--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিভি উদ্যোগৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। বিখ্যাত টিভি অভিনেত্ৰী বৈশালী ঠক্কৰৰ আত্মহত্যা। ইন্দোৰৰ ঘৰত ফাঁচী লগাই আত্মহত্যা কৰিছে অভিনেত্ৰীগৰাকীয়ে। ছুইচাইড নোটো লিখি থৈ গৈছে বৈশালী ঠক্কৰে। বৈশালী যোৱা ১ বছৰ ধৰি ইন্দোৰত বাস কৰিছিল। অভিনেত্ৰীগৰাকীৰ আত্মহত্যাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ অভিনেত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। বৈশালীৰ মৃতদেহৰ সমীপতে আৰক্ষীয়ে এখন ছুইচাইড নোটো উদ্ধাৰ কৰিছে।

অভিনেত্ৰীগৰাকীৰ আত্মহত্যাৰ সন্দৰ্ভত ছুইচাইড নোটৰ পৰা কি তথ্য পোৱা যায়, সেয়া অতি সোনকালে গম পোৱা যাব। আৰক্ষীয়ে এই আত্মহত্যাৰ আঁৰত প্ৰেমজনিত কাৰণ আছে বুলিয়ে সন্দেহ প্ৰকাশ কৰিছে।

বৈশালী ঠক্কৰৰ মৃত্যুৰ খবৰটোৱে সকলোকে স্তম্ভিত কৰি তুলিছে। বৈশালীৰ আত্মহত্যাৰ খবৰ পোৱাৰ পাছতে স্তম্ভিত হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ সকলো অনুৰাগী আৰু বন্ধু। 

যোৱা বছৰৰ এপ্ৰিল মাহত বৈশালীৰ এংগেজমেণ্ট হৈছিল। অভিনেত্ৰীগৰাকীয়ে নিজে ইয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীসকলক সুখবৰটো দিছিল। পৰিয়ালৰ লগতে ঘনিষ্ঠ লোকৰ উপস্থিতিত হৈছিল অভিনেত্ৰীগৰাকীৰ এংগেজমেণ্ট। কিন্তু এংগেজমেণ্টৰ এমাহৰ পাছতেই বৈশালীয়ে এংগেজমেণ্ট ভংগ কৰি কয় যে তেওঁ সেই যুৱকজনৰ সৈতে বিয়াত বহিব নিবিচাৰে। বিবাহ বাতিল কৰাৰ পাছত বৈশালীয়ে তেওঁৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেলৰ পৰা নিজৰ এংগেজমেণ্টৰ সকলো ফটো আৰু ভিডিঅ’ ডিলিট কৰিছিল।

এংকৰিঙৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল বৈশালী ঠক্কৰে। ২০১৫ চনত ষ্টাৰ প্লাছৰ শ্ব’ 'য়ে ৰিস্তা ক্যা কেহলাতা হে'ত সঞ্জনা চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল। এই টেলিভিছন অনুষ্ঠানটোৰ পৰা তেওঁ বহু খ্যাতি অৰ্জন কৰিছিল। এই শ্ব'ৰ পিছত তেওঁ 'য়ে ৱাদা ৰহা', 'য়ে হে আশীকি', 'ছছুৰাল ছিমাৰ কা', 'ছুপাৰ চিষ্টাৰ', 'লাল ইস্ক', 'বিষ্ য়া অমৃত', মনমোহিনী আদিত অভিনয় কৰে। বৈশালীৰ আটাইতকৈ জনপ্ৰিয় চৰিত্ৰটো আছিল 'ছছুৰাল ছিমাৰ কা'ৰ অঞ্জলি ভৰদ্বাজ, যাৰ বাবে তেওঁ নেগেটিভ ৰ’লত শ্ৰেষ্ঠ অভিনেত্ৰীৰ গোল্ডেন পেটল বঁটাও লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?