--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া ৱেব ছিৰিজৰ পয়োভৰ ঘটিছে৷ ভালে-বেয়াই বিভিন্ন কাহিনীলৈ বহুতে ৱেব ছিৰিজ নিৰ্মাণ কৰি ইণ্টাৰনেটত মুকলি কৰি আছে৷ বহু ৱেব ছিৰিজত শালীনতা বোলা কথাষাৰ অৰ্থহীন হৈ পৰিছে৷ এনে সময়তে ৱেব ছিৰিজত অশালীন ভাষাৰ অত্যাধিক ব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ হৈছে উচ্চ ন্যায়ালয়।

 উচ্চ ন্যায়ালয়ে কৈছে "এই ভাষা যুৱ প্ৰজন্মৰ ভাষা হ'ব নোৱাৰে।’’ ভাষাৰ ক্ষেত্ৰত শালীনতা বজাই নৰখাৰ বাবেই  দিল্লী উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিছে টিভিএফৰ ৱেব চিৰিজ 'কলেজ ৰোমাঞ্চ'ৰ নিৰ্মাতা।ৱেব শৃংখলাটোৰ নিৰ্মাতা আৰু অভিনেতাসকলে অত্যাধিক অশালীন ভাষা ব্যৱহাৰ কৰাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ে তেওঁলোকক চোকা  সমালোচনা কৰিছে ৷টিভিএফ বা 'দ্য ভাইৰেল ফিভাৰ' হৈছে অ'টিটি প্লেটফৰ্মৰ অন্যতম প্ৰসিদ্ধ  কোম্পানী। টিভিএফ-প্ৰযোজিত ৱেব শৃংখলা 'কলেজ ৰোমাঞ্চ' ২০১৮  চনত মুক্তি দিয়া হৈছিল। 

ৱেব শৃংখলাটোৰ অভিনেতা-অভিনেত্ৰীসকলে  অত্যাধিক অশালীন ভাষা ব্যৱহাৰ কৰাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ৰ সমালোচনাৰ সন্মুখীন হৈছে। উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে মন্তব্য কৰিছে যে ৱেব শৃংখলাটোৰ ভাষা অতি অশালীন আৰু লেতেৰা, আৰু ই যুৱ প্ৰজন্মৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট আৰু অতিৰিক্ত সত্ৰ ন্যায়াধীশে দিল্লী আৰক্ষীক ২০১৮ ৰ ৱেব চিৰিজ 'কলেজ ৰোমাঞ্চ'ত অশ্লীল ভাষা ব্যৱহাৰ কৰাৰ অভিযোগত এখন এজাহাৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়ে। ৱেব চিৰিজৰ পৰিচালক চিমাৰপ্ৰীত সিং আৰু অভিনেতা অপুৰবা অৰোৰাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯২ আৰু ২৯৪ ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৭ আৰু ৬৭এ ধাৰাৰ অধীনত এখন এজাহাৰ দাখিলৰ  নিৰ্দেশ দিয়া হৈছে।

দিল্লীৰ আদালতৰ ন্যায়াধীশ স্বৰ্ণ কান্ত শৰ্মাই আদেশটো বাহাল  ৰাখিছে।বিচাৰকগৰাকীয়ে কয়  "এই ৱেব শৃংখলাত ব্যৱহৃত ভাষা কেতিয়াও দেশৰ যুৱ প্ৰজন্মৰ ভাষা হ'ব নোৱাৰে। এই ভাষাত ব্যৱহাৰ  কৰাটো ভাল নহয়’’। বিচাৰকগৰাকীয়ে লগতে  কয় যে ৱেব শৃংখলা 'কলেজ ৰোমাঞ্চ'ৰ ভাষা ইমানেই অশালীন যে আনৰ উপস্থিতিত তেওঁ আনকি তেওঁৰ কোঠাতো কাণত হেডফোন লৈ শুনিব লগা হৈছিল। ৱেব শৃংখলাত ব্যৱহৃত ভাষা সভ্য সমাজত ব্যৱহাৰৰ বাবে উপযুক্ত নহয়৷ যদি এনে ভাষা ব্যৱহাৰ হৈ থাকে, তেন্তে এদিন ই দেশৰ যুৱ প্ৰজন্মৰ সংস্কৃতি হৈ পৰিব। ''চিমাৰপ্ৰীত সিঙৰ ৱেব চিৰিজ 'কলেজ ৰোমাঞ্চ' ২০১৮ চনত মুক্তি পাইছিল। 'দ্য ভাইৰেল ফিভাৰ'ৰ দ্বাৰা প্ৰযোজিত, ৱেব শৃংখলাটো প্ৰথমতে ইউটিউবত আৰু পিছত টিভিএফপ্লেত মুকলি কৰা হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী