--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লালু প্ৰসাদ যাদৱ। নানান কেলেংকাৰীৰ সৈতে জৰিত হ’লেও যেন লালু প্ৰসাদৰ জনপ্ৰিয়তা কোনো গুণেই কমা নাই। আচলতে লালু প্ৰসাদৰ বিশেষ কথনভংগীৰ বাবেই নেতজান বহুতৰে মাজতে জনপ্ৰিয়। লালু প্ৰসাদ বুলি ক’লেই আমাৰ বহুতৰে চকুৰ সন্মুখত ভাঁহি উঠে কুৰ্তা-পায়জামা পিন্ধা লালুৰ এখন ছবি। কিন্তু লালুৱে কেতিয়াবা কুৰ্তা-পায়জামা এৰি বিলাতী লংপেণ্টো পিন্ধে।

 লালু প্ৰসাদে লংপেণ্ট পিন্ধা ছবি খুব কমেইহে দেখা যায়। শেহতীয়াকৈ চিকিৎসাৰ বাবে ছিংগাপুৰলৈ  যোৱা লালু যাদৱক তেওঁৰ কন্যা আৰু পৰিয়ালৰ আন সদস্যসকলৰ সৈতে অতি সুখী দেখা গৈছে। পিতৃৰ ফটো শ্বেয়াৰ কৰি জীয়ৰী ৰোহিনীয়ে লিখিছিল- 'সেই লোকসকল বহুত ভাগ্যৱান, যিসকলে  পিতৃৰ মৰম আৰু মাতৃৰ যত্ন লাভ কৰে। লালু যাদৱে  ছিংগাপুৰত সময় অতিবাহিত কৰিছে সেই বিষয়েও ৰোহিনীয়ে লিখিছে।আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ বৃক্ক সংৰোপণৰ বাবে ছিংগাপুৰলৈ গৈছে। 


তাত তেওঁৰ সৈতে  জীয়ৰী ৰোহিনী আচাৰ্যও আছে। ছ'চিয়েল মিডিয়াত অতি সক্ৰিয় তেওঁৰ জীয়ৰী ৰোহিনী আচাৰ্যই পিতৃ লালু যাদৱৰ ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰি নিৰন্তৰ আপডেট  দি আছে। প্ৰথমতে তেওঁ লালু যাদৱৰ ছিংগাপুৰত উপস্থিত হোৱাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল। পৰৱৰ্তী টুইটটোত  তেওঁ লালু যাদৱৰ ঘৰত জিৰণি লোৱা আৰু তাৰ পিছত পৰৱৰ্তী পোষ্টত সাগৰৰ পাৰত আৰামদায়ক মুহূৰ্ত উপভোগ কৰাৰ ফটো পোষ্ট কৰিছিল। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সময়ত লালু যাদৱক বহুত সুখী দেখা গৈছে।
 ছবিত লালু যাদৱে ছিংগাপুৰৰ সাগৰৰ পাৰত খোজকাঢ়ি থকাও দেখা গৈছে।

 ছিংগাপুৰত বাস কৰা তেওঁৰ জীয়ৰী ৰোহিনী আচাৰ্যৰ উপৰি ডাঙৰ জীয়ৰী মিছা ভাৰতীকো ছবিত দেখা গৈছে। মিছা ভাৰতী আৰজেডিৰ ৰাজ্যসভাৰ সাংসদ আৰু তেওঁ  দেউতাকৰ সৈতে ছিংগাপুৰলৈ গৈছে।  লালু যাদৱৰ নাতি-নাতিনীকো ছবিত দেখা গৈছে।লালু প্ৰসাদ যাদৱ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে। তেওঁৰ বৃক্ক সংৰোপণ কৰিব লাগিব, যাৰ বাবে তেওঁ  ছিংগাপুৰলৈ গৈছে।  ছিংগাপুৰলৈ যোৱাৰ বাবে তেওঁ আদালতৰ পৰা অনুমতি বিচাৰিছিল।  আদালতৰ নিৰ্দেশৰ পিছত লালু যাদৱ ছিংগাপুৰলৈ গৈছে।  আৰজেডিৰ মুৰব্বীজন প্ৰায় ১৬ টা ৰোগত ভুগি আছে। লালুক কেইবাদিনো দিল্লী এইমছত ভৰ্তি কৰি ৰখা  হৈছিল। লালুৰ পৰিয়ালৰ মতে, তেওঁ চিকিৎসাৰ বাবে ছিংগাপুৰত দীঘলীয়া সময় থাকিবলগীয়া হ’ব  পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক