--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ এখন দীঘলীয়া যুঁজৰ যেন অন্ত পৰিছে! সাময়িক সকাহ লাভ কৰিছে খান পৰিয়ালে। বাদ-বিবাদ,আইনী জটিলতাৰ অন্তত নিজ পুত্ৰক ঘৰলৈ ওভতাই আনিছে শ্বাহৰূখ-গৌৰীয়ে। আৰিয়ানৰ আগমনৰ পাছতে হেৰুৱা ছন্দ ওভতি আহিছে ‘মন্নত’লৈ। ছবিখনৰ দৃশ্যগ্ৰহণৰ কামত মনোনিৱেশ কৰিছে বলীউড বাদশ্বাহে। কিং খানৰ পাছত এইবাৰ গৌৰী খানেও কামত লগাৰ মন মেলিছে। উল্লেখ্য যে, নিজ পুত্ৰৰ গ্ৰেপ্তাৰৰ পাছৰ পৰাই ৰাজহুৱা স্থানত দেখিবলৈ পোৱা নাই গৌৰীক। ‘মন্নত’ৰ বন্ধ কোঠাত সন্তানৰ বাবেই দিনে-ৰাতি প্ৰাৰ্থনা কৰিছিল গৌৰীয়ে। পুত্ৰ উভতি অহাৰ পাছত শ্বাহৰূখ পত্নীৰ মুখত বিৰিঙিছে হাঁহি। ন-উদ্যমেৰে পুনৰ কামত ধৰিব গৌৰীয়ে।

আভ্যন্তৰীণ সজ্জা বিশেষজ্ঞ গৌৰীয়ে ব্যৱসায়ী ফাল্গুনী আৰু শ্বেনৰ নতুন বিপনীখন আটকধুনীয়াকৈ সজাই তোলা দেখিবলৈ পোৱা গৈছে। দুই ব্যৱসায়ীৰ সৈতে মত বিনিময়ো কৰিছে গৌৰীয়ে। অলপতে, এটা ভিডিঅ' ইনষ্টাগ্ৰামত পোষ্ট কৰিছে গৌৰীয়ে। গৌৰীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বিপনীখনৰ বিষয়ে দুই-এটা টিপছো শ্বেয়াৰ কৰিছে ভিডিঅ’টোত। শ্বাহৰূখৰ প্ৰিয়ভাজন পৰিচালক ফাৰহা খানে গৌৰীক এনেদৰে স্বাভাৱিক ছন্দলৈ উভতি অহা দেখি উৎসাহিত হৈছে।

উল্লেখ্য যে, এতিয়া ক্ৰমাত্‍ স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে খান পৰিয়াল। বুধবাৰে বোম্বাই উচ্চ ন্যায়ালয়ে এনচিবিৰ কাৰ্যালয়ত আৰিয়ানৰ সাপ্তাহিক উপস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিল। জামিনৰ পূৰ্বৰ চৰ্ত বাতলিৰ বাবেই বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল তাৰকা তনয় আৰিয়ানে। সেয়েহে, অতীতৰ তিক্ততাক পাহৰি পুনৰ হাঁহিমুখে নিজ নিজ কৰ্মত মনোনিৱেশ কৰিছে শ্বাহৰূখ-গৌৰীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু