--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একশ্যন মোডত দেশৰ চোৰাংচোৱা সংস্থা NIA৷ দেশত থকা খালিস্তানী-গেংষ্টাৰ-ড্ৰাগছ সৰবৰাহকাৰীৰ সম্পৰ্ক ধ্বংস কৰিবলৈ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই বুধবাৰে (২৭ ছেপ্টেম্বৰ) দেশৰ ৭খন ৰাজ্যত অভিযান চলায়। NIAৰ এই অভিযানত বহু লোকক আটক কৰি ৰখা হৈছে। পুৱাৰে পৰা আৰম্ভ হোৱা এই অভিযানত NIA-এ ৫৩ টা স্থানত অভিযান চলাই, য’ত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদো উদ্ধাৰ কৰা হয়।
 
কানাডাত উপস্থিত খালিস্তান সমৰ্থক সন্ত্ৰাসবাদী আৰ্ছ ডাল্লা, লৰেন্স বিষ্ণোই আৰু সুখা ডুনাকে আদি ডাঙৰ ডাঙৰ গেংষ্টাৰৰ আত্মগোপন কৰা স্থানত অভিযান চলাইছিল৷ সন্ত্ৰাসবাদী আৰ্ছ ডাল্লাৰ সৈতে জড়িত কেইবাজনো গেংষ্টাৰ-ড্ৰাগছ সৰবৰাহকাৰী সম্পৰ্কত কেইবাখনো ৰাজ্যত চলোৱা অভিযানৰ সময়ত এন আই এয়ে কেইবাজনো সন্দেহযুক্ত লোকক আটক কৰে।

ছয়খন ৰাজ্য পঞ্জাব, দিল্লী, হাৰিয়ানা, ইউ পি, ৰাজস্থান, উত্তৰাখণ্ড আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ত চলোৱা অভিযানত পিষ্টল, গোলাবাৰুদ, বিপুল পৰিমাণৰ ডিজিটেল প্ৰমাণ আৰু অভিযোগনামা দাখিল কৰা সামগ্ৰী জব্দ কৰা হয়।২০২২ চনৰ আগষ্ট মাহত এনআইএ ৫খন এফআইআৰ পঞ্জীয়ন কৰিছিল। এই এফআইআৰসমূহত সপ্তমবাৰৰ বাবে এনআইএই অভিযান চলাইছে, ইয়াৰ বাহিৰেও চলিত বৰ্ষৰ জুলাই মাহত দুখন এফআইআৰ পঞ্জীয়ন কৰা হৈছিল, য’ত অভিযান চলোৱা হৈছিল।এই গোচৰসমূহ টাৰ্গেট হত্যা, খালিস্তান সমৰ্থকক সন্ত্ৰাসবাদী পুঁজি, গেংষ্টাৰৰ ধন দাবী আদিৰ সৈতে জড়িত। এই গোচৰসমূহত নাম উল্লেখ কৰা বহু গেংষ্টাৰ আৰু সন্ত্ৰাসবাদী বিভিন্ন কাৰাগাৰত ভৰ্তি হৈ আছে বা পাকিস্তান, কানাডা, মালয়েছিয়া, পৰ্তুগাল, অষ্ট্ৰেলিয়া আদি দেশত ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক