--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৌ সেৱন কৰাটো মানুহৰ স্বাস্থ্যৰ বাবে বহু উপকাৰী। মৌত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ভিটামিন বি ৬, কাৰ্বহাইড্ৰেট, এমিনো এচিড আদি থাকে। ইয়াত বহু পুষ্টিকৰ উপাদান পোৱা যায়। কিন্তু খালী পেটত মৌ সেৱন কৰিলে আপোনাৰ বাবে অধিক উপকাৰী হ'ব পাৰে। 

ৰাতিপুৱা খালী পেটত মৌ সেৱন কৰিলে আপোনাৰ ওজন কমিব, চৰ্দিৰ পৰা মুক্তি পাব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ'ব। আনহাতে মৌ গৰম পানীৰ লগত মিহলাই খালী পেটত খাব পাৰে। ইয়াৰ ফলত দিনটোৰ মানসিক চাপো কমি যায়। আজি আমি ইয়াত ক’ম মৌ খোৱাৰ উপকাৰিতা কি কি?  

খালী পেটত মৌ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক

১)ওজন কমোৱাত উপকাৰীঃ আজিৰ সময়ত সকলোৱে ফিট হৈ থাকিব বিচাৰে। এনে অৱস্থাত জিমবোৰে ওজন কমাবলৈ বিভিন্ন পদ্ধতি গ্ৰহণ কৰে। কিন্তু খালী পেটত কুহুমীয়া পানীৰ লগত মৌ সেৱন কৰি ওজন কমাব পাৰে। ইয়াৰ ফলত শৰীৰত জমা হৈ থকা অতিৰিক্ত চৰ্বি কমোৱাত সহায় হয়। ইচ্ছা কৰিলে তাত নেমু বা জিৰা গুড়ি দিব পাৰে।

২)কাহৰ সমস্যাত ফলপ্ৰসূ- ডিঙিৰ বিষ দূৰ কৰিবলৈও মৌ সেৱন কৰিব পাৰে, ইয়াৰ এন্টিবেক্টেৰিয়েল গুণে কফ নিৰ্মূল কৰাত সহায় কৰে। আৰু আপোনাৰ কাহো কমাব পাৰে। ইয়াৰ বাবে ৰাতিপুৱা গৰম পানীৰে মৌ খাব পাৰে।

৩)ডিঙি বিষ-সাধাৰণতে বহুতে প্ৰায়ে ডিঙিৰ বিষৰ সমস্যাত ভুগি থাকে। এনে অৱস্থাত ডিঙিৰ বিষৰ পৰা মুক্তি পাবলৈ খালী পেটত অজৱাইন বা আদাৰ সৈতে এচামুচ মৌ সেৱন কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ ডিঙিৰ বিষত বহু পৰিমাণে উপশম পাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ