--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : পৃথিৱী ক’ৰপৰা ক’লৈ গৈ পাইছে! মহাকাশলৈ উৰা মৰা আমাৰ নাৰীয়ে সকলোকে গৰ্বিত কৰি তুলিছে। তাৰ পাছতো একাংশ লোকৰ ৰক্ষণশীলতাই সমাজখনক আজিও একপ্ৰকাৰ চেপি-খুন্দি নিঃশেষ কৰাৰ উপক্ৰম কৰি আহিছে। এইবাৰ অপৰাধৰ ৰম্যভূমি উত্তৰ প্ৰদেশত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ মৃতদেহ এখন দলঙত ওলমি থকাৰ দৃশ্য দৃষ্টিগোচৰ হোৱাৰ পাছত সৃষ্টি হৈছে চাঞ্চল্যৰ। ৰাজ্যখনৰ দেৱৰীয়া জিলাত এই ঘটনা সংঘটিত হৈছে।

সোমবাৰে বিয়লি বা মঙলবাৰে নিশাৰ ভাগত সংঘটিত এই ঘটনাৰ কথা পলমকৈ পোহৰলৈ আহে। অভিযোগ অনুসৰি কিশোৰীগৰাকীৰ ককাক আৰু তেওঁৰ দুজন খুড়াকে তেওঁক হত্যা কৰি মৃতদেহটো দলঙখনৰ পৰা পেলাই দিয়াৰ চেষ্টা কৰিছিল। কিন্তু মৃতদেহটো দলঙৰ ৰেলিঙত লাগি ওলমি ৰয়। আৰক্ষীয়ে কিশোৰীগৰাকীক হত্যা কৰাৰ কাৰণ সন্দৰ্ভত কোনো কথা ৰাজহুৱা কৰা নাই যদিও তেওঁৰ এগৰাকী খুৰীয়েকে প্ৰকাশ কৰিছে যে, কিশোৰীগৰাকীৰ লাইফষ্টাইলক লৈ তেওঁৰ খুড়াক আৰু পৰিয়ালৰ আন সদস্যসকলৰ আপত্তি আছিল।

কিশোৰীগৰাকীৰ মাকে কৰা অভিযোগ অনুসৰি কিশোৰীগৰকীয়ে জিনছ পেণ্ট পৰিধান কৰা বাবেই অতি নিৰ্মমভাৱে তাইক মাৰ-ধৰ কৰিছিল খুৰাক আৰু ককাকে। অতি বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ পৰা কিশোৰীগৰাকীক পাছত হাস্পতাললৈ লৈ যাওঁ বুলি তেওঁলোকে ঘৰৰ পৰা লৈ যায় আৰু পাছত দলঙৰ পৰা পেলাই দিয়ে। কিশোৰীগৰাকীৰ পিতৃ পঞ্জাৱত কৰ্মৰত এজন প্ৰব্ৰজিত শ্ৰমিক। এই ঘটনাই আমাৰ সমাজৰ একাংশ লোকৰ ৰক্ষণশীল চৰিত্ৰ তথা বিপদজনক মানসিকতা আজিও চিন্তাৰ কাৰণ হৈ ৰৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ