--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কিচমিচ হৈছে বহু ৰোগ প্ৰতিৰোধৰ চাবিকাঠি। আকৌ কিচমিচ বেছিকৈ খালে সমস্যাৰো সৃষ্টি হয়। ফলত কিচমিচত তিয়াই থোৱা পানী পৰিমিত পৰিমাণে খালে বহু উপকাৰ পোৱা যায়। বিভিন্ন ব্যঞ্জনত কিচমিচ অন্তৰ্ভুক্ত কৰা হয়। কিন্তু পুৱা খালী পেটত কিচমিচত তিয়াই থোৱা পানী খোৱাৰ উপকাৰিতা জানেনে? এই কিচমিচ তিয়াই থোৱা পানীয়ে বহু ধৰণৰ ৰোগৰ পৰা আঁতৰাই ৰাখে।

 কিচমিচ পানীত তিয়াই কেনেদৰে খাব?

কিচমিচ নিশাটো তিয়াই থৈ পুৱা সেই পানী অলপ গৰম কৰি খালী পেটত খাব লাগে। ইয়াৰ পাছত আধা ঘণ্টা আন একো নাখাব। কিন্তু মন কৰিবলগীয়া যে এই পানী সপ্তাহত মাত্ৰ ২ৰ পৰা ৩দিন খালে ইয়াৰ সুফল পোৱা যায়।

 * ৰক্তহীনতাঃ-কিচমিচত তিয়াই থোৱা পানীয়ে ৰক্তহীনতা নিৰাময় কৰাত সহায় কৰে। কিচমিচে তেজ গঠনত সহায় কৰে বুলি সকলোৱে জানে। ফলত কিচমিচেৰে তিয়াই থোৱা এই পানী ৰক্তহীনতাৰ ক্ষেত্ৰত উপকাৰী, অৱশ্যেই কোনো ৰোগ থাকিলে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কিচমিচ খোৱাটো উচিত নহয়।

 * হৃদযন্ত্ৰ আৰু যকৃৎঃ–কিচমিচে হৃদযন্ত্ৰ আৰু যকৃতক সুস্থ কৰি ৰখাত সহায় কৰে। লগতে এই কিচমিচ তিয়াই থোৱা পানীয়ে যকৃতৰ সমস্যা, পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰিবলৈ অতি গুৰুত্বপূৰ্ণ। কিচমিচেও কলেষ্টেৰল নিয়ন্ত্ৰণ কৰা

 * কিডনি, দাঁত, চুলিঃ-কিচমিচ পানীত তিয়াই থৈ খালেও বৃক্কৰ সমস্যা নিৰাময় হ’ব পাৰে। আনকি, দাঁত ভাল কৰি ৰাখিবলৈ বা চুলিৰ উজ্জ্বলতা আনিবলৈ এই কিচমিচ অধিক গুৰুত্বপূৰ্ণ।

 বেছিকৈ খোৱাটো ঠিক নহয়-

কিচমিচত তিয়াই থোৱা পানী বেছি খালে সমস্যা হ’ব পাৰে। ইয়াৰ ফলত যকৃৎ চৰ্বিযুক্ত, চেনি, পেট বেয়া হোৱা আদি সমস্যাৰ সৃষ্টি হয়। কোনো ৰোগ থাকিলে চিকিৎসকৰ পৰামৰ্শ মতে কিচমিচ খাব লাগে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু