--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কিচমিচ হৈছে বহু ৰোগ প্ৰতিৰোধৰ চাবিকাঠি। আকৌ কিচমিচ বেছিকৈ খালে সমস্যাৰো সৃষ্টি হয়। ফলত কিচমিচত তিয়াই থোৱা পানী পৰিমিত পৰিমাণে খালে বহু উপকাৰ পোৱা যায়। বিভিন্ন ব্যঞ্জনত কিচমিচ অন্তৰ্ভুক্ত কৰা হয়। কিন্তু পুৱা খালী পেটত কিচমিচত তিয়াই থোৱা পানী খোৱাৰ উপকাৰিতা জানেনে? এই কিচমিচ তিয়াই থোৱা পানীয়ে বহু ধৰণৰ ৰোগৰ পৰা আঁতৰাই ৰাখে।

 কিচমিচ পানীত তিয়াই কেনেদৰে খাব?

কিচমিচ নিশাটো তিয়াই থৈ পুৱা সেই পানী অলপ গৰম কৰি খালী পেটত খাব লাগে। ইয়াৰ পাছত আধা ঘণ্টা আন একো নাখাব। কিন্তু মন কৰিবলগীয়া যে এই পানী সপ্তাহত মাত্ৰ ২ৰ পৰা ৩দিন খালে ইয়াৰ সুফল পোৱা যায়।

 * ৰক্তহীনতাঃ-কিচমিচত তিয়াই থোৱা পানীয়ে ৰক্তহীনতা নিৰাময় কৰাত সহায় কৰে। কিচমিচে তেজ গঠনত সহায় কৰে বুলি সকলোৱে জানে। ফলত কিচমিচেৰে তিয়াই থোৱা এই পানী ৰক্তহীনতাৰ ক্ষেত্ৰত উপকাৰী, অৱশ্যেই কোনো ৰোগ থাকিলে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কিচমিচ খোৱাটো উচিত নহয়।

 * হৃদযন্ত্ৰ আৰু যকৃৎঃ–কিচমিচে হৃদযন্ত্ৰ আৰু যকৃতক সুস্থ কৰি ৰখাত সহায় কৰে। লগতে এই কিচমিচ তিয়াই থোৱা পানীয়ে যকৃতৰ সমস্যা, পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰিবলৈ অতি গুৰুত্বপূৰ্ণ। কিচমিচেও কলেষ্টেৰল নিয়ন্ত্ৰণ কৰা

 * কিডনি, দাঁত, চুলিঃ-কিচমিচ পানীত তিয়াই থৈ খালেও বৃক্কৰ সমস্যা নিৰাময় হ’ব পাৰে। আনকি, দাঁত ভাল কৰি ৰাখিবলৈ বা চুলিৰ উজ্জ্বলতা আনিবলৈ এই কিচমিচ অধিক গুৰুত্বপূৰ্ণ।

 বেছিকৈ খোৱাটো ঠিক নহয়-

কিচমিচত তিয়াই থোৱা পানী বেছি খালে সমস্যা হ’ব পাৰে। ইয়াৰ ফলত যকৃৎ চৰ্বিযুক্ত, চেনি, পেট বেয়া হোৱা আদি সমস্যাৰ সৃষ্টি হয়। কোনো ৰোগ থাকিলে চিকিৎসকৰ পৰামৰ্শ মতে কিচমিচ খাব লাগে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক