--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে কিয়াৰা আদৱানী। এতিয়া পুনৰ কামলৈ ঘূৰি আহিছে। অভিনেত্ৰীগৰাকীক 'স্লাইছ’ৰ বিজ্ঞাপনত দেখা গৈছিল। সেই বিজ্ঞাপনটোক লৈ হুলস্থুল হৈছে। ইয়াৰ পূৰ্বে কেটৰিনা কাইফ আছিল পানীয় কোম্পানীটোৰ ব্ৰেণ্ড এম্বেছাদৰ। কিয়াৰাই কেটৰিনাক আঁতৰাই কোম্পানীটোৰ ব্ৰেণ্ড এম্বেছাদৰ হৈছে। সেইটো লৈ নেটিজেনসকল ব্যস্ত হৈ পৰিছে। তেওঁলোকে বিজ্ঞাপনটোত পুনৰ কেটৰিনাকে বিচাৰে জনাইছে।

দীৰ্ঘদিন ধৰি এই পানীয় কোম্পানীটোৰ মুখমণ্ডল হৈ আহিছে কেটৰিনা কাইফ। বিগত কেইবছৰমানৰ পৰা কোম্পানীটোৰ কেইবাটাও বিজ্ঞাপনত কাম কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে। কেটৰিনাৰ এই বিজ্ঞাপনটোৱে চচিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছিল। স্লাইছ আৰু কেটৰিনা প্ৰায় সমাৰ্থক হৈ পৰিছিল।

এইবাৰ কোম্পানীটোৰ নতুন মুখ হিচাপে পৰিগণিত হৈছে কিয়াৰা আদৱানী। শেহতীয়াকৈ প্ৰকাশ পাইছে কোম্পানীটোৰ বিজ্ঞাপন। তেতিয়াৰ পৰাই আৰম্ভ হৈছে চৰ্চা। কিয়াৰা বিজ্ঞাপনটোত একেবাৰেই ফিট হোৱা নআি বুলি দাবী কৰিছে নেটিজেনসকলে। বিজ্ঞাপনত কিয়াৰাক আঁতৰাই পুনৰ কেটৰিনা ল’ব লাগে বুলি অনুৰাগীৰ দাবী। বহুতে অভিযোগ কৰে যে কিয়াৰাই কেটৰিনাৰ কাম চুৰি কৰিছে!

কিন্তু কিয়াৰাই এই সমালোচনাৰ কোনো উত্তৰ দিয়া নাই। সংস্থাটোৰ সৈতে হোৱা চুক্তিৰ পিছত কিয়াৰাই ছচিয়েল মিডিয়াত কেইবাখনো ছবি পোষ্ট কৰে। বিজ্ঞাপনৰ বিষয়বস্তুৰ লগত মিল ৰাখি কিয়াৰাই পিন্ধিছিল উজ্জ্বল হালধীয়া ৰঙৰ পোছাক। আমলখিৰ পৰা তৈয়াৰী পানীয়ৰ বিজ্ঞাপনৰ বাবে তেওঁৰ কাপোৰ-কানি তাৰ লগত মিল আছে। ধেমেলীয়া মুখ এখন লৈ কিয়াৰাই ফটো উঠে। বিজ্ঞাপনটোত কিয়াৰাই হাতত পকা আম এটা লৈ আছে, হাতৰ পৰা ৰস বৈ গৈছে। তেওঁৰ ছবিৰ পৰা স্পষ্ট যে বিজ্ঞাপনৰ শ্বুটিং কৰি থাকোঁতে তেওঁ বহুত মজা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু