--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃউদ্ধাৰকাৰী দলৰ সকলো চেষ্টা বিফল কৰি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে আঠবছৰীয়া শিশু তন্ময় চাহুৱে৷ ৬ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৫ বজাত মধ্য প্ৰদেশৰ বেতুলত খেলি থাকোতে তন্ময় পৰিত্যক্ত   দ’ গাঁত এটাত পৰি গৈছিল৷   তেতিয়াৰে  পৰা শিশুটিক উদ্ধাৰ কৰিবলৈ উদ্ধাৰ  অভিযান চলি আছিল। শুক্ৰবাৰে পুৱাই শিশুটিয়ে  জ্ঞান হেৰুৱাই পেলাইছিল৷ অৱশেষত শিশুটিৰ নিহৰ দেহ গাঁতটোৰ পৰা উদ্ধাৰ কৰিছে উদ্ধাৰকাৰীৰ দলে৷

৬৫  ঘণ্টাৰ পিছত  তন্ময়ক গাঁতটোৰ  পৰা বাহিৰলৈ উলিয়াই আনিব পৰা যায়৷ কিন্তু তেতিয়ালৈকে তেওঁৰ দেহত জীউ নাছিল। প্ৰশাসনে কয় যে  গভীৰ গাঁতটোৰ পৰা শিশুটিক  উলিয়াই অনাৰ সময়তে  তন্ময়ৰ মৃত্যু ঘটিছে। তন্ময়ৰ মৃতদেহ বেতুল জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে।তন্ময়ৰ পিতৃ-মাতৃয়ে শিশুটিৰ মৃত্যুৰ বাবে প্ৰশাসনৰ ফালে আঙুলি টোৱাইছে। তন্ময়ৰ মাক জ্যোতি চাহুৱে কান্দোনত ভাগি পৰি কয় , "মোক মোৰ পুত্ৰক ঘূৰাই দিয়ক। তেওঁ এজন নেতা বা বিষয়াৰ পুত্ৰ হ'লে উদ্ধাৰ কৰিবলৈ ইমান সময় লাগিলহেঁতেনে নেকি? তেওঁলোকে  মোক তন্ময়ৰ  শৰীৰটো চাবলৈও নিদিলে। ''

তন্ময়ৰ  পিতৃ সুনীল চাহুৱে কয়, "মোৰ ছোৱালীজনীয়ে মোক  তন্ময়ক গাঁতত পৰি যোৱাৰ কথা জনাইছিল। আমি লগে লগে ঘটনাস্থলীলৈ দৌৰি গৈছিলো৷  উদ্ধাৰ অভিযান ৬ ডিচেম্বৰৰ সন্ধিয়া ৬ বজাত আৰম্ভ হৈছিল। ইমান দিন উদ্ধাৰ অভিযান চলাই থকাৰ পাছতো মোৰ পুত্ৰক ৰক্ষা কৰিব পৰা নগ'ল। ''

৬৫ ঘণ্টাতকৈও অধিক সময় পাৰ হৈ যোৱাৰ পিছতো অৱশ্যে শিশুটিক উদ্ধাৰ কৰিব পৰা হোৱা নাছিল।  
শিশুটিক উদ্ধাৰ কৰিবলৈ গাঁতটোৰ  কাষতে নতুনকৈ আন এটা গাঁত খন্দা হৈছিল।  কিন্তু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ সদস্যসকলে প্ৰকাশ কৰা মতে  শিলৰ বাবে  মাটি  খনন কাৰ্য সোনকালে কৰিব পৰা হোৱা নাছিল।  খনন কাৰ্য ততালিকে কৰিবলৈ বিশেষ সঁজুলি অনা হৈছিল। স্থানীয় জিলা দণ্ডাধীশে প্ৰকাশ কৰা মতে ৬৫ ঘণ্টালৈ  মাত্ৰ ৩৩ ফুট গাঁতহে  খন্দা হৈছিল।

উল্লেখ্য ইয়াৰ পূৰ্বেও বহু শিশু খেলি থাকোতে দ’ গাঁতত পৰিছিল। তেওঁলোকৰ বহুতকে জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা হোৱা নাছিল। হাৰিয়ানাৰ প্ৰিন্স  কুমাৰ কাশ্যপ নামৰ শিশুটি ২০০৬ চনত ৬০ ফুট গভীৰ গাঁতত  পৰিছিল। সেই সময়ত, এই ঘটনাক লৈ দেশৰ সংবাদ মাধ্যম উত্তাল কৰি ৰাখিছিল। বহু চেষ্টাৰ পিছত, তেওঁক জীৱিত  অৱস্থাত উদ্ধাৰ কৰা হৈছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক