--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত পুনৰবাৰ সংঘটিত হৈছে হিংসাত্মক ঘটনা। মঙলবাৰে ৰাজ্যৰ ৰাজধানী ইম্ফলত দুজন যুৱকৰ হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীক আৰক্ষীয়ে লাঠিচালনা কৰে। ইয়াৰ বাবে ৩০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী আহত হৈছে।

দৰাচলতে জুলাই মাহত দুজন যুৱকক অপহৰণ কৰা হৈছিল। দুয়োগৰাকী শিক্ষাৰ্থীৰ নাম ফিজাম হেমজিৎ (২০) আৰু হিজাম লিন্থোইংগাম্বী (১৭)। শিক্ষাৰ্থী দুজনৰ মৃতদেহৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে।

সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি আৰক্ষীয়ে জনোৱা মতে, যেতিয়া নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীক মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ দিশে গতি কৰাত বাধা দিবলৈ চেষ্টা কৰিছিল তেতিয়া আৰক্ষীৰ সৈতে তেওঁলোক সংঘৰ্ষত লিপ্ত হয়। আহত প্ৰতিবাদকাৰী সকল বৰ্তমান বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

সোমবাৰে (২৫ ছেপ্টেম্বৰ) মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সচিবালয়ে এক বিবৃতিত কয় যে গোচৰটো তদন্তৰ বাবে চিবিআইক গতাই দিয়া হৈছে।বিবৃতিটোত কোৱা হৈছে যে ৰাজ্যৰ আৰক্ষীয়ে কেন্দ্ৰীয় নিৰাপত্তা সংস্থাৰ সহযোগত মৃতকৰ নিৰুদ্দেশৰ পৰিস্থিতিৰ বিষয়ে জানিবলৈ আৰু তেওঁলোকক হত্যা কৰা ষড়যন্ত্ৰকাৰীক চিনাক্ত কৰিবলৈ তদন্ত চলাই আছে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ নিৰাপত্তা বাহিনীয়েও তালাচী অভিযান আৰম্ভ কৰিছে।

সোমবাৰে নিশা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে নিৰুদ্দেশ হোৱা ছাত্ৰকেইজনৰ দুখন ছবি। ইয়াৰে এখন ফটোত দুজন অস্ত্ৰধাৰী লোকৰ সৈতে শিক্ষাৰ্থী দুজনক দেখা গৈছে আৰু আনখন ফটোত দুটা মৃতদেহ দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু