--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একশ্যন মোডত দেশৰ চোৰাংচোৱা সংস্থা NIA৷ দেশত থকা খালিস্তানী-গেংষ্টাৰ-ড্ৰাগছ সৰবৰাহকাৰীৰ সম্পৰ্ক ধ্বংস কৰিবলৈ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই বুধবাৰে (২৭ ছেপ্টেম্বৰ) দেশৰ ৭খন ৰাজ্যত অভিযান চলায়। NIAৰ এই অভিযানত বহু লোকক আটক কৰি ৰখা হৈছে। পুৱাৰে পৰা আৰম্ভ হোৱা এই অভিযানত NIA-এ ৫৩ টা স্থানত অভিযান চলাই, য’ত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদো উদ্ধাৰ কৰা হয়।
 
কানাডাত উপস্থিত খালিস্তান সমৰ্থক সন্ত্ৰাসবাদী আৰ্ছ ডাল্লা, লৰেন্স বিষ্ণোই আৰু সুখা ডুনাকে আদি ডাঙৰ ডাঙৰ গেংষ্টাৰৰ আত্মগোপন কৰা স্থানত অভিযান চলাইছিল৷ সন্ত্ৰাসবাদী আৰ্ছ ডাল্লাৰ সৈতে জড়িত কেইবাজনো গেংষ্টাৰ-ড্ৰাগছ সৰবৰাহকাৰী সম্পৰ্কত কেইবাখনো ৰাজ্যত চলোৱা অভিযানৰ সময়ত এন আই এয়ে কেইবাজনো সন্দেহযুক্ত লোকক আটক কৰে।

ছয়খন ৰাজ্য পঞ্জাব, দিল্লী, হাৰিয়ানা, ইউ পি, ৰাজস্থান, উত্তৰাখণ্ড আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ত চলোৱা অভিযানত পিষ্টল, গোলাবাৰুদ, বিপুল পৰিমাণৰ ডিজিটেল প্ৰমাণ আৰু অভিযোগনামা দাখিল কৰা সামগ্ৰী জব্দ কৰা হয়।২০২২ চনৰ আগষ্ট মাহত এনআইএ ৫খন এফআইআৰ পঞ্জীয়ন কৰিছিল। এই এফআইআৰসমূহত সপ্তমবাৰৰ বাবে এনআইএই অভিযান চলাইছে, ইয়াৰ বাহিৰেও চলিত বৰ্ষৰ জুলাই মাহত দুখন এফআইআৰ পঞ্জীয়ন কৰা হৈছিল, য’ত অভিযান চলোৱা হৈছিল।এই গোচৰসমূহ টাৰ্গেট হত্যা, খালিস্তান সমৰ্থকক সন্ত্ৰাসবাদী পুঁজি, গেংষ্টাৰৰ ধন দাবী আদিৰ সৈতে জড়িত। এই গোচৰসমূহত নাম উল্লেখ কৰা বহু গেংষ্টাৰ আৰু সন্ত্ৰাসবাদী বিভিন্ন কাৰাগাৰত ভৰ্তি হৈ আছে বা পাকিস্তান, কানাডা, মালয়েছিয়া, পৰ্তুগাল, অষ্ট্ৰেলিয়া আদি দেশত ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু