--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বাকী দুখন টেষ্ট আৰু এদিনীয়া দল ঘোষণা কৰিছে বিচিচিআইয়ে। প্ৰথমখন এদিনীয়া খেলৰ পৰা আঁতৰি থাকিব ৰোহিত শৰ্মাই। তেওঁ খেলিব নোৱাৰিব প্রথম এদিনীয়াত। তাৰ পৰিৱৰ্তে সেই মেচখনত নেতৃত্ব দিব টি-২০ দলৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে দ্বিতীয়খন টেষ্টত জয়লাভ কৰাৰ পিছতে বিচিচিআইয়ে এই দলটো ঘোষণা কৰে। এদিনীয়া শৃংখলাৰ ১৮ জনীয়া দলো ঘোষণা কৰা হৈছএ। ৰোহিত শৰ্মা দলৰ অধিনায়ক। সহ অধিনায়ক হাৰ্দিক পাণ্ডিয়া।

ইণ্ডিয়ান ক্ৰিকেট ব’ৰ্ডে কয় যে পাৰিবাৰিক কাৰণত ৰোহিতে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন এদিনীয়া খেলত খেলিব নোৱাৰিব। অৰ্থাৎ ৰোহিতৰ খেল চোৱাৰ পৰা বঞ্চিত হ’ব মুম্বাইবাসী। খেলখনত ৰোহিতৰ পৰিৱৰ্তে নেতৃত্ব দিব উপ-অধিনায়ক হাৰ্দিকে।

দলটোত ৭ জন বেটছমেন, চাৰিজন অল ৰাউণ্ডাৰ আৰু ৭জন বলাৰ আছে। বেটছমেনসকল হ’ল – ৰোহিত শৰ্মা, শুবমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, সূৰ্য্যকুমাৰ যাদৱ, লোকেশ ৰাহুল আৰু ঈশান কিষাণ। চাৰিজন অল ৰাউণ্ডাৰ হ'ল - হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ আৰু অক্ষৰ পেটেল। সাতজন বলাৰ হ’ল – কুলদীপ যাদৱ, যুজবেন্দ্ৰ চাহাল, মহম্মদ ছামি, মহম্মদ চিৰাজ, উমৰাণ মালিক, শাৰদুল ঠাকুৰ আৰু জয়দেৱ উনাদকট।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলা খেলিব ভাৰতে। ১৭ মাৰ্চত মুম্বাইত প্ৰথমখন খেল। ১৯ মাৰ্চত বিশাখাপট্টনমত অনুষ্ঠিত হ’ব দ্বিতীয়খন এদিনীয়া। শৃংখলাৰ অন্তিমখন খেল ২২ মাৰ্চত অনুষ্ঠিত হ’ব। সেই খেলখন হ’ব চেন্নাইত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু