--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লালু প্ৰসাদ যাদৱ। নানান কেলেংকাৰীৰ সৈতে জৰিত হ’লেও যেন লালু প্ৰসাদৰ জনপ্ৰিয়তা কোনো গুণেই কমা নাই। আচলতে লালু প্ৰসাদৰ বিশেষ কথনভংগীৰ বাবেই নেতজান বহুতৰে মাজতে জনপ্ৰিয়। লালু প্ৰসাদ বুলি ক’লেই আমাৰ বহুতৰে চকুৰ সন্মুখত ভাঁহি উঠে কুৰ্তা-পায়জামা পিন্ধা লালুৰ এখন ছবি। কিন্তু লালুৱে কেতিয়াবা কুৰ্তা-পায়জামা এৰি বিলাতী লংপেণ্টো পিন্ধে।

 লালু প্ৰসাদে লংপেণ্ট পিন্ধা ছবি খুব কমেইহে দেখা যায়। শেহতীয়াকৈ চিকিৎসাৰ বাবে ছিংগাপুৰলৈ  যোৱা লালু যাদৱক তেওঁৰ কন্যা আৰু পৰিয়ালৰ আন সদস্যসকলৰ সৈতে অতি সুখী দেখা গৈছে। পিতৃৰ ফটো শ্বেয়াৰ কৰি জীয়ৰী ৰোহিনীয়ে লিখিছিল- 'সেই লোকসকল বহুত ভাগ্যৱান, যিসকলে  পিতৃৰ মৰম আৰু মাতৃৰ যত্ন লাভ কৰে। লালু যাদৱে  ছিংগাপুৰত সময় অতিবাহিত কৰিছে সেই বিষয়েও ৰোহিনীয়ে লিখিছে।আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ বৃক্ক সংৰোপণৰ বাবে ছিংগাপুৰলৈ গৈছে। 


তাত তেওঁৰ সৈতে  জীয়ৰী ৰোহিনী আচাৰ্যও আছে। ছ'চিয়েল মিডিয়াত অতি সক্ৰিয় তেওঁৰ জীয়ৰী ৰোহিনী আচাৰ্যই পিতৃ লালু যাদৱৰ ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰি নিৰন্তৰ আপডেট  দি আছে। প্ৰথমতে তেওঁ লালু যাদৱৰ ছিংগাপুৰত উপস্থিত হোৱাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল। পৰৱৰ্তী টুইটটোত  তেওঁ লালু যাদৱৰ ঘৰত জিৰণি লোৱা আৰু তাৰ পিছত পৰৱৰ্তী পোষ্টত সাগৰৰ পাৰত আৰামদায়ক মুহূৰ্ত উপভোগ কৰাৰ ফটো পোষ্ট কৰিছিল। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সময়ত লালু যাদৱক বহুত সুখী দেখা গৈছে।
 ছবিত লালু যাদৱে ছিংগাপুৰৰ সাগৰৰ পাৰত খোজকাঢ়ি থকাও দেখা গৈছে।

 ছিংগাপুৰত বাস কৰা তেওঁৰ জীয়ৰী ৰোহিনী আচাৰ্যৰ উপৰি ডাঙৰ জীয়ৰী মিছা ভাৰতীকো ছবিত দেখা গৈছে। মিছা ভাৰতী আৰজেডিৰ ৰাজ্যসভাৰ সাংসদ আৰু তেওঁ  দেউতাকৰ সৈতে ছিংগাপুৰলৈ গৈছে।  লালু যাদৱৰ নাতি-নাতিনীকো ছবিত দেখা গৈছে।লালু প্ৰসাদ যাদৱ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে। তেওঁৰ বৃক্ক সংৰোপণ কৰিব লাগিব, যাৰ বাবে তেওঁ  ছিংগাপুৰলৈ গৈছে।  ছিংগাপুৰলৈ যোৱাৰ বাবে তেওঁ আদালতৰ পৰা অনুমতি বিচাৰিছিল।  আদালতৰ নিৰ্দেশৰ পিছত লালু যাদৱ ছিংগাপুৰলৈ গৈছে।  আৰজেডিৰ মুৰব্বীজন প্ৰায় ১৬ টা ৰোগত ভুগি আছে। লালুক কেইবাদিনো দিল্লী এইমছত ভৰ্তি কৰি ৰখা  হৈছিল। লালুৰ পৰিয়ালৰ মতে, তেওঁ চিকিৎসাৰ বাবে ছিংগাপুৰত দীঘলীয়া সময় থাকিবলগীয়া হ’ব  পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু