--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বাকী দুখন টেষ্ট আৰু এদিনীয়া দল ঘোষণা কৰিছে বিচিচিআইয়ে। প্ৰথমখন এদিনীয়া খেলৰ পৰা আঁতৰি থাকিব ৰোহিত শৰ্মাই। তেওঁ খেলিব নোৱাৰিব প্রথম এদিনীয়াত। তাৰ পৰিৱৰ্তে সেই মেচখনত নেতৃত্ব দিব টি-২০ দলৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে দ্বিতীয়খন টেষ্টত জয়লাভ কৰাৰ পিছতে বিচিচিআইয়ে এই দলটো ঘোষণা কৰে। এদিনীয়া শৃংখলাৰ ১৮ জনীয়া দলো ঘোষণা কৰা হৈছএ। ৰোহিত শৰ্মা দলৰ অধিনায়ক। সহ অধিনায়ক হাৰ্দিক পাণ্ডিয়া।

ইণ্ডিয়ান ক্ৰিকেট ব’ৰ্ডে কয় যে পাৰিবাৰিক কাৰণত ৰোহিতে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন এদিনীয়া খেলত খেলিব নোৱাৰিব। অৰ্থাৎ ৰোহিতৰ খেল চোৱাৰ পৰা বঞ্চিত হ’ব মুম্বাইবাসী। খেলখনত ৰোহিতৰ পৰিৱৰ্তে নেতৃত্ব দিব উপ-অধিনায়ক হাৰ্দিকে।

দলটোত ৭ জন বেটছমেন, চাৰিজন অল ৰাউণ্ডাৰ আৰু ৭জন বলাৰ আছে। বেটছমেনসকল হ’ল – ৰোহিত শৰ্মা, শুবমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, সূৰ্য্যকুমাৰ যাদৱ, লোকেশ ৰাহুল আৰু ঈশান কিষাণ। চাৰিজন অল ৰাউণ্ডাৰ হ'ল - হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ আৰু অক্ষৰ পেটেল। সাতজন বলাৰ হ’ল – কুলদীপ যাদৱ, যুজবেন্দ্ৰ চাহাল, মহম্মদ ছামি, মহম্মদ চিৰাজ, উমৰাণ মালিক, শাৰদুল ঠাকুৰ আৰু জয়দেৱ উনাদকট।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলা খেলিব ভাৰতে। ১৭ মাৰ্চত মুম্বাইত প্ৰথমখন খেল। ১৯ মাৰ্চত বিশাখাপট্টনমত অনুষ্ঠিত হ’ব দ্বিতীয়খন এদিনীয়া। শৃংখলাৰ অন্তিমখন খেল ২২ মাৰ্চত অনুষ্ঠিত হ’ব। সেই খেলখন হ’ব চেন্নাইত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক