--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াত খোৱা-বোৱাই মেইন। দেশৰ ভিন্ন স্থানত ৰসগোল্লা, লালমোহন, পনীৰ, ছাগলী মাংস আদিৰ কাৰণে মাৰপিট লাগি বিবাহ ভংগ হোৱাৰ খবৰ মাজে মাজে আহি থাকে। শেহতীয়াকৈ আকৌ মাংসৰ বাবে ভাগিল এখন বিয়া। দৰাঘৰীয়াই কইনাৰ ঘৰতে এই বিয়া বাতিল কৰে। আপুনি চাগে ভাবিছে যে বিয়াৰ অভ্যৰ্থনাত হয়তো মাংস নাছিল সেয়েহে বিয়াখন ভাগিল, পাছে কথা সেইটো নহয়। থকাত খাহীৰ মাংসই আছিল পাছে খাহী মাংসত দৰাঘৰীয়াই নাপালে হাড়ৰ মজ্জাৰ টুকুৰা। তাতে লাগিল অথন্তৰ। খাহী মাংসত হাড়ৰ মজ্জাৰ টুকুৰা নোপোৱাত দৰাঘৰীয়াই হুলস্থূল লগায়।

এই ঘটনাটো সংঘটিত হৈছে দক্ষিণৰ ৰাজ্য তেলেংগানাত। যোৱা নৱেম্বৰত জগতিয়ালৰ এজন যুৱকৰ সৈতে নিজামাবাদৰ এগৰাকী যুৱতীৰ বিবাহৰ বাগদান সম্পন্ন হৈছিল। ডিচেম্বৰৰ ২৬ তাৰিখে বিবাহৰ দিন ধাৰ্য কৰা হৈছিল। দুয়োখন ঘৰে ধুমধামেৰে বিবাহৰ আয়োজন কৰিছিল যদিও খাহী মাংসৰ হাড়ৰ মজ্জাৰ টুকুৰাৰ বাবেই ভাগিল বিয়াখন। দৰাঘৰীয়া আলহীক অপমান কৰাৰ অভিযোগ তুলি বিবাহ অনুষ্ঠান চলি থকা সময়তে দৰাঘৰে বিবাহখন বাতিল কৰে।  

দৰাঘৰে অভিযোগ কৰা মতে, কইনা ঘৰে অভ্যাগতক ভোজত খাহী মাংসৰ লগত হাড়ৰ মজ্জাৰ টুকুৰা দিয়াৰ কথা দিছিল যদিও কইনা ঘৰে কথা নাৰাখি দৰা ঘৰক অপমান কৰিলে। আৰু এই অপমান সহ্য কৰিব নোৱাৰি দৰাঘৰে ক্ষুব্ধ হৈ তৎক্ষণাতে বিবাহ বাতিল কৰে।

দৰাঘৰে কইনা ঘৰত উপস্থিত হোৱাৰ পাছতে অভ্যাগতক খাহী মাংসৰ হাড়ৰ মজ্জাৰ টুকুৰা পৰিৱেশন নকৰাৰ কথা জানিব পাৰি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। কইনা ঘৰত দৰা পক্ষই সূত্ৰপাত কৰা কাজিয়াৰ পিছতে কইনা ঘৰত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

স্থানীয় আৰক্ষী থানাৰ বিষয়াই প্ৰকাশ কৰাম মতে, দৰাৰ পৰিয়ালক এই সংঘাত সমাধানৰ বাবে বুজাবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোকে ইয়াক ‘অপমান’ বুলি গণ্য কৰি কথাটোক লৈ ইমানেই ক্ষুব্ধ হৈ পৰে যে কইনা ঘৰে ক্ষমা ভিক্ষা কৰাৰ পাছতো বিবাহ সম্পন্ন কৰিবলৈ সন্মত নহ’ল।

দৰা পক্ষৰ অভিযোগ যে কইনাৰ পৰিয়ালে মাটনৰ সৈতে হাড়ৰ মজ্জাৰ টুকুৰা মেনুত অন্তৰ্ভুক্ত কৰিবলৈ সন্মত হৈছিল যদিও তেওঁলোকে সেয়া খাদ্যত বিচাৰি নাপালে। এই কাম কৰি দৰাঘৰীয়া আলহীক অপমান কৰিলে কইনাঘৰীয়াই। একে সময়তে কইনাৰ পৰিয়ালে যুক্তি দিছিল যে খাহী মাংসত হাড়ৰ মজ্জাৰ টুকুৰা অন্তৰ্ভুক্ত কৰাৰ কোনো কথা আলোচনা হোৱা নাছিল, সেয়েহে ইয়াক পৰিবেশন কৰা হোৱা নাছিল। যদিও আৰক্ষীয়ে পতিয়ন নিয়াবলৈ বহু চেষ্টা কৰিছিল, তথাপিও দৰা পৰিয়ালে বিয়া ভাঙি অহা বাটে উভতি গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক