--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়া বিয়া পাতিব তেওঁ? ৫৩ বছৰ বয়সতো ৰাহুল গান্ধী যুৱকৰ দৰেই হৈ আছে। ৰাজনীতিৰ মাজতে তেওঁ বাৰে বাৰে বিবাহ সম্পৰ্কীয়  প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়। এইবাৰ ছোনিয়া গান্ধীয়েও এনে এটা প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হ’ল। হাৰিয়ানাৰ এগৰাকী মহিলা কৃষকে নিঃসংকোচে কংগ্ৰেছৰ সভাপতিক এনে ব্যক্তিগত প্ৰশ্ন সুধিলে।

শেহতীয়াকৈ হাৰিয়ানাৰ সোণেপাটৰ মহিলা কৃষকসকলে দিল্লীত ছোনিয়াৰ ঘৰলৈ গৈছিল। তাতে ছোনিয়া, ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়ে তেওঁলোকক লগ পাইছিল। সেই বৈঠকৰ বিভিন্ন অংশ কেমেৰাত বন্দী কৰা হৈছে। সেই ভিডিঅ’টোত ছোনিয়াৰ কাষত বহি থকা এগৰাকী মহিলা কৃষকে ৰাহুলৰ বিয়াৰ বিষয়টো উত্থাপন কৰিছে। প্ৰশ্নটো শুনি ছোনিয়াই লগে লগে উত্তৰ দিলে। তেওঁৰ উত্তৰত, "আপোনালোকে কইনা চাওকচোন!" দূৰৈত বহি থকা ৰাহুলৰ মুখত এটা লাজ লগা হাঁহি ফুটি উঠে।

৫৩ বছৰ বয়সতো ৰাহুলে বাৰে বাৰে ‘কেতিয়া বিয়া হ’ব’ এই প্ৰশ্নটো শুনিব লগা হয়। যোৱা মাহত পাটনাত বিৰোধী সভাত ৰাজনৈতিক আলোচনাৰ মাজতে হঠাৎ ৰাহুলক বিবাহৰ পৰামৰ্শ দিছিল আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱে। লালুৰ কথা শুনি বিৰোধীৰ বৈঠকৰ গুৰুতৰ পৰিৱেশ নিমিষতে সলনি হৈ গ’ল। লালুৱে ৰাহুলক ক'লে, "ৰাহুলজী, মোৰ কথা শুনা আৰু বিয়া কৰা। তেওঁ লগতে ক’লে, “তোমাৰ মায়ে মোক কৈছিল যে তুমি তাইৰ কথা নুশুনা। বিয়াৰ বাবে মোক পতিয়ন নিয়াবলৈ কৈছিল। বিয়া হ'লে আমি দৰাযাত্ৰী হম।''

ৰাহুলৰ বিয়াৰ কথা প্ৰায়ে চৰ্চা হয়। ‘ভাৰত যোৰো যাত্ৰা’ৰ সময়তো এই প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল ৰাহুলে। এই প্ৰশ্নটো শুনি ছোনিয়া-পুত্ৰই সদায় হাঁহিছিল। তেওঁ আকৌ এবাৰ কৈছে যে তেওঁৰ জীৱনত বিশেষ কোনো নাই। তেওঁ ক'লে, "মোৰ পছন্দৰ কইনা পালে বিয়া হ'ম।" এবাৰ কৈছিল, "মই এনে এগৰাকী নাৰীক বাছি লম, যাৰ মা (ছোনিয়া) আৰু আইতা (ইন্দিৰা গান্ধী) দুয়োৰে গুণ আছে। "

হাৰিয়ানাৰ মহিলা কৃষকৰ সৈতে কটোৱা মুহূৰ্তটোৰ বিষয়ে ৰাহুলে নিজেই টুইট কৰিছিল। তেওঁ এটা ভিডিঅ’ টুইট কৰে। সেই ভিডিঅ’টোত বিভিন্ন মুহূৰ্ত ধৰা পৰিছে। সেই মহিলাসকলে ৰাহুলক দেশী ঘিউ, লাচী, ঘৰতে বনোৱা আচাৰ দিছিল। এগৰাকী মহিলা কৃষকে ৰাহুলক খুৱাই থকা - এই দৃশ্যটোও ভিডিঅ'টোত ধৰা পৰিছে। তেওঁলোকৰ লগত জি এছ টি, মহিলা শক্তিৰ বিষয়েও কথা পাতিলে ৰাহুলে। পুনৰ ৰাহুলে কোৱা শুনা গ’ল- "দেশৰ মহিলাসকলে ভয় নোহোৱাকৈ জীয়াই থাকিব লাগে। " অৱশ্যে এই ভিডিঅ'টোত ৰাহুলৰ বিবাহ সম্পৰ্কে ছোনিয়াৰ প্ৰশ্নই সুকীয়াকৈ দৃষ্টি আকৰ্ষণ কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement