--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাজাৰ হাজাৰ বছৰ পূৰ্বেই চাণক্যই মানুহক নানান বিষয়ত সতৰ্ক কৰি গৈছে। তেওঁৰ মতে  কেতবোৰ বস্তুক বিশ্বাসত নলবলৈ পৰামৰ্শ দি গৈছে। সেইবোৰ হ'ল— নখযুক্ত হিংস্র পশু, শিংযুক্ত পশু, অস্ত্ৰধাৰী ৰজাৰ কৰ্মচাৰী, নদী, স্ত্ৰী, ৰজা আৰু ৰাজকুলৰ কৰ্মচাৰী। নখযুক্ত হিংস্র পশু যেনে বাঘ, সিংহ আদিয়ে কোন মুহূৰ্তত মানুহক আক্ৰমণ কৰে তাৰ কোনো নিশ্চয়তা নাই। এনে নখ-দন্তযুক্ত প্ৰাণীক বিশ্বাসত লোৱা মানে নিজৰ বিপদ নিজে মাতি অনা হ'ব।

চাণক্যৰ মতে নদীকো বিশ্বাস কৰিব নালাগে। কাৰণ শান্ত নদীয়ে হঠাতে অশান্ত ৰূপ ধাৰণ কৰি মানুহৰ মৃত্যু মাতি আনিব পাৰে। শিং যুক্ত প্ৰাণী, ঘৰচীয়াই হওক বা বনৰীয়াই হওক কেতিয়াও বিশ্বাস কৰিব নালাগে। কিয়নো এনে প্রাণীয়ে হঠাতে আক্ৰমণ কৰিব পাৰে। অস্ত্ৰধাৰী ৰাজ কৰ্মচাৰীৰো কোনো বিশ্বাস নাই। অস্ত্ৰধাৰী ৰাজ কৰ্মচাৰীয়ে তেওঁ যাক নিৰাপত্তা দি গৈছে তেওঁকেই হত্যা কৰিব পাৰে।

 আমাৰ ভাৰতবৰ্ষতেই ইন্দিৰা গান্ধীৰ হত্যাই এই কথাৰ প্রমাণ দাঙি ধৰে। স্ত্রীকো বিশ্বাস কৰিবলৈ মানা কৰিছে চাণক্যই। চাণক্যৰ মতে স্ত্ৰীৰ মন বুজা অতি টান। সেয়ে স্ত্রীয়ে কেতিয়া বিপদ ঘটায় তাৰ ঠিক নাই। ৰজাক আৰু ৰাজকুলৰ কৰ্মচাৰীকো বিশ্বাস কৰিবলৈ মানা কৰিছে চাণক্যই। কিয়নো সাধাৰণ কথাতে ৰজা অথবা ৰাজকুলৰ কৰ্মচাৰীয়ে মানুহৰ ভুল ধৰি কঠোৰ শাস্তি বিহিব পাৰে।সেয়ে এনেবোৰ বিষয়ত সাৱধান হ’ব লাগে বুলি চাণক্যই কৈছে। অৱশ্যে চাণক্যৰ নীতি মনা-নমনাটো নিজৰ কথা। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান