--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ গৃহ ৰাজ্য গুজৰাটলৈ গৈছে৷ ভ্ৰমণৰ প্ৰথমটো দিনত (২৭ ছেপ্টেম্বৰ) মোদীয়ে গুজৰাটত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ ইয়াৰ ভিতৰত গুজৰাটৰ ছায়েন্স চিটি ভ্ৰমণ কৰাটোও মোদীৰ কাৰ্যসূচীৰ এক বিশেষ অংশ আছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ছেপ্টেম্বৰত গুজৰাটৰ ছায়েন্স চিটি ভ্ৰমণ কৰে।

 প্ৰধানমন্ত্ৰীয়ে ছায়েন্স চিটিৰ ৰবটিক প্ৰদৰ্শনীতো অংশগ্ৰহণ কৰে। মোদীয়ে ছায়েন্স চিটিত থকা  সময়ছোৱাৰ এখন ফটো এতিয়া ভাইৰেল হৈ পৰিছে৷ মোদীয়ে নিজেই এই ছবিখন শ্বেয়াৰ কৰিছে৷ ছবি খনত ছায়েন্স চিটিত থকা  এটা ৰবটে মোদীৰ বাবে চাহ আৰু চেণ্ডউইচ অনা দেখা গৈছে৷ ৰবটৰ এনে কাৰ্য দেখি বহুতে আচৰিত হৈ পৰাৰ লগতে বহুতে আমোদো পাইছে৷ উল্লেখ্য ১০৭ হেক্টৰ ভূমি আগুৰি থকা ছায়েন্স চিটিত বিজ্ঞানৰ নানান আচৰিত সমল ৰখা হৈছে৷ 

গুজৰাটৰ ছায়েন্স চিটি দৰ্শন কৰিবলৈ বাহিৰৰ ৰাজ্যৰ পৰাও বহু লোকৰ সমাগম ঘটে৷ ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে আজি গুজৰাটত বহু কেইটা চৰকাৰী প্ৰকল্প মুকলি কৰে৷ ৰাজ্য খনৰ জনজাতীয় অধ্যুষিত ছোটাউদেপুৰ জিলাৰ বোডেলি চহৰত শিক্ষা খণ্ডৰ সৈতে জড়িত  ৪,৫০০ কোটিটকীয়া  প্ৰকল্পকে ধৰি ৫,০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ দি নিজৰ নামত ঘৰ এটাও নথকাৰ কথা উল্লেখ কৰে। 

 মোদীয়ে কয় "যিহেতু মই আপোনালোকৰৰ সৈতে গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰিছিলো, মই দৰিদ্ৰ লোকসকলে সন্মুখীন হোৱা সমস্যাবোৰ বুজি পাওঁ  আৰু মই সদায় সেই সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰি আহিছো। আজি মই সন্তুষ্ট কাৰণ মোৰ চৰকাৰে সমগ্ৰ দেশৰ জনসাধাৰণৰ বাবে চাৰি কোটি ঘৰ নিৰ্মাণ কৰিছে। পূৰ্বৱৰ্তী চৰকাৰৰ বিপৰীতে, দৰিদ্ৰ লোকসকলৰ বাবে এটা ঘৰ  আমাৰ বাবে এতিয়া কেৱল এটা সংখ্যা নহয়। আমি দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰি তেওঁলোকক মৰ্যাদা প্ৰদান কৰিছো" ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement