--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃকেটৰিনা কাঈফ  গৰ্ভৱতী! খবৰটোৱে এতিয়া বহুতৰে মাজত আলোচনাৰ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে৷বলীউডৰ অভিনেত্ৰী সোনম কাপুৰে শনিবাৰে এটি পুত্ৰ সন্তান  জন্ম দিছিল। অনিল কাপুৰৰ কন্যা সোনম কাপুৰ  মাতৃ হোৱাৰ ভাল খবৰে সকলোকে আনন্দিক কৰি তুলিছে। এনে সময়তে কেটৰিনা কাঈফ  গৰ্ভৱতী  হোৱা বুলি প্ৰচাৰ হোৱা কথাই বহুতোকে আহ্লাদিত কৰিছে৷  

চিকিৎসালয়ৰ বাহিৰত কেটৰিনা কাঈফক বহুতে দেখাৰ পিছৰে পৰাই  কেটৰিনা গৰ্ভৱতী হোৱাৰ গুঞ্জন বিয়পি পৰিছে।

কিন্তু কেটৰিনা গৰ্ভৱতী হোৱাৰ খবৰ এয়াই প্ৰথম  নহয়। ইয়াৰ আগতেওঁ এনে ধৰণৰ  গুঞ্জন বহুবাৰ শুনা গৈছিল। প্ৰতিবাৰেই অৱশেষত জনা গৈছিল যে খবৰটো শুদ্ধ নাছিল।এইবাৰো হয়তো অভিনেত্ৰীগৰাকী গৰ্ভৱতী হোৱাৰ খবৰটো উৰা বাতৰিয়েই হ’ব বুলি বহুতে ধাৰণা কৰিছে৷কেটৰিনাৰ তৰফৰ পৰাও এই বিষয়ত কোনো মন্তব্য কৰা দেখা যোৱা নাই৷

 নায়িকাগৰাকীৰ আটাইতকৈ নিকটতম সূত্ৰ অনুসৰি কেটৰিনা এজন দন্ত চিকিৎসকৰ ওচৰলৈহে গৈছিল। কেইদিনমান আগতে কেটৰিনাই এটা দাঁত সৰুৱাবলগীয়া হৈছিল। কেটৰিনাই অলপতে 'কফি উইথ কৰণ' অনুষ্ঠানতো এই কথা কৈছিল। শেহতীয়াকৈ নায়িকাগৰাকীয়ে চেকআপৰ বাবে দন্ত চিকিৎসকৰ ওচৰলৈ গৈছিল। অৱশ্যে, সূত্ৰটোৱে বলীউডৰ তাৰকাগৰাকী গৰ্ভৱতী নহয় বুলিও কোনো দাবী কৰা নাই৷

কেইদিনমান আগতে, কেটৰিনা গৰ্ভৱতী হোৱাৰ বিষয়ে এক গুঞ্জন উঠিছিল। তেওঁক বিমানবন্দৰত দেখা পোৱাৰ পিছত গুঞ্জন আৰম্ভ হৈছিল। কিছুমান উৎসাহী অনুৰাগীয়ে আনকি কেটৰিনাৰ 'বেবী বাম্পো' আৱিষ্কাৰ কৰিছিল। অৱশ্যে, পিছত দেখা গৈছিল যে সেই সকলোবোৰ ভিত্তিহীন ধাৰণা আছিল।মন কৰিবলগীয়া যে আন তাৰকা দম্পতীৰ দৰে ভিকাটৰ জনপ্ৰিয়তাও যথেষ্ট। অনুৰাগীসকলে তেওঁলোকক একেলগে দেখা পালে  উৎসাহিত হৈ পৰে।  

শেহতীয়াকৈ, কৰণ জোহৰৰ অনুষ্ঠানত, বিকি কৌশলে কৈছিল যে কেটৰিনা তেওঁৰ বাবে আইনাৰ দৰে। তেওঁলোকে দাবী কৰিছিল যে তেওঁলোকৰ মাজৰ বুজাবুজিও বহুত ভাল। দুবছৰ আগতে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক 'কফি উইথ কৰণ' অনুষ্ঠানৰ পৰাই আৰম্ভ হৈছিল। এতিয়া দাঁত দেখুৱাবলৈ গৈ গৰ্ভৱতী হোৱাৰ উৰা বাতৰিকলৈ কেটৰিনাৰ প্ৰতিক্ৰিয়া কেনে হয় সেয়া লক্ষ্যণীয় হ’ব৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে