--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এহাল প্ৰেমিক-প্ৰেমিকাৰ আত্মহত্যা! প্ৰেমিকাৰ শিৰত সেন্দুৰ দিয়াৰ পাছতে যুৱক-যুৱতীহালে আত্মহত্যা কৰে। এই শোকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মেৰুট জিলাত। মেৰুটৰ বাহছুমা ক্ষেত্ৰত এহাল প্ৰেমিক-প্ৰেমিকাই বিবাহৰ নীতি-নিয়ম সম্পন্ন কৰাৰ পাছতে আত্মহত্যাৰ পছ বাছি লয়।

ইয়াৰে বাহছুমা আৰক্ষী থানা এলেকাত বুঢ়ানগৰৰ স্থানীয় বাসিন্দা ৰাখী চৌহান (২১) আৰু উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ মনীষ চৌহান (২৪)ৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ষ্টেচন হাউছ অফিচাৰ (এছ এইচ অ’) সন্তোষ কুমাৰে জনোৱা মতে, প্ৰাথমিক তদন্ত অনুসৰি ৰাখী আৰু মনীষৰ প্ৰেমৰ সম্পৰ্ক আছিল যদিও তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ সম্পৰ্কৰ বিৰোধিতা কৰিছিল।

সোমবাৰে নিশা মনীষে ৰাখীক লগ ধৰি শিৰত সেন্দুৰ পিন্ধাই মিঠাই খুৱালে আৰু তাৰ পিছত দুয়োজনে আত্মহত্যা কৰে।

একেডাল ৰছীতে দুয়ো ইজনে সিজনক ধৰি এজোপা গছত আত্মহত্যা কৰে। ঘটনাস্থলীত সেন্দুৰ আৰু মিঠাইৰ বাকচ উদ্ধাৰ হোৱা বুলি এছ এইচ অ’ই লগতে জানিবলৈ দিয়ে।

ঘটনাস্থলীত কোনো ছুইচাইড নোট পোৱা নগ’ল। মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত চিপ লোৱাৰ বাবে শ্বাসৰুদ্ধ হোৱাটো মৃত্যুৰ কাৰণ বুলি নিশ্চিত কৰা হৈছে। 

দুয়োৰে পৰিয়ালে এই সন্দৰ্ভত কোনো তদন্ত বিচৰা নাই। মঙলবাৰে দুয়োৰে পৰিয়ালে মৃতদেহ দাহ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক