--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : পৃথিৱী ক’ৰপৰা ক’লৈ গৈ পাইছে! মহাকাশলৈ উৰা মৰা আমাৰ নাৰীয়ে সকলোকে গৰ্বিত কৰি তুলিছে। তাৰ পাছতো একাংশ লোকৰ ৰক্ষণশীলতাই সমাজখনক আজিও একপ্ৰকাৰ চেপি-খুন্দি নিঃশেষ কৰাৰ উপক্ৰম কৰি আহিছে। এইবাৰ অপৰাধৰ ৰম্যভূমি উত্তৰ প্ৰদেশত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ মৃতদেহ এখন দলঙত ওলমি থকাৰ দৃশ্য দৃষ্টিগোচৰ হোৱাৰ পাছত সৃষ্টি হৈছে চাঞ্চল্যৰ। ৰাজ্যখনৰ দেৱৰীয়া জিলাত এই ঘটনা সংঘটিত হৈছে।

সোমবাৰে বিয়লি বা মঙলবাৰে নিশাৰ ভাগত সংঘটিত এই ঘটনাৰ কথা পলমকৈ পোহৰলৈ আহে। অভিযোগ অনুসৰি কিশোৰীগৰাকীৰ ককাক আৰু তেওঁৰ দুজন খুড়াকে তেওঁক হত্যা কৰি মৃতদেহটো দলঙখনৰ পৰা পেলাই দিয়াৰ চেষ্টা কৰিছিল। কিন্তু মৃতদেহটো দলঙৰ ৰেলিঙত লাগি ওলমি ৰয়। আৰক্ষীয়ে কিশোৰীগৰাকীক হত্যা কৰাৰ কাৰণ সন্দৰ্ভত কোনো কথা ৰাজহুৱা কৰা নাই যদিও তেওঁৰ এগৰাকী খুৰীয়েকে প্ৰকাশ কৰিছে যে, কিশোৰীগৰাকীৰ লাইফষ্টাইলক লৈ তেওঁৰ খুড়াক আৰু পৰিয়ালৰ আন সদস্যসকলৰ আপত্তি আছিল।

কিশোৰীগৰাকীৰ মাকে কৰা অভিযোগ অনুসৰি কিশোৰীগৰকীয়ে জিনছ পেণ্ট পৰিধান কৰা বাবেই অতি নিৰ্মমভাৱে তাইক মাৰ-ধৰ কৰিছিল খুৰাক আৰু ককাকে। অতি বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ পৰা কিশোৰীগৰাকীক পাছত হাস্পতাললৈ লৈ যাওঁ বুলি তেওঁলোকে ঘৰৰ পৰা লৈ যায় আৰু পাছত দলঙৰ পৰা পেলাই দিয়ে। কিশোৰীগৰাকীৰ পিতৃ পঞ্জাৱত কৰ্মৰত এজন প্ৰব্ৰজিত শ্ৰমিক। এই ঘটনাই আমাৰ সমাজৰ একাংশ লোকৰ ৰক্ষণশীল চৰিত্ৰ তথা বিপদজনক মানসিকতা আজিও চিন্তাৰ কাৰণ হৈ ৰৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু