--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত পুনৰবাৰ সংঘটিত হৈছে হিংসাত্মক ঘটনা। মঙলবাৰে ৰাজ্যৰ ৰাজধানী ইম্ফলত দুজন যুৱকৰ হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীক আৰক্ষীয়ে লাঠিচালনা কৰে। ইয়াৰ বাবে ৩০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী আহত হৈছে।

দৰাচলতে জুলাই মাহত দুজন যুৱকক অপহৰণ কৰা হৈছিল। দুয়োগৰাকী শিক্ষাৰ্থীৰ নাম ফিজাম হেমজিৎ (২০) আৰু হিজাম লিন্থোইংগাম্বী (১৭)। শিক্ষাৰ্থী দুজনৰ মৃতদেহৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে।

সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি আৰক্ষীয়ে জনোৱা মতে, যেতিয়া নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীক মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ দিশে গতি কৰাত বাধা দিবলৈ চেষ্টা কৰিছিল তেতিয়া আৰক্ষীৰ সৈতে তেওঁলোক সংঘৰ্ষত লিপ্ত হয়। আহত প্ৰতিবাদকাৰী সকল বৰ্তমান বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

সোমবাৰে (২৫ ছেপ্টেম্বৰ) মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সচিবালয়ে এক বিবৃতিত কয় যে গোচৰটো তদন্তৰ বাবে চিবিআইক গতাই দিয়া হৈছে।বিবৃতিটোত কোৱা হৈছে যে ৰাজ্যৰ আৰক্ষীয়ে কেন্দ্ৰীয় নিৰাপত্তা সংস্থাৰ সহযোগত মৃতকৰ নিৰুদ্দেশৰ পৰিস্থিতিৰ বিষয়ে জানিবলৈ আৰু তেওঁলোকক হত্যা কৰা ষড়যন্ত্ৰকাৰীক চিনাক্ত কৰিবলৈ তদন্ত চলাই আছে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ নিৰাপত্তা বাহিনীয়েও তালাচী অভিযান আৰম্ভ কৰিছে।

সোমবাৰে নিশা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে নিৰুদ্দেশ হোৱা ছাত্ৰকেইজনৰ দুখন ছবি। ইয়াৰে এখন ফটোত দুজন অস্ত্ৰধাৰী লোকৰ সৈতে শিক্ষাৰ্থী দুজনক দেখা গৈছে আৰু আনখন ফটোত দুটা মৃতদেহ দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক