--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ক্ৰিকেটৰ যাদুৰে দৰ্শকক মোহাচ্ছন্ন কৰি ৰখা দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ ডেভিদ মিলাৰক সকলোৱে জানে৷ কিন্তু এইবাৰ খেলপথাৰৰ যুঁজত নমাৰ পূৰ্বে আন এখন মানসিক  যুঁজৰহে দেওনা পাৰ হ’বলগীয়া  হ’ল জনপ্ৰিয় ক্ৰিকেটাৰজন৷ 

বহুতৰে প্ৰিয় ক্ৰিকেটাৰজনে মাত্ৰ কেইদিনমান আগতে হেৰুৱাইছে  নিজৰ কণমানি অনুৰাগীক৷ 
আজি ৰাঁচী খেলপথাৰত টীম ইণ্ডিয়াৰ মুখামুখি হোৱাৰ পূৰ্বে নিচেই কম বয়সতে পৃথিৱীৰ পৰা মেলানিমগা অনুৰাগীগৰাকীক সুঁৱৰি ডেভিদ মিলাৰে ছ’চিয়েল মিডিয়াত লিখিলে এক আৱেগিক প’ষ্ট৷ 

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল মিলাৰৰ অনুৰাগী গৰাকী ৷অনুৰাগী গৰাকীক  যিকোনো প্ৰকাৰে সুস্থ কৰি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছিল আফ্ৰিকান ক্ৰিকেটাৰজনে৷ কিন্তু উন্নত পৰ্যায়ৰ চিকিৎসা লাভ কৰাৰ পিছতো নিয়তিৰ ওচৰত হাৰ মানিলে ডেভিদ মিলাৰৰ কণমানি অনুৰাগী গৰাকীয়ে৷ 

মৃত কন্যাক ইনষ্ট্ৰাগ্ৰামৰ প’ষ্টত ৰকষ্টাৰ বুলি অভিহিত কৰিলে ক্ৰিকেটাৰজনে৷ কেন্সাৰৰ বিৰুদ্ধে সাহসৰে যুঁজাৰ বাবে কণমানিজনীক প্ৰশংসাও কৰিলে ডেভিদ মিলাৰে৷ তেওঁৰ  প্ৰতি থকা ডেভিদ মিলাৰৰ আকুলতা  এই প’ষ্টটোৰ জৰিয়তেই স্পষ্ট হৈ পৰিছে৷ আৰু এতিয়া সেই দুৰ্ভগীয়া কণমানিজনীৰ মৃত্যুৰ দুখত ম্ৰিয়মাণ হৈ পৰিছে সমগ্ৰ বিশ্বৰ ক্ৰিকেটপ্ৰেমী ৰাইজ৷ 

আনকি সেই অনুৰাগী গৰাকীৰ  সৈতে এটি ভিডিঅ’ও সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ক্ৰিকেটাৰজনে৷ ভিডিঅ’টোত দুয়োৰে  মাজত থকা নিবিড় সম্পৰ্কৰ প্ৰতিচ্ছবি দেখা গৈছে৷ আনকি ক্ৰিকেটাৰৰ দৰে সাজসজ্জাতো দেখা গৈছিল কণমানিগৰাকীক৷এতিয়া  সমগ্ৰ বিশ্ববাসীয়ে প্ৰাৰ্থনা কৰিছে , সৰগত সুখেৰে থাকক ডেভিদ মিলাৰৰ ৰকষ্টাৰ অনুৰাগীগৰাকী৷  









FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ