--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ এখন দীঘলীয়া যুঁজৰ যেন অন্ত পৰিছে! সাময়িক সকাহ লাভ কৰিছে খান পৰিয়ালে। বাদ-বিবাদ,আইনী জটিলতাৰ অন্তত নিজ পুত্ৰক ঘৰলৈ ওভতাই আনিছে শ্বাহৰূখ-গৌৰীয়ে। আৰিয়ানৰ আগমনৰ পাছতে হেৰুৱা ছন্দ ওভতি আহিছে ‘মন্নত’লৈ। ছবিখনৰ দৃশ্যগ্ৰহণৰ কামত মনোনিৱেশ কৰিছে বলীউড বাদশ্বাহে। কিং খানৰ পাছত এইবাৰ গৌৰী খানেও কামত লগাৰ মন মেলিছে। উল্লেখ্য যে, নিজ পুত্ৰৰ গ্ৰেপ্তাৰৰ পাছৰ পৰাই ৰাজহুৱা স্থানত দেখিবলৈ পোৱা নাই গৌৰীক। ‘মন্নত’ৰ বন্ধ কোঠাত সন্তানৰ বাবেই দিনে-ৰাতি প্ৰাৰ্থনা কৰিছিল গৌৰীয়ে। পুত্ৰ উভতি অহাৰ পাছত শ্বাহৰূখ পত্নীৰ মুখত বিৰিঙিছে হাঁহি। ন-উদ্যমেৰে পুনৰ কামত ধৰিব গৌৰীয়ে।

আভ্যন্তৰীণ সজ্জা বিশেষজ্ঞ গৌৰীয়ে ব্যৱসায়ী ফাল্গুনী আৰু শ্বেনৰ নতুন বিপনীখন আটকধুনীয়াকৈ সজাই তোলা দেখিবলৈ পোৱা গৈছে। দুই ব্যৱসায়ীৰ সৈতে মত বিনিময়ো কৰিছে গৌৰীয়ে। অলপতে, এটা ভিডিঅ' ইনষ্টাগ্ৰামত পোষ্ট কৰিছে গৌৰীয়ে। গৌৰীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বিপনীখনৰ বিষয়ে দুই-এটা টিপছো শ্বেয়াৰ কৰিছে ভিডিঅ’টোত। শ্বাহৰূখৰ প্ৰিয়ভাজন পৰিচালক ফাৰহা খানে গৌৰীক এনেদৰে স্বাভাৱিক ছন্দলৈ উভতি অহা দেখি উৎসাহিত হৈছে।

উল্লেখ্য যে, এতিয়া ক্ৰমাত্‍ স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে খান পৰিয়াল। বুধবাৰে বোম্বাই উচ্চ ন্যায়ালয়ে এনচিবিৰ কাৰ্যালয়ত আৰিয়ানৰ সাপ্তাহিক উপস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিল। জামিনৰ পূৰ্বৰ চৰ্ত বাতলিৰ বাবেই বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল তাৰকা তনয় আৰিয়ানে। সেয়েহে, অতীতৰ তিক্ততাক পাহৰি পুনৰ হাঁহিমুখে নিজ নিজ কৰ্মত মনোনিৱেশ কৰিছে শ্বাহৰূখ-গৌৰীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ