--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেঁচা নহৰু এনেকুৱা এবিধ মছলা যিটো ভাৰতীয় লোকৰ প্ৰায় প্ৰতিটো ঘৰতে পোৱা যায়। ইয়াৰ সেৱনৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, যাৰ ফলত বহু ৰোগ আৰু সংক্ৰমণৰ সম্ভাৱনাৰ পৰা হাত সাৰিব পাৰি। ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল ৱটছৰ মতে, নহৰু পুৱা খালী পেটত খাব লাগে কাৰণ ইয়াৰ বহু উপকাৰিতা পোৱা যায়। কি কি উপকাৰিতা পোৱা যায় জানো আহক।

 খালী পেটত কেঁচা নহৰু খোৱাৰ উপকাৰিতা-

১. কৰ্কট ৰোগ প্ৰতিৰোধ কৰে-

নহৰুত এন্টি-অক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-কাৰ্চিনোজেনিক গুণ আছে, গতিকে পুৱা খালী পেটত কেঁচা নহৰু চোবাই খালে কেন্সাৰৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰে।

২. ডায়েবেটিছত সহায়ক-

নহৰুত এলিচিন নামৰ এবিধ যৌগ থাকে, যিয়ে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গতিকে ডায়েবেটিছ ৰোগীয়ে পুৱা খালী পেটত প্ৰতিদিনে ৪টা ফুট কেঁচা নহৰু খালে বহুতো উপকাৰ পাব পাৰি।

৩. ওজন হ্ৰাস হয়-

যদি আপুনি প্ৰতিদিনে পুৱা সাৰ পাই খালী পেটত কেইফুটমান কেঁচা নহৰু খায় তেন্তে আপোনাৰ ওজন অতি দ্ৰুতগতিত হ্ৰাস পাবলৈ আৰম্ভ কৰে। এনে কিছুমান যৌগ ইয়াত পোৱা যায় যিয়ে শৰীৰৰ অতিৰিক্ত চৰ্বি গলাত সহায় কৰে।

৪. ডিপ্ৰেছন হ্ৰাস হয়-

মানসিক স্বাস্থ্যৰ বাবেও নহৰু খোৱাটো প্ৰয়োজনীয়, ইয়াৰ সহায়ত আমাৰ মন সুস্থ হৈ থাকে আৰু ই হতাশাৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি দিয়ে। মানসিক চাপৰ পৰা হাত সাৰিবলৈ খাদ্য তালিকা দৈনিক নহৰু অন্তৰ্ভুক্ত কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু