--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুখ দাড়িৰে ভৰি আছে তেওঁৰ। কিন্তু কেতিয়াও    দাড়ি আৰু গোঁফ নকটায়  এইগৰাকী মহিলাই। এমুখ দাড়িৰে সকলো ঠাইতে ঘূৰি ফুৰাৰ বাবে মহিলাগৰাকীক লৈ বহুতে নানান ধৰণৰ আলোচনাও কৰা দেখা গৈছে।৪০ বছৰীয়া মহিলাগৰাকীয়ে কৈছে যে তেওঁ সৰুতে ডিম্বাশয়ৰ পলিচিষ্টিক  ৰোগত  আক্ৰান্ত হৈছিল। এই ৰোগৰ বাবেই পুৰুষৰ দৰে তেওঁৰ মুখত দাড়ি-গোঁফ গজিবলৈ  আৰম্ভ কৰিছিল। 

পুৰুষ হৰমন এণ্ড্ৰোজেনৰ বিকাশে চুলিৰ বিকাশ বৃদ্ধি কৰে। সেই হৰমনৰ আধিক্যৰ বাবেই মহিলাগৰাকীৰ মুখত দাড়ি আৰু গোঁফ গজিবলৈ ধৰে। প্ৰথমতে তেওঁ কথাটোকলৈ লাজ পাইছিল, কিন্তু এতিয়া সকলো সহজ হৈ পৰিছে।

মহিলাগৰাকীক ছ’চিয়েল মিডিয়াত বহুতে ট্ৰল কৰিছে। মহিলাগৰাকীয়ে তেনে  ট্ৰ'লটোৰ উপযুক্ত প্ৰত্যুত্তৰো দিছে। পুৰুষৰ দৰে, তেওঁৰো দাড়ি আৰু গোঁফ আছে। তেওঁ কৈছে যে তেওঁ  কেতিয়াও সেয়া নকটায়। মানুহে তেওঁৰ বিষয়ে কি ভাবে সেয়া তেওঁৰ বাবে গুৰুত্বপূৰ্ণ বিশয় নহয়। মহিলাগৰাকীয়ে দাড়ি আৰু গোঁফক তেওঁৰ ব্যক্তিত্বৰ অংশ হিচাপে বিবেচনা কৰে।

মহিলাগৰাকীৰ নাম লাৰে পাৰ্কিন্স। পাৰ্কিন্স আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ বাসিন্দা। তেওঁৰ দাড়ি আৰু গোঁফ তেওঁৰ মুখত পুৰুষৰ মুখত গজাৰ দৰেই গজিছে আৰু  বাঢ়ি গৈ আছে। যাৰ বাবে মানুহে তেওঁক ট্ৰ'ল কৰে। 

তেওঁ কয় যে মহিলাৰ দাড়ি আৰু গোঁফ স্বাভাৱিক নহয়, কিন্তু যদি এগৰাকী মহিলাৰ ক্ষেত্ৰত সেয়া ঘটে তেন্তে তেনে মহিলাই সন্মান পাব লাগে। 

পাৰ্কিন্সে কয়  যে মই নিজকে ভাল পাবলৈ শিকিছোঁ।  আন কোনেও তেওঁৰ বিচাৰক হ'ব নালাগে বুলি তেওঁ স্পষ্ট কৰি দিছে। 

লাৰে পাৰ্কিন্সে কয়  যে তেওঁ সৰুতে পলিচিষ্টিক ডিম্বাশয় ৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁৰ এনে অৱস্থা হৈছে। ইয়াৰ বাবে তেওঁ দায়ী নহয়। এই ৰোগক  সাধাৰণ ভাষাত পিচিঅ'এছ বুলি কোৱা হয়। এই ৰোগৰ বাবে পুৰুষৰ দৰে তেওঁৰ মুখত দাড়ি-গোঁফ গজিবলৈ  আৰম্ভ কৰিছিল। 
দাড়ি আৰু গোঁফৰ বাবে পাৰ্কিন্সে সৰুৰে পৰা বহুত কষ্ট ভোগ কৰিব লগা হৈছিল।  পাৰ্কিন্সে নিজৰ কাপোৰৰ ব্ৰেণ্ড মুকলি কৰিছে। ইয়াৰ জৰিয়তে, তেওঁ  মহিলাসকলক অৰ্থনৈতিকভাবে শক্তিশালী কৰিব বিচাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক