--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডৰ সবাটোকৈ চৰ্চিত দুই যুটিৰ এটা যুটি বিবাহ পাশত আৱদ্ধ হ’ল। এখন বিয়া অলপতে গ’ল। কেটৰিনাক জীৱন সংগী ৰূপে বাচ‌নি কৰি ল’লে বিকী কৌশলে। পাছে বলীউড কুইন আলিয়া ভাটে কেতিয়া বিবাহ পাশত আৱদ্ধ হ’ব? সাম্প্ৰতিক সময়ত এয়া হৈ পৰিছে কোটিটকীয়া প্ৰশ্ন।উল্লেখ্য যে, ৰণবীৰে আলিয়াক বিয়া কৰাবলৈ সাজু বুলি ৰণবীৰে পূৰ্বেই জনাইছিল। কিন্তু ক’ৰ’না মহামাৰীৰ বাবেই তেওঁলোকৰ বিয়াৰ দিন পিছুৱাই দিয়া হৈছিল বুলি সংবাদ মাধ্যমতো প্ৰকাশ পাইছিল। ইফালে, অ’মিক্ৰনৰ সংক্ৰমণৰ মাজতে বিকী-কেট বিবাহ পাশত আৱদ্ধ হ’ল। সেইবাবে আলিয়া-ৰণবীৰে কেতিয়া বিবাহ পাশত আৱদ্ধ হ’ব তাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে অনুৰাগীয়ে।

এতিয়া আৰু পলম কৰিব বিচৰা নাই আলিয়াইয়ো! এনডিটিভিৰ প্ৰকাশিত প্ৰতিবেদনত আলিয়া-ৰণবীৰ অভিনীত ‘ব্ৰহ্মাস্ত্ৰ’ৰ মোচন পোষ্টাৰ, আটাইতকৈ চৰ্চিত প্ৰথমখন চলচ্চিত্ৰ বুধবাৰে মুকলি কৰা হৈছিল। ৰণবীৰ-আলিয়া আৰু চলচ্চিত্ৰ পৰিচালক আয়ন মুখাৰ্জী নতুন দিল্লীত অনুষ্ঠিত বিশাল অনুষ্ঠানৰ বাবে মঞ্চত উপস্থিত আছিল। অনুষ্ঠানটোত উপস্থিত এজন অনুৰাগীয়ে ৰণবীৰক সুধিছিল যে, ‘আপুনি কেতিয়া আলিয়াক বিয়া কৰাব? আলিয়াক বিয়া কৰাব নে আন কাৰোবাক? যদি আপোনালোক দুয়ো বিবাহপাশত আৱদ্ধ হয় তেন্তে আমি সুখী হ’ম।’ অনুৰাগীজনৰ প্ৰশ্নত হতবাক হৈছিল ৰণবীৰ।

ৰণবীৰে নিজকে নিয়ন্ত্ৰণ কৰি আলিয়াৰ চকুলৈ চাই ক'লে, ‘আমাৰ বিয়া কেতিয়া?’ ৰণবীৰৰ এই প্ৰশ্নত হাঁহিৰ ৰোল উঠা দেখা যায়। ৰণবীৰৰ প্ৰশ্নৰ উত্তৰ আলিয়াই কয়, ‘আপুনি মোক এই প্ৰশ্নটো কিয় সুধিছে? পাছত, ‘ব্ৰহ্মাস্ত্ৰ’ ছবিখনৰ পৰিচালকৰ ফালে চাই কৌতুক কৰি কয়, ‘মই এই প্ৰশ্নটো আপোনাক নহয়, আয়ন মুখাৰ্জীক সুধিছো।’ পৰৱৰ্তী সময়ত পৰিচালকজনে বিবাহৰ প্ৰসংগক সামৰি কয়, ‘আজি ব্ৰহ্মাস্ত্ৰৰ মুক্তিৰ বিষয়ে আলোচনা হ'ব, নায়ক নায়িকাৰ বিবাহৰ বিষয়ে নহয়।ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট দীৰ্ঘদিন ধৰি প্ৰেমত আছে। তেওঁলোকৰ বিগত বৰ্ষতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা আছিল। মহামাৰীৰ বাবেহে ৰণবীৰ-আলিয়াৰ বিবাহৰ তাৰিখ পিছুৱাই দিয়া হৈছে।’ সেয়া যি কি নহওক, অনুৰাগীৰ মাজত এতিয়া তীব্ৰ কৌতুহলে ক্ৰিয়া কৰা দেখা গৈছে। প্ৰিয় ৰণবীৰ-আলিয়াক দৰা-কইনা ৰূপত চাবলৈ বিচাৰিছে অনুৰাগীয়ে। এতিয়া অনুৰাগীৰ আশা-আকাংক্ষাক ৰণবীৰ-আলিয়াই কেতিয়া পূৰ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ