--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ গৃহ ৰাজ্য গুজৰাটলৈ গৈছে৷ ভ্ৰমণৰ প্ৰথমটো দিনত (২৭ ছেপ্টেম্বৰ) মোদীয়ে গুজৰাটত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ ইয়াৰ ভিতৰত গুজৰাটৰ ছায়েন্স চিটি ভ্ৰমণ কৰাটোও মোদীৰ কাৰ্যসূচীৰ এক বিশেষ অংশ আছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ছেপ্টেম্বৰত গুজৰাটৰ ছায়েন্স চিটি ভ্ৰমণ কৰে।

 প্ৰধানমন্ত্ৰীয়ে ছায়েন্স চিটিৰ ৰবটিক প্ৰদৰ্শনীতো অংশগ্ৰহণ কৰে। মোদীয়ে ছায়েন্স চিটিত থকা  সময়ছোৱাৰ এখন ফটো এতিয়া ভাইৰেল হৈ পৰিছে৷ মোদীয়ে নিজেই এই ছবিখন শ্বেয়াৰ কৰিছে৷ ছবি খনত ছায়েন্স চিটিত থকা  এটা ৰবটে মোদীৰ বাবে চাহ আৰু চেণ্ডউইচ অনা দেখা গৈছে৷ ৰবটৰ এনে কাৰ্য দেখি বহুতে আচৰিত হৈ পৰাৰ লগতে বহুতে আমোদো পাইছে৷ উল্লেখ্য ১০৭ হেক্টৰ ভূমি আগুৰি থকা ছায়েন্স চিটিত বিজ্ঞানৰ নানান আচৰিত সমল ৰখা হৈছে৷ 

গুজৰাটৰ ছায়েন্স চিটি দৰ্শন কৰিবলৈ বাহিৰৰ ৰাজ্যৰ পৰাও বহু লোকৰ সমাগম ঘটে৷ ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে আজি গুজৰাটত বহু কেইটা চৰকাৰী প্ৰকল্প মুকলি কৰে৷ ৰাজ্য খনৰ জনজাতীয় অধ্যুষিত ছোটাউদেপুৰ জিলাৰ বোডেলি চহৰত শিক্ষা খণ্ডৰ সৈতে জড়িত  ৪,৫০০ কোটিটকীয়া  প্ৰকল্পকে ধৰি ৫,০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ দি নিজৰ নামত ঘৰ এটাও নথকাৰ কথা উল্লেখ কৰে। 

 মোদীয়ে কয় "যিহেতু মই আপোনালোকৰৰ সৈতে গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰিছিলো, মই দৰিদ্ৰ লোকসকলে সন্মুখীন হোৱা সমস্যাবোৰ বুজি পাওঁ  আৰু মই সদায় সেই সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰি আহিছো। আজি মই সন্তুষ্ট কাৰণ মোৰ চৰকাৰে সমগ্ৰ দেশৰ জনসাধাৰণৰ বাবে চাৰি কোটি ঘৰ নিৰ্মাণ কৰিছে। পূৰ্বৱৰ্তী চৰকাৰৰ বিপৰীতে, দৰিদ্ৰ লোকসকলৰ বাবে এটা ঘৰ  আমাৰ বাবে এতিয়া কেৱল এটা সংখ্যা নহয়। আমি দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰি তেওঁলোকক মৰ্যাদা প্ৰদান কৰিছো" ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু