--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এহাল প্ৰেমিক-প্ৰেমিকাৰ আত্মহত্যা! প্ৰেমিকাৰ শিৰত সেন্দুৰ দিয়াৰ পাছতে যুৱক-যুৱতীহালে আত্মহত্যা কৰে। এই শোকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মেৰুট জিলাত। মেৰুটৰ বাহছুমা ক্ষেত্ৰত এহাল প্ৰেমিক-প্ৰেমিকাই বিবাহৰ নীতি-নিয়ম সম্পন্ন কৰাৰ পাছতে আত্মহত্যাৰ পছ বাছি লয়।

ইয়াৰে বাহছুমা আৰক্ষী থানা এলেকাত বুঢ়ানগৰৰ স্থানীয় বাসিন্দা ৰাখী চৌহান (২১) আৰু উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ মনীষ চৌহান (২৪)ৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ষ্টেচন হাউছ অফিচাৰ (এছ এইচ অ’) সন্তোষ কুমাৰে জনোৱা মতে, প্ৰাথমিক তদন্ত অনুসৰি ৰাখী আৰু মনীষৰ প্ৰেমৰ সম্পৰ্ক আছিল যদিও তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ সম্পৰ্কৰ বিৰোধিতা কৰিছিল।

সোমবাৰে নিশা মনীষে ৰাখীক লগ ধৰি শিৰত সেন্দুৰ পিন্ধাই মিঠাই খুৱালে আৰু তাৰ পিছত দুয়োজনে আত্মহত্যা কৰে।

একেডাল ৰছীতে দুয়ো ইজনে সিজনক ধৰি এজোপা গছত আত্মহত্যা কৰে। ঘটনাস্থলীত সেন্দুৰ আৰু মিঠাইৰ বাকচ উদ্ধাৰ হোৱা বুলি এছ এইচ অ’ই লগতে জানিবলৈ দিয়ে।

ঘটনাস্থলীত কোনো ছুইচাইড নোট পোৱা নগ’ল। মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত চিপ লোৱাৰ বাবে শ্বাসৰুদ্ধ হোৱাটো মৃত্যুৰ কাৰণ বুলি নিশ্চিত কৰা হৈছে। 

দুয়োৰে পৰিয়ালে এই সন্দৰ্ভত কোনো তদন্ত বিচৰা নাই। মঙলবাৰে দুয়োৰে পৰিয়ালে মৃতদেহ দাহ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক