--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাজাৰ হাজাৰ বছৰ পূৰ্বেই চাণক্যই মানুহক নানান বিষয়ত সতৰ্ক কৰি গৈছে। তেওঁৰ মতে  কেতবোৰ বস্তুক বিশ্বাসত নলবলৈ পৰামৰ্শ দি গৈছে। সেইবোৰ হ'ল— নখযুক্ত হিংস্র পশু, শিংযুক্ত পশু, অস্ত্ৰধাৰী ৰজাৰ কৰ্মচাৰী, নদী, স্ত্ৰী, ৰজা আৰু ৰাজকুলৰ কৰ্মচাৰী। নখযুক্ত হিংস্র পশু যেনে বাঘ, সিংহ আদিয়ে কোন মুহূৰ্তত মানুহক আক্ৰমণ কৰে তাৰ কোনো নিশ্চয়তা নাই। এনে নখ-দন্তযুক্ত প্ৰাণীক বিশ্বাসত লোৱা মানে নিজৰ বিপদ নিজে মাতি অনা হ'ব।

চাণক্যৰ মতে নদীকো বিশ্বাস কৰিব নালাগে। কাৰণ শান্ত নদীয়ে হঠাতে অশান্ত ৰূপ ধাৰণ কৰি মানুহৰ মৃত্যু মাতি আনিব পাৰে। শিং যুক্ত প্ৰাণী, ঘৰচীয়াই হওক বা বনৰীয়াই হওক কেতিয়াও বিশ্বাস কৰিব নালাগে। কিয়নো এনে প্রাণীয়ে হঠাতে আক্ৰমণ কৰিব পাৰে। অস্ত্ৰধাৰী ৰাজ কৰ্মচাৰীৰো কোনো বিশ্বাস নাই। অস্ত্ৰধাৰী ৰাজ কৰ্মচাৰীয়ে তেওঁ যাক নিৰাপত্তা দি গৈছে তেওঁকেই হত্যা কৰিব পাৰে।

 আমাৰ ভাৰতবৰ্ষতেই ইন্দিৰা গান্ধীৰ হত্যাই এই কথাৰ প্রমাণ দাঙি ধৰে। স্ত্রীকো বিশ্বাস কৰিবলৈ মানা কৰিছে চাণক্যই। চাণক্যৰ মতে স্ত্ৰীৰ মন বুজা অতি টান। সেয়ে স্ত্রীয়ে কেতিয়া বিপদ ঘটায় তাৰ ঠিক নাই। ৰজাক আৰু ৰাজকুলৰ কৰ্মচাৰীকো বিশ্বাস কৰিবলৈ মানা কৰিছে চাণক্যই। কিয়নো সাধাৰণ কথাতে ৰজা অথবা ৰাজকুলৰ কৰ্মচাৰীয়ে মানুহৰ ভুল ধৰি কঠোৰ শাস্তি বিহিব পাৰে।সেয়ে এনেবোৰ বিষয়ত সাৱধান হ’ব লাগে বুলি চাণক্যই কৈছে। অৱশ্যে চাণক্যৰ নীতি মনা-নমনাটো নিজৰ কথা। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস