--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুখ দাড়িৰে ভৰি আছে তেওঁৰ। কিন্তু কেতিয়াও    দাড়ি আৰু গোঁফ নকটায়  এইগৰাকী মহিলাই। এমুখ দাড়িৰে সকলো ঠাইতে ঘূৰি ফুৰাৰ বাবে মহিলাগৰাকীক লৈ বহুতে নানান ধৰণৰ আলোচনাও কৰা দেখা গৈছে।৪০ বছৰীয়া মহিলাগৰাকীয়ে কৈছে যে তেওঁ সৰুতে ডিম্বাশয়ৰ পলিচিষ্টিক  ৰোগত  আক্ৰান্ত হৈছিল। এই ৰোগৰ বাবেই পুৰুষৰ দৰে তেওঁৰ মুখত দাড়ি-গোঁফ গজিবলৈ  আৰম্ভ কৰিছিল। 

পুৰুষ হৰমন এণ্ড্ৰোজেনৰ বিকাশে চুলিৰ বিকাশ বৃদ্ধি কৰে। সেই হৰমনৰ আধিক্যৰ বাবেই মহিলাগৰাকীৰ মুখত দাড়ি আৰু গোঁফ গজিবলৈ ধৰে। প্ৰথমতে তেওঁ কথাটোকলৈ লাজ পাইছিল, কিন্তু এতিয়া সকলো সহজ হৈ পৰিছে।

মহিলাগৰাকীক ছ’চিয়েল মিডিয়াত বহুতে ট্ৰল কৰিছে। মহিলাগৰাকীয়ে তেনে  ট্ৰ'লটোৰ উপযুক্ত প্ৰত্যুত্তৰো দিছে। পুৰুষৰ দৰে, তেওঁৰো দাড়ি আৰু গোঁফ আছে। তেওঁ কৈছে যে তেওঁ  কেতিয়াও সেয়া নকটায়। মানুহে তেওঁৰ বিষয়ে কি ভাবে সেয়া তেওঁৰ বাবে গুৰুত্বপূৰ্ণ বিশয় নহয়। মহিলাগৰাকীয়ে দাড়ি আৰু গোঁফক তেওঁৰ ব্যক্তিত্বৰ অংশ হিচাপে বিবেচনা কৰে।

মহিলাগৰাকীৰ নাম লাৰে পাৰ্কিন্স। পাৰ্কিন্স আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ বাসিন্দা। তেওঁৰ দাড়ি আৰু গোঁফ তেওঁৰ মুখত পুৰুষৰ মুখত গজাৰ দৰেই গজিছে আৰু  বাঢ়ি গৈ আছে। যাৰ বাবে মানুহে তেওঁক ট্ৰ'ল কৰে। 

তেওঁ কয় যে মহিলাৰ দাড়ি আৰু গোঁফ স্বাভাৱিক নহয়, কিন্তু যদি এগৰাকী মহিলাৰ ক্ষেত্ৰত সেয়া ঘটে তেন্তে তেনে মহিলাই সন্মান পাব লাগে। 

পাৰ্কিন্সে কয়  যে মই নিজকে ভাল পাবলৈ শিকিছোঁ।  আন কোনেও তেওঁৰ বিচাৰক হ'ব নালাগে বুলি তেওঁ স্পষ্ট কৰি দিছে। 

লাৰে পাৰ্কিন্সে কয়  যে তেওঁ সৰুতে পলিচিষ্টিক ডিম্বাশয় ৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁৰ এনে অৱস্থা হৈছে। ইয়াৰ বাবে তেওঁ দায়ী নহয়। এই ৰোগক  সাধাৰণ ভাষাত পিচিঅ'এছ বুলি কোৱা হয়। এই ৰোগৰ বাবে পুৰুষৰ দৰে তেওঁৰ মুখত দাড়ি-গোঁফ গজিবলৈ  আৰম্ভ কৰিছিল। 
দাড়ি আৰু গোঁফৰ বাবে পাৰ্কিন্সে সৰুৰে পৰা বহুত কষ্ট ভোগ কৰিব লগা হৈছিল।  পাৰ্কিন্সে নিজৰ কাপোৰৰ ব্ৰেণ্ড মুকলি কৰিছে। ইয়াৰ জৰিয়তে, তেওঁ  মহিলাসকলক অৰ্থনৈতিকভাবে শক্তিশালী কৰিব বিচাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ