--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ক্ৰিকেটৰ যাদুৰে দৰ্শকক মোহাচ্ছন্ন কৰি ৰখা দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ ডেভিদ মিলাৰক সকলোৱে জানে৷ কিন্তু এইবাৰ খেলপথাৰৰ যুঁজত নমাৰ পূৰ্বে আন এখন মানসিক  যুঁজৰহে দেওনা পাৰ হ’বলগীয়া  হ’ল জনপ্ৰিয় ক্ৰিকেটাৰজন৷ 

বহুতৰে প্ৰিয় ক্ৰিকেটাৰজনে মাত্ৰ কেইদিনমান আগতে হেৰুৱাইছে  নিজৰ কণমানি অনুৰাগীক৷ 
আজি ৰাঁচী খেলপথাৰত টীম ইণ্ডিয়াৰ মুখামুখি হোৱাৰ পূৰ্বে নিচেই কম বয়সতে পৃথিৱীৰ পৰা মেলানিমগা অনুৰাগীগৰাকীক সুঁৱৰি ডেভিদ মিলাৰে ছ’চিয়েল মিডিয়াত লিখিলে এক আৱেগিক প’ষ্ট৷ 

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল মিলাৰৰ অনুৰাগী গৰাকী ৷অনুৰাগী গৰাকীক  যিকোনো প্ৰকাৰে সুস্থ কৰি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছিল আফ্ৰিকান ক্ৰিকেটাৰজনে৷ কিন্তু উন্নত পৰ্যায়ৰ চিকিৎসা লাভ কৰাৰ পিছতো নিয়তিৰ ওচৰত হাৰ মানিলে ডেভিদ মিলাৰৰ কণমানি অনুৰাগী গৰাকীয়ে৷ 

মৃত কন্যাক ইনষ্ট্ৰাগ্ৰামৰ প’ষ্টত ৰকষ্টাৰ বুলি অভিহিত কৰিলে ক্ৰিকেটাৰজনে৷ কেন্সাৰৰ বিৰুদ্ধে সাহসৰে যুঁজাৰ বাবে কণমানিজনীক প্ৰশংসাও কৰিলে ডেভিদ মিলাৰে৷ তেওঁৰ  প্ৰতি থকা ডেভিদ মিলাৰৰ আকুলতা  এই প’ষ্টটোৰ জৰিয়তেই স্পষ্ট হৈ পৰিছে৷ আৰু এতিয়া সেই দুৰ্ভগীয়া কণমানিজনীৰ মৃত্যুৰ দুখত ম্ৰিয়মাণ হৈ পৰিছে সমগ্ৰ বিশ্বৰ ক্ৰিকেটপ্ৰেমী ৰাইজ৷ 

আনকি সেই অনুৰাগী গৰাকীৰ  সৈতে এটি ভিডিঅ’ও সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ক্ৰিকেটাৰজনে৷ ভিডিঅ’টোত দুয়োৰে  মাজত থকা নিবিড় সম্পৰ্কৰ প্ৰতিচ্ছবি দেখা গৈছে৷ আনকি ক্ৰিকেটাৰৰ দৰে সাজসজ্জাতো দেখা গৈছিল কণমানিগৰাকীক৷এতিয়া  সমগ্ৰ বিশ্ববাসীয়ে প্ৰাৰ্থনা কৰিছে , সৰগত সুখেৰে থাকক ডেভিদ মিলাৰৰ ৰকষ্টাৰ অনুৰাগীগৰাকী৷  









FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক