--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া ৱেব ছিৰিজৰ পয়োভৰ ঘটিছে৷ ভালে-বেয়াই বিভিন্ন কাহিনীলৈ বহুতে ৱেব ছিৰিজ নিৰ্মাণ কৰি ইণ্টাৰনেটত মুকলি কৰি আছে৷ বহু ৱেব ছিৰিজত শালীনতা বোলা কথাষাৰ অৰ্থহীন হৈ পৰিছে৷ এনে সময়তে ৱেব ছিৰিজত অশালীন ভাষাৰ অত্যাধিক ব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ হৈছে উচ্চ ন্যায়ালয়।

 উচ্চ ন্যায়ালয়ে কৈছে "এই ভাষা যুৱ প্ৰজন্মৰ ভাষা হ'ব নোৱাৰে।’’ ভাষাৰ ক্ষেত্ৰত শালীনতা বজাই নৰখাৰ বাবেই  দিল্লী উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিছে টিভিএফৰ ৱেব চিৰিজ 'কলেজ ৰোমাঞ্চ'ৰ নিৰ্মাতা।ৱেব শৃংখলাটোৰ নিৰ্মাতা আৰু অভিনেতাসকলে অত্যাধিক অশালীন ভাষা ব্যৱহাৰ কৰাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ে তেওঁলোকক চোকা  সমালোচনা কৰিছে ৷টিভিএফ বা 'দ্য ভাইৰেল ফিভাৰ' হৈছে অ'টিটি প্লেটফৰ্মৰ অন্যতম প্ৰসিদ্ধ  কোম্পানী। টিভিএফ-প্ৰযোজিত ৱেব শৃংখলা 'কলেজ ৰোমাঞ্চ' ২০১৮  চনত মুক্তি দিয়া হৈছিল। 

ৱেব শৃংখলাটোৰ অভিনেতা-অভিনেত্ৰীসকলে  অত্যাধিক অশালীন ভাষা ব্যৱহাৰ কৰাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ৰ সমালোচনাৰ সন্মুখীন হৈছে। উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে মন্তব্য কৰিছে যে ৱেব শৃংখলাটোৰ ভাষা অতি অশালীন আৰু লেতেৰা, আৰু ই যুৱ প্ৰজন্মৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট আৰু অতিৰিক্ত সত্ৰ ন্যায়াধীশে দিল্লী আৰক্ষীক ২০১৮ ৰ ৱেব চিৰিজ 'কলেজ ৰোমাঞ্চ'ত অশ্লীল ভাষা ব্যৱহাৰ কৰাৰ অভিযোগত এখন এজাহাৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়ে। ৱেব চিৰিজৰ পৰিচালক চিমাৰপ্ৰীত সিং আৰু অভিনেতা অপুৰবা অৰোৰাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯২ আৰু ২৯৪ ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৭ আৰু ৬৭এ ধাৰাৰ অধীনত এখন এজাহাৰ দাখিলৰ  নিৰ্দেশ দিয়া হৈছে।

দিল্লীৰ আদালতৰ ন্যায়াধীশ স্বৰ্ণ কান্ত শৰ্মাই আদেশটো বাহাল  ৰাখিছে।বিচাৰকগৰাকীয়ে কয়  "এই ৱেব শৃংখলাত ব্যৱহৃত ভাষা কেতিয়াও দেশৰ যুৱ প্ৰজন্মৰ ভাষা হ'ব নোৱাৰে। এই ভাষাত ব্যৱহাৰ  কৰাটো ভাল নহয়’’। বিচাৰকগৰাকীয়ে লগতে  কয় যে ৱেব শৃংখলা 'কলেজ ৰোমাঞ্চ'ৰ ভাষা ইমানেই অশালীন যে আনৰ উপস্থিতিত তেওঁ আনকি তেওঁৰ কোঠাতো কাণত হেডফোন লৈ শুনিব লগা হৈছিল। ৱেব শৃংখলাত ব্যৱহৃত ভাষা সভ্য সমাজত ব্যৱহাৰৰ বাবে উপযুক্ত নহয়৷ যদি এনে ভাষা ব্যৱহাৰ হৈ থাকে, তেন্তে এদিন ই দেশৰ যুৱ প্ৰজন্মৰ সংস্কৃতি হৈ পৰিব। ''চিমাৰপ্ৰীত সিঙৰ ৱেব চিৰিজ 'কলেজ ৰোমাঞ্চ' ২০১৮ চনত মুক্তি পাইছিল। 'দ্য ভাইৰেল ফিভাৰ'ৰ দ্বাৰা প্ৰযোজিত, ৱেব শৃংখলাটো প্ৰথমতে ইউটিউবত আৰু পিছত টিভিএফপ্লেত মুকলি কৰা হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ