--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃকেটৰিনা কাঈফ  গৰ্ভৱতী! খবৰটোৱে এতিয়া বহুতৰে মাজত আলোচনাৰ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে৷বলীউডৰ অভিনেত্ৰী সোনম কাপুৰে শনিবাৰে এটি পুত্ৰ সন্তান  জন্ম দিছিল। অনিল কাপুৰৰ কন্যা সোনম কাপুৰ  মাতৃ হোৱাৰ ভাল খবৰে সকলোকে আনন্দিক কৰি তুলিছে। এনে সময়তে কেটৰিনা কাঈফ  গৰ্ভৱতী  হোৱা বুলি প্ৰচাৰ হোৱা কথাই বহুতোকে আহ্লাদিত কৰিছে৷  

চিকিৎসালয়ৰ বাহিৰত কেটৰিনা কাঈফক বহুতে দেখাৰ পিছৰে পৰাই  কেটৰিনা গৰ্ভৱতী হোৱাৰ গুঞ্জন বিয়পি পৰিছে।

কিন্তু কেটৰিনা গৰ্ভৱতী হোৱাৰ খবৰ এয়াই প্ৰথম  নহয়। ইয়াৰ আগতেওঁ এনে ধৰণৰ  গুঞ্জন বহুবাৰ শুনা গৈছিল। প্ৰতিবাৰেই অৱশেষত জনা গৈছিল যে খবৰটো শুদ্ধ নাছিল।এইবাৰো হয়তো অভিনেত্ৰীগৰাকী গৰ্ভৱতী হোৱাৰ খবৰটো উৰা বাতৰিয়েই হ’ব বুলি বহুতে ধাৰণা কৰিছে৷কেটৰিনাৰ তৰফৰ পৰাও এই বিষয়ত কোনো মন্তব্য কৰা দেখা যোৱা নাই৷

 নায়িকাগৰাকীৰ আটাইতকৈ নিকটতম সূত্ৰ অনুসৰি কেটৰিনা এজন দন্ত চিকিৎসকৰ ওচৰলৈহে গৈছিল। কেইদিনমান আগতে কেটৰিনাই এটা দাঁত সৰুৱাবলগীয়া হৈছিল। কেটৰিনাই অলপতে 'কফি উইথ কৰণ' অনুষ্ঠানতো এই কথা কৈছিল। শেহতীয়াকৈ নায়িকাগৰাকীয়ে চেকআপৰ বাবে দন্ত চিকিৎসকৰ ওচৰলৈ গৈছিল। অৱশ্যে, সূত্ৰটোৱে বলীউডৰ তাৰকাগৰাকী গৰ্ভৱতী নহয় বুলিও কোনো দাবী কৰা নাই৷

কেইদিনমান আগতে, কেটৰিনা গৰ্ভৱতী হোৱাৰ বিষয়ে এক গুঞ্জন উঠিছিল। তেওঁক বিমানবন্দৰত দেখা পোৱাৰ পিছত গুঞ্জন আৰম্ভ হৈছিল। কিছুমান উৎসাহী অনুৰাগীয়ে আনকি কেটৰিনাৰ 'বেবী বাম্পো' আৱিষ্কাৰ কৰিছিল। অৱশ্যে, পিছত দেখা গৈছিল যে সেই সকলোবোৰ ভিত্তিহীন ধাৰণা আছিল।মন কৰিবলগীয়া যে আন তাৰকা দম্পতীৰ দৰে ভিকাটৰ জনপ্ৰিয়তাও যথেষ্ট। অনুৰাগীসকলে তেওঁলোকক একেলগে দেখা পালে  উৎসাহিত হৈ পৰে।  

শেহতীয়াকৈ, কৰণ জোহৰৰ অনুষ্ঠানত, বিকি কৌশলে কৈছিল যে কেটৰিনা তেওঁৰ বাবে আইনাৰ দৰে। তেওঁলোকে দাবী কৰিছিল যে তেওঁলোকৰ মাজৰ বুজাবুজিও বহুত ভাল। দুবছৰ আগতে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক 'কফি উইথ কৰণ' অনুষ্ঠানৰ পৰাই আৰম্ভ হৈছিল। এতিয়া দাঁত দেখুৱাবলৈ গৈ গৰ্ভৱতী হোৱাৰ উৰা বাতৰিকলৈ কেটৰিনাৰ প্ৰতিক্ৰিয়া কেনে হয় সেয়া লক্ষ্যণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু