰৰ আত্মহত্যা। ইন্দোৰৰ ঘৰত ফাঁচী লগাই আত্মহত্যা কৰিছে অভিনেত্ৰীগৰাকীয়ে। ছুইচাইড নোটো লিখি থৈ গৈছে বৈশালী ঠক্কৰে। বৈশালী যোৱা ১ বছৰ ধৰি ইন্দোৰত বাস কৰিছিল। অভিনেত্ৰীগৰাকীৰ আত্মহত্যাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ অভিনেত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। বৈশালীৰ মৃতদেহৰ সমীপতে আৰক্ষীয়ে এখন ছুইচাইড নোটো উদ্ধাৰ কৰিছে।

অভিনেত্ৰীগৰাকীৰ আত্মহত্যাৰ সন্দৰ্ভত ছুইচাইড নোটৰ পৰা কি তথ্য পোৱা যায়, সেয়া অতি সোনকালে গম পোৱা যাব। আৰক্ষীয়ে এই আত্মহত্যাৰ আঁৰত প্ৰেমজনিত কাৰণ আছে বুলিয়ে সন্দেহ প্ৰকাশ কৰিছে।

বৈশালী ঠক্কৰৰ মৃত্যুৰ খবৰটোৱে সকলোকে স্তম্ভিত কৰি তুলিছে। বৈশালীৰ আত্মহত্যাৰ খবৰ পোৱাৰ পাছতে স্তম্ভিত হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ সকলো অনুৰাগী আৰু বন্ধু। 

যোৱা বছৰৰ এপ্ৰিল মাহত বৈশালীৰ এংগেজমেণ্ট হৈছিল। অভিনেত্ৰীগৰাকীয়ে নিজে ইয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীসকলক সুখবৰটো দিছিল। পৰিয়ালৰ লগতে ঘনিষ্ঠ লোকৰ উপস্থিতিত হৈছিল অভিনেত্ৰীগৰাকীৰ এংগেজমেণ্ট। কিন্তু এংগেজমেণ্টৰ এমাহৰ পাছতেই বৈশালীয়ে এংগেজমেণ্ট ভংগ কৰি কয় যে তেওঁ সেই যুৱকজনৰ সৈতে বিয়াত বহিব নিবিচাৰে। বিবাহ বাতিল কৰাৰ পাছত বৈশালীয়ে তেওঁৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেলৰ পৰা নিজৰ এংগেজমেণ্টৰ সকলো ফটো আৰু ভিডিঅ’ ডিলিট কৰিছিল।

এংকৰিঙৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল বৈশালী ঠক্কৰে। ২০১৫ চনত ষ্টাৰ প্লাছৰ শ্ব’ 'য়ে ৰিস্তা ক্যা কেহলাতা হে'ত সঞ্জনা চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল। এই টেলিভিছন অনুষ্ঠানটোৰ পৰা তেওঁ বহু খ্যাতি অৰ্জন কৰিছিল। এই শ্ব'ৰ পিছত তেওঁ 'য়ে ৱাদা ৰহা', 'য়ে হে আশীকি', 'ছছুৰাল ছিমাৰ কা', 'ছুপাৰ চিষ্টাৰ', 'লাল ইস্ক', 'বিষ্ য়া অমৃত', মনমোহিনী আদিত অভিনয় কৰে। বৈশালীৰ আটাইতকৈ জনপ্ৰিয় চৰিত্ৰটো আছিল 'ছছুৰাল ছিমাৰ কা'ৰ অঞ্জলি ভৰদ্বাজ, যাৰ বাবে তেওঁ নেগেটিভ ৰ’লত শ্ৰেষ্ঠ অভিনেত্ৰীৰ গোল্ডেন পেটল বঁটাও লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’