--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেতেলী এবিধ বৰ উপকাৰী ফল। পকা তেতেলীৰ টেঙা-মিঠা সোৱাদ সকলোৱে ভালপায়। তেতেলি দাইলত দি, শাকৰ আঞ্জাত দি , জেলী বনাই, চাতনী বনাই, চৰ্বত বনাই খাব পাৰি।মাছৰ সৈতে তেতেলীৰ জোল খাবলৈও অতি সোৱাদ। আগৰ দিনত অসমীয়া মানুহে প্ৰায়েই তেতেলী খাইছিল কাৰণে গলব্লাডাৰ ষ্টন বেছিকৈ হোৱা নাছিল। তেতেলীত টাৰটাৰিক এচিভ থাকে আৰু ই আমাক বহুতো ৰোগৰ পৰা ৰক্ষা কৰি ৰাখে৷ তেতেলীত প্ৰচুৰ পৰিমাণে ভিটামিন C, ভিটামিন E, ভিটামিন B পোৱা যায়।

ইয়াৰ উপৰিও তেতেলীত কেলচিয়াম, আইৰণ, ফছফৰাছ, পটাছিয়াম,আৰু ডায়েটেৰি ফাইভাৰ প্ৰৰ্যাপ্ত পৰিমাণে পোৱা যায়।

তেতেলীৰ নানা উপকাৰিতা

১) তেতেলিয়ে যকৃত সুৰক্ষিত কৰি ৰাখে। যকৃত বা লিভাৰৰ কোষ ধ্বংস হোৱাটো ৰোধ কৰে আৰু যকৃতৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। তেতেলি খালে জণ্ডিচ, হেপাটাইটিচ, হেপাটোমেগেলী, লিভাৰ চিৰচিছ আদি ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়। 

২) তেতেলীয়ে গল্ডব্লাডাৰৰ পৰা ৰক্ষা কৰে।

৩) তেতেলী খালে হজম শক্তি আৰু বিপাক সঠিক ভাৱে হয়।

৪) কেঁচা তেতেলীৰ পাত পানীত সিজাই তাক ভালদৰে চেকি একেৰাহে কেইদিনমান খালে পুৰণি গ্ৰহণী ৰোগ আৰোগ্য হয়।

৫) অৰুচি হলে পকা তেতলী মিহলাই নিমখ আৰু গুৰ মিহলাই খালেও অৰুচি দূৰ হয়।

৬) যি কোনো কাৰণত তেজ বমি হলে তেতেলী গছৰ পাতৰ ৰস চেনীৰ লগত মিহলাই অলপ অলপ কৈ সেৱন কৰিলেও তেজ বমি বন্ধ হয়।

৭) তেতেলীয়ে তেজৰ বিষাক্ত আৰু বৰ্জিত পদাৰ্থ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰাৰ লগতে তেজ পৰিষ্কাৰ কৰাত সহায় কৰে।

৮) চকুৰ সুস্বাস্থ্য বজাই ৰখাৰ বাবে তেতেলী অত্যাৱশ্যকীয়৷ তেতেলী ছানি পৰা, ৰেটিনাৰ সমস্যাকে ধৰি চকুৰ অন্যান্য সমস্যা নিয়ন্ত্ৰণ কৰে৷

৯) তেতেলীয়ে আৰ্থ্ৰাইটিছ, গাঁঠিৰ বিষ আৰু অন্যান্য কষ্টৰ পৰা সকাহ দিয়ে।

১০) তেতেলীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যৌগবোৰৰ ভিতৰত এটা হ'ল হাইড্ৰক্সিচাইট্ৰিক এচিড (HCA)। এই যৌগটোৱে জমা হোৱা অতিৰিক্ত চৰ্বি গলাই
ওজন হ্ৰাস কৰাত আৰু ক্ষীণ হোৱাত সহায় কৰে। 

১১) তেতেলীত থকা পটাছিয়ামে ৰক্তচাপ আৰু হৃদস্পন্দনৰ হাৰ নিয়ন্ত্ৰণ কৰে৷ 

১২) তেতেলীৰ আইৰণে শৰীৰত লোহিত ৰক্ত কণিকা উৎপন্ন কৰে৷ তেজৰ প্ৰবাহ ঠিক কৰি ৰাখে।

১৩) তেতেলীৰ চৰ্বতে শৰীৰক গৰমৰ তীব্ৰতাৰ পৰা শীতল কৰি ৰাখে৷ 

১৪) তেতেলী খালে সিৰা-ধমনীত সঞ্চিত কলেষ্টেৰল কমে,শৰীৰৰ তেজ সঞ্চালন ভালদৰে হয়, শৰীৰৰ কোষসমূহে ভালদৰে পোষণ পোৱাৰ উপৰিও স্বাভাৱিক পৰিমাণে অক্সিজেন পায়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক