--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১০ বছৰৰ পাছত উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ এগৰাকী মহিলাৰ লগত এনে এটা ঘটনা ঘটিল, যিটো কোনো অলৌকিক ঘটনাৰ পৰা কম নহয়। মহিলাগৰাকীয়ে জিলা চিকিৎসালয়লৈ গৈ থাকোঁতে, ভিক্ষাৰী এজনক দেখা পালে। ভিক্ষাৰীজনক সাৱটি ধৰি তাই তিক্তভাৱে কান্দিবলৈ ধৰিলে। তাৰ পাছত ভিক্ষাৰীজনক ৰাস্তাৰ দাঁতিত বহিবলৈ দিয়াৰ পাছত কেতিয়াবা আদৰ কৰিছিল আৰু কেতিয়াবা চুলি আছুৰি কৰিছিল।শেষত সকলো ঘটনা বিৱৰণৰ পাছত গম পোৱা গ’ল যে ভিক্ষাৰীজন মহিলাগৰাকীৰ স্বামীৰ বাহিৰে আন কোনো নহয়৷

১০ বছৰৰ মূৰত বিচ্ছিন্ন স্বামীক বিচাৰি পাই আনন্দিত হৈ পৰে মহিলাগৰাকী।তেওঁৰ সুখেৰ চকুলো ওলাই আহিছিল। এতিয়া এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

দেৱকালী থানা এলেকাৰ অন্তৰ্গত সুখপুৰাৰ বাসিন্দা জানকী দেৱীৰ ২১ বছৰ পূৰ্বে মতিচন্দ্ৰ বাৰ্মা নামৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ পাছত মতিৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। ১০ বছৰ আগতে মতিয়ে কাকো খবৰ নিদিয়াকৈ ঘৰৰ পৰা ওলাই আহিছিল। পৰিয়ালৰ লোকে বহু বিচাৰ কৰিলেও একো সূংসূত্ৰ পোৱা নগ’ল।

শুকুৰবাৰে জিলা চিকিৎসালয়লৈ গৈ আছিল জানকী। তেতিয়া তেওঁৰ চকু এজন ভিক্ষাৰীৰ ওপৰত পৰিল। ভিক্ষাৰীজনক মহিলাগৰাকীৰ স্বামী বুলি চিনি পালে। কিন্তু তেওঁৰ চকুকেইটাক বিশ্বাস কৰিব পৰা নাছিল। তেওঁ মতিক সাৱটি ধৰি কান্দিবলৈ ধৰিলে। তাৰ পাছত ৰাস্তাৰ দাঁতিত বহিবলৈ দিলে। 

জানকীয়ে কান্দি কান্দি সন্তান আৰু পৰিয়ালক কয় যে মতি জীয়াই আছে আৰু পোৱা গৈছে। কিছু সময়ৰ পাছত পৰিয়ালৰ লোকসকলো আহিল। পুৰণি ফটোখনৰ লগত মিলাই কনফাৰ্ম কৰিলে। জানকীয়ে কয় যে ১০ বছৰৰ তপস্যাই ফল পাইছে। এইটো এটা অলৌকিকতাতকৈ কম নহয়। স্বামী হঠাৎ এনেদৰে আহিব বুলি তেওঁ কেতিয়াও ভবা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস