--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াত খোৱা-বোৱাই মেইন। দেশৰ ভিন্ন স্থানত ৰসগোল্লা, লালমোহন, পনীৰ, ছাগলী মাংস আদিৰ কাৰণে মাৰপিট লাগি বিবাহ ভংগ হোৱাৰ খবৰ মাজে মাজে আহি থাকে। শেহতীয়াকৈ আকৌ মাংসৰ বাবে ভাগিল এখন বিয়া। দৰাঘৰীয়াই কইনাৰ ঘৰতে এই বিয়া বাতিল কৰে। আপুনি চাগে ভাবিছে যে বিয়াৰ অভ্যৰ্থনাত হয়তো মাংস নাছিল সেয়েহে বিয়াখন ভাগিল, পাছে কথা সেইটো নহয়। থকাত খাহীৰ মাংসই আছিল পাছে খাহী মাংসত দৰাঘৰীয়াই নাপালে হাড়ৰ মজ্জাৰ টুকুৰা। তাতে লাগিল অথন্তৰ। খাহী মাংসত হাড়ৰ মজ্জাৰ টুকুৰা নোপোৱাত দৰাঘৰীয়াই হুলস্থূল লগায়।

এই ঘটনাটো সংঘটিত হৈছে দক্ষিণৰ ৰাজ্য তেলেংগানাত। যোৱা নৱেম্বৰত জগতিয়ালৰ এজন যুৱকৰ সৈতে নিজামাবাদৰ এগৰাকী যুৱতীৰ বিবাহৰ বাগদান সম্পন্ন হৈছিল। ডিচেম্বৰৰ ২৬ তাৰিখে বিবাহৰ দিন ধাৰ্য কৰা হৈছিল। দুয়োখন ঘৰে ধুমধামেৰে বিবাহৰ আয়োজন কৰিছিল যদিও খাহী মাংসৰ হাড়ৰ মজ্জাৰ টুকুৰাৰ বাবেই ভাগিল বিয়াখন। দৰাঘৰীয়া আলহীক অপমান কৰাৰ অভিযোগ তুলি বিবাহ অনুষ্ঠান চলি থকা সময়তে দৰাঘৰে বিবাহখন বাতিল কৰে।  

দৰাঘৰে অভিযোগ কৰা মতে, কইনা ঘৰে অভ্যাগতক ভোজত খাহী মাংসৰ লগত হাড়ৰ মজ্জাৰ টুকুৰা দিয়াৰ কথা দিছিল যদিও কইনা ঘৰে কথা নাৰাখি দৰা ঘৰক অপমান কৰিলে। আৰু এই অপমান সহ্য কৰিব নোৱাৰি দৰাঘৰে ক্ষুব্ধ হৈ তৎক্ষণাতে বিবাহ বাতিল কৰে।

দৰাঘৰে কইনা ঘৰত উপস্থিত হোৱাৰ পাছতে অভ্যাগতক খাহী মাংসৰ হাড়ৰ মজ্জাৰ টুকুৰা পৰিৱেশন নকৰাৰ কথা জানিব পাৰি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। কইনা ঘৰত দৰা পক্ষই সূত্ৰপাত কৰা কাজিয়াৰ পিছতে কইনা ঘৰত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

স্থানীয় আৰক্ষী থানাৰ বিষয়াই প্ৰকাশ কৰাম মতে, দৰাৰ পৰিয়ালক এই সংঘাত সমাধানৰ বাবে বুজাবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোকে ইয়াক ‘অপমান’ বুলি গণ্য কৰি কথাটোক লৈ ইমানেই ক্ষুব্ধ হৈ পৰে যে কইনা ঘৰে ক্ষমা ভিক্ষা কৰাৰ পাছতো বিবাহ সম্পন্ন কৰিবলৈ সন্মত নহ’ল।

দৰা পক্ষৰ অভিযোগ যে কইনাৰ পৰিয়ালে মাটনৰ সৈতে হাড়ৰ মজ্জাৰ টুকুৰা মেনুত অন্তৰ্ভুক্ত কৰিবলৈ সন্মত হৈছিল যদিও তেওঁলোকে সেয়া খাদ্যত বিচাৰি নাপালে। এই কাম কৰি দৰাঘৰীয়া আলহীক অপমান কৰিলে কইনাঘৰীয়াই। একে সময়তে কইনাৰ পৰিয়ালে যুক্তি দিছিল যে খাহী মাংসত হাড়ৰ মজ্জাৰ টুকুৰা অন্তৰ্ভুক্ত কৰাৰ কোনো কথা আলোচনা হোৱা নাছিল, সেয়েহে ইয়াক পৰিবেশন কৰা হোৱা নাছিল। যদিও আৰক্ষীয়ে পতিয়ন নিয়াবলৈ বহু চেষ্টা কৰিছিল, তথাপিও দৰা পৰিয়ালে বিয়া ভাঙি অহা বাটে উভতি গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক