--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডৰ সবাটোকৈ চৰ্চিত দুই যুটিৰ এটা যুটি বিবাহ পাশত আৱদ্ধ হ’ল। এখন বিয়া অলপতে গ’ল। কেটৰিনাক জীৱন সংগী ৰূপে বাচ‌নি কৰি ল’লে বিকী কৌশলে। পাছে বলীউড কুইন আলিয়া ভাটে কেতিয়া বিবাহ পাশত আৱদ্ধ হ’ব? সাম্প্ৰতিক সময়ত এয়া হৈ পৰিছে কোটিটকীয়া প্ৰশ্ন।উল্লেখ্য যে, ৰণবীৰে আলিয়াক বিয়া কৰাবলৈ সাজু বুলি ৰণবীৰে পূৰ্বেই জনাইছিল। কিন্তু ক’ৰ’না মহামাৰীৰ বাবেই তেওঁলোকৰ বিয়াৰ দিন পিছুৱাই দিয়া হৈছিল বুলি সংবাদ মাধ্যমতো প্ৰকাশ পাইছিল। ইফালে, অ’মিক্ৰনৰ সংক্ৰমণৰ মাজতে বিকী-কেট বিবাহ পাশত আৱদ্ধ হ’ল। সেইবাবে আলিয়া-ৰণবীৰে কেতিয়া বিবাহ পাশত আৱদ্ধ হ’ব তাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে অনুৰাগীয়ে।

এতিয়া আৰু পলম কৰিব বিচৰা নাই আলিয়াইয়ো! এনডিটিভিৰ প্ৰকাশিত প্ৰতিবেদনত আলিয়া-ৰণবীৰ অভিনীত ‘ব্ৰহ্মাস্ত্ৰ’ৰ মোচন পোষ্টাৰ, আটাইতকৈ চৰ্চিত প্ৰথমখন চলচ্চিত্ৰ বুধবাৰে মুকলি কৰা হৈছিল। ৰণবীৰ-আলিয়া আৰু চলচ্চিত্ৰ পৰিচালক আয়ন মুখাৰ্জী নতুন দিল্লীত অনুষ্ঠিত বিশাল অনুষ্ঠানৰ বাবে মঞ্চত উপস্থিত আছিল। অনুষ্ঠানটোত উপস্থিত এজন অনুৰাগীয়ে ৰণবীৰক সুধিছিল যে, ‘আপুনি কেতিয়া আলিয়াক বিয়া কৰাব? আলিয়াক বিয়া কৰাব নে আন কাৰোবাক? যদি আপোনালোক দুয়ো বিবাহপাশত আৱদ্ধ হয় তেন্তে আমি সুখী হ’ম।’ অনুৰাগীজনৰ প্ৰশ্নত হতবাক হৈছিল ৰণবীৰ।

ৰণবীৰে নিজকে নিয়ন্ত্ৰণ কৰি আলিয়াৰ চকুলৈ চাই ক'লে, ‘আমাৰ বিয়া কেতিয়া?’ ৰণবীৰৰ এই প্ৰশ্নত হাঁহিৰ ৰোল উঠা দেখা যায়। ৰণবীৰৰ প্ৰশ্নৰ উত্তৰ আলিয়াই কয়, ‘আপুনি মোক এই প্ৰশ্নটো কিয় সুধিছে? পাছত, ‘ব্ৰহ্মাস্ত্ৰ’ ছবিখনৰ পৰিচালকৰ ফালে চাই কৌতুক কৰি কয়, ‘মই এই প্ৰশ্নটো আপোনাক নহয়, আয়ন মুখাৰ্জীক সুধিছো।’ পৰৱৰ্তী সময়ত পৰিচালকজনে বিবাহৰ প্ৰসংগক সামৰি কয়, ‘আজি ব্ৰহ্মাস্ত্ৰৰ মুক্তিৰ বিষয়ে আলোচনা হ'ব, নায়ক নায়িকাৰ বিবাহৰ বিষয়ে নহয়।ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট দীৰ্ঘদিন ধৰি প্ৰেমত আছে। তেওঁলোকৰ বিগত বৰ্ষতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা আছিল। মহামাৰীৰ বাবেহে ৰণবীৰ-আলিয়াৰ বিবাহৰ তাৰিখ পিছুৱাই দিয়া হৈছে।’ সেয়া যি কি নহওক, অনুৰাগীৰ মাজত এতিয়া তীব্ৰ কৌতুহলে ক্ৰিয়া কৰা দেখা গৈছে। প্ৰিয় ৰণবীৰ-আলিয়াক দৰা-কইনা ৰূপত চাবলৈ বিচাৰিছে অনুৰাগীয়ে। এতিয়া অনুৰাগীৰ আশা-আকাংক্ষাক ৰণবীৰ-আলিয়াই কেতিয়া পূৰ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু