--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে কিয়াৰা আদৱানী। এতিয়া পুনৰ কামলৈ ঘূৰি আহিছে। অভিনেত্ৰীগৰাকীক 'স্লাইছ’ৰ বিজ্ঞাপনত দেখা গৈছিল। সেই বিজ্ঞাপনটোক লৈ হুলস্থুল হৈছে। ইয়াৰ পূৰ্বে কেটৰিনা কাইফ আছিল পানীয় কোম্পানীটোৰ ব্ৰেণ্ড এম্বেছাদৰ। কিয়াৰাই কেটৰিনাক আঁতৰাই কোম্পানীটোৰ ব্ৰেণ্ড এম্বেছাদৰ হৈছে। সেইটো লৈ নেটিজেনসকল ব্যস্ত হৈ পৰিছে। তেওঁলোকে বিজ্ঞাপনটোত পুনৰ কেটৰিনাকে বিচাৰে জনাইছে।

দীৰ্ঘদিন ধৰি এই পানীয় কোম্পানীটোৰ মুখমণ্ডল হৈ আহিছে কেটৰিনা কাইফ। বিগত কেইবছৰমানৰ পৰা কোম্পানীটোৰ কেইবাটাও বিজ্ঞাপনত কাম কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে। কেটৰিনাৰ এই বিজ্ঞাপনটোৱে চচিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছিল। স্লাইছ আৰু কেটৰিনা প্ৰায় সমাৰ্থক হৈ পৰিছিল।

এইবাৰ কোম্পানীটোৰ নতুন মুখ হিচাপে পৰিগণিত হৈছে কিয়াৰা আদৱানী। শেহতীয়াকৈ প্ৰকাশ পাইছে কোম্পানীটোৰ বিজ্ঞাপন। তেতিয়াৰ পৰাই আৰম্ভ হৈছে চৰ্চা। কিয়াৰা বিজ্ঞাপনটোত একেবাৰেই ফিট হোৱা নআি বুলি দাবী কৰিছে নেটিজেনসকলে। বিজ্ঞাপনত কিয়াৰাক আঁতৰাই পুনৰ কেটৰিনা ল’ব লাগে বুলি অনুৰাগীৰ দাবী। বহুতে অভিযোগ কৰে যে কিয়াৰাই কেটৰিনাৰ কাম চুৰি কৰিছে!

কিন্তু কিয়াৰাই এই সমালোচনাৰ কোনো উত্তৰ দিয়া নাই। সংস্থাটোৰ সৈতে হোৱা চুক্তিৰ পিছত কিয়াৰাই ছচিয়েল মিডিয়াত কেইবাখনো ছবি পোষ্ট কৰে। বিজ্ঞাপনৰ বিষয়বস্তুৰ লগত মিল ৰাখি কিয়াৰাই পিন্ধিছিল উজ্জ্বল হালধীয়া ৰঙৰ পোছাক। আমলখিৰ পৰা তৈয়াৰী পানীয়ৰ বিজ্ঞাপনৰ বাবে তেওঁৰ কাপোৰ-কানি তাৰ লগত মিল আছে। ধেমেলীয়া মুখ এখন লৈ কিয়াৰাই ফটো উঠে। বিজ্ঞাপনটোত কিয়াৰাই হাতত পকা আম এটা লৈ আছে, হাতৰ পৰা ৰস বৈ গৈছে। তেওঁৰ ছবিৰ পৰা স্পষ্ট যে বিজ্ঞাপনৰ শ্বুটিং কৰি থাকোঁতে তেওঁ বহুত মজা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক