--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃউদ্ধাৰকাৰী দলৰ সকলো চেষ্টা বিফল কৰি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে আঠবছৰীয়া শিশু তন্ময় চাহুৱে৷ ৬ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৫ বজাত মধ্য প্ৰদেশৰ বেতুলত খেলি থাকোতে তন্ময় পৰিত্যক্ত   দ’ গাঁত এটাত পৰি গৈছিল৷   তেতিয়াৰে  পৰা শিশুটিক উদ্ধাৰ কৰিবলৈ উদ্ধাৰ  অভিযান চলি আছিল। শুক্ৰবাৰে পুৱাই শিশুটিয়ে  জ্ঞান হেৰুৱাই পেলাইছিল৷ অৱশেষত শিশুটিৰ নিহৰ দেহ গাঁতটোৰ পৰা উদ্ধাৰ কৰিছে উদ্ধাৰকাৰীৰ দলে৷

৬৫  ঘণ্টাৰ পিছত  তন্ময়ক গাঁতটোৰ  পৰা বাহিৰলৈ উলিয়াই আনিব পৰা যায়৷ কিন্তু তেতিয়ালৈকে তেওঁৰ দেহত জীউ নাছিল। প্ৰশাসনে কয় যে  গভীৰ গাঁতটোৰ পৰা শিশুটিক  উলিয়াই অনাৰ সময়তে  তন্ময়ৰ মৃত্যু ঘটিছে। তন্ময়ৰ মৃতদেহ বেতুল জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে।তন্ময়ৰ পিতৃ-মাতৃয়ে শিশুটিৰ মৃত্যুৰ বাবে প্ৰশাসনৰ ফালে আঙুলি টোৱাইছে। তন্ময়ৰ মাক জ্যোতি চাহুৱে কান্দোনত ভাগি পৰি কয় , "মোক মোৰ পুত্ৰক ঘূৰাই দিয়ক। তেওঁ এজন নেতা বা বিষয়াৰ পুত্ৰ হ'লে উদ্ধাৰ কৰিবলৈ ইমান সময় লাগিলহেঁতেনে নেকি? তেওঁলোকে  মোক তন্ময়ৰ  শৰীৰটো চাবলৈও নিদিলে। ''

তন্ময়ৰ  পিতৃ সুনীল চাহুৱে কয়, "মোৰ ছোৱালীজনীয়ে মোক  তন্ময়ক গাঁতত পৰি যোৱাৰ কথা জনাইছিল। আমি লগে লগে ঘটনাস্থলীলৈ দৌৰি গৈছিলো৷  উদ্ধাৰ অভিযান ৬ ডিচেম্বৰৰ সন্ধিয়া ৬ বজাত আৰম্ভ হৈছিল। ইমান দিন উদ্ধাৰ অভিযান চলাই থকাৰ পাছতো মোৰ পুত্ৰক ৰক্ষা কৰিব পৰা নগ'ল। ''

৬৫ ঘণ্টাতকৈও অধিক সময় পাৰ হৈ যোৱাৰ পিছতো অৱশ্যে শিশুটিক উদ্ধাৰ কৰিব পৰা হোৱা নাছিল।  
শিশুটিক উদ্ধাৰ কৰিবলৈ গাঁতটোৰ  কাষতে নতুনকৈ আন এটা গাঁত খন্দা হৈছিল।  কিন্তু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ সদস্যসকলে প্ৰকাশ কৰা মতে  শিলৰ বাবে  মাটি  খনন কাৰ্য সোনকালে কৰিব পৰা হোৱা নাছিল।  খনন কাৰ্য ততালিকে কৰিবলৈ বিশেষ সঁজুলি অনা হৈছিল। স্থানীয় জিলা দণ্ডাধীশে প্ৰকাশ কৰা মতে ৬৫ ঘণ্টালৈ  মাত্ৰ ৩৩ ফুট গাঁতহে  খন্দা হৈছিল।

উল্লেখ্য ইয়াৰ পূৰ্বেও বহু শিশু খেলি থাকোতে দ’ গাঁতত পৰিছিল। তেওঁলোকৰ বহুতকে জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা হোৱা নাছিল। হাৰিয়ানাৰ প্ৰিন্স  কুমাৰ কাশ্যপ নামৰ শিশুটি ২০০৬ চনত ৬০ ফুট গভীৰ গাঁতত  পৰিছিল। সেই সময়ত, এই ঘটনাক লৈ দেশৰ সংবাদ মাধ্যম উত্তাল কৰি ৰাখিছিল। বহু চেষ্টাৰ পিছত, তেওঁক জীৱিত  অৱস্থাত উদ্ধাৰ কৰা হৈছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু