--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়া বিয়া পাতিব তেওঁ? ৫৩ বছৰ বয়সতো ৰাহুল গান্ধী যুৱকৰ দৰেই হৈ আছে। ৰাজনীতিৰ মাজতে তেওঁ বাৰে বাৰে বিবাহ সম্পৰ্কীয়  প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়। এইবাৰ ছোনিয়া গান্ধীয়েও এনে এটা প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হ’ল। হাৰিয়ানাৰ এগৰাকী মহিলা কৃষকে নিঃসংকোচে কংগ্ৰেছৰ সভাপতিক এনে ব্যক্তিগত প্ৰশ্ন সুধিলে।

শেহতীয়াকৈ হাৰিয়ানাৰ সোণেপাটৰ মহিলা কৃষকসকলে দিল্লীত ছোনিয়াৰ ঘৰলৈ গৈছিল। তাতে ছোনিয়া, ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়ে তেওঁলোকক লগ পাইছিল। সেই বৈঠকৰ বিভিন্ন অংশ কেমেৰাত বন্দী কৰা হৈছে। সেই ভিডিঅ’টোত ছোনিয়াৰ কাষত বহি থকা এগৰাকী মহিলা কৃষকে ৰাহুলৰ বিয়াৰ বিষয়টো উত্থাপন কৰিছে। প্ৰশ্নটো শুনি ছোনিয়াই লগে লগে উত্তৰ দিলে। তেওঁৰ উত্তৰত, "আপোনালোকে কইনা চাওকচোন!" দূৰৈত বহি থকা ৰাহুলৰ মুখত এটা লাজ লগা হাঁহি ফুটি উঠে।

৫৩ বছৰ বয়সতো ৰাহুলে বাৰে বাৰে ‘কেতিয়া বিয়া হ’ব’ এই প্ৰশ্নটো শুনিব লগা হয়। যোৱা মাহত পাটনাত বিৰোধী সভাত ৰাজনৈতিক আলোচনাৰ মাজতে হঠাৎ ৰাহুলক বিবাহৰ পৰামৰ্শ দিছিল আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱে। লালুৰ কথা শুনি বিৰোধীৰ বৈঠকৰ গুৰুতৰ পৰিৱেশ নিমিষতে সলনি হৈ গ’ল। লালুৱে ৰাহুলক ক'লে, "ৰাহুলজী, মোৰ কথা শুনা আৰু বিয়া কৰা। তেওঁ লগতে ক’লে, “তোমাৰ মায়ে মোক কৈছিল যে তুমি তাইৰ কথা নুশুনা। বিয়াৰ বাবে মোক পতিয়ন নিয়াবলৈ কৈছিল। বিয়া হ'লে আমি দৰাযাত্ৰী হম।''

ৰাহুলৰ বিয়াৰ কথা প্ৰায়ে চৰ্চা হয়। ‘ভাৰত যোৰো যাত্ৰা’ৰ সময়তো এই প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল ৰাহুলে। এই প্ৰশ্নটো শুনি ছোনিয়া-পুত্ৰই সদায় হাঁহিছিল। তেওঁ আকৌ এবাৰ কৈছে যে তেওঁৰ জীৱনত বিশেষ কোনো নাই। তেওঁ ক'লে, "মোৰ পছন্দৰ কইনা পালে বিয়া হ'ম।" এবাৰ কৈছিল, "মই এনে এগৰাকী নাৰীক বাছি লম, যাৰ মা (ছোনিয়া) আৰু আইতা (ইন্দিৰা গান্ধী) দুয়োৰে গুণ আছে। "

হাৰিয়ানাৰ মহিলা কৃষকৰ সৈতে কটোৱা মুহূৰ্তটোৰ বিষয়ে ৰাহুলে নিজেই টুইট কৰিছিল। তেওঁ এটা ভিডিঅ’ টুইট কৰে। সেই ভিডিঅ’টোত বিভিন্ন মুহূৰ্ত ধৰা পৰিছে। সেই মহিলাসকলে ৰাহুলক দেশী ঘিউ, লাচী, ঘৰতে বনোৱা আচাৰ দিছিল। এগৰাকী মহিলা কৃষকে ৰাহুলক খুৱাই থকা - এই দৃশ্যটোও ভিডিঅ'টোত ধৰা পৰিছে। তেওঁলোকৰ লগত জি এছ টি, মহিলা শক্তিৰ বিষয়েও কথা পাতিলে ৰাহুলে। পুনৰ ৰাহুলে কোৱা শুনা গ’ল- "দেশৰ মহিলাসকলে ভয় নোহোৱাকৈ জীয়াই থাকিব লাগে। " অৱশ্যে এই ভিডিঅ'টোত ৰাহুলৰ বিবাহ সম্পৰ্কে ছোনিয়াৰ প্ৰশ্নই সুকীয়াকৈ দৃষ্টি আকৰ্ষণ কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে