--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ১৯৭৯ চনত অভিযুক্তজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছিল।

ডিজিটেল ডেস্কঃ আইনৰ হাত যে অতি দীঘল, সেই কথা পুনৰবাৰ প্ৰমাণিত হ’ল মধ্যপ্ৰদেশৰ খাৰগোন জিলাত। ১৯৭৯ চনত এটা চুৰি কাণ্ড সংঘটিত কৰি বিগত ৪৫ বছৰ ধৰি আৰক্ষীৰ চকুৰ পৰা আঁতৰি থকা এজন ব্যক্তিক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ২০ বছৰ বয়সত অপৰাধৰ জগতত ভৰি দিয়া এই ব্যক্তিজনৰ বৰ্তমান বয়স ৬৫ বছৰ।


আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ১৯৭৯ চনত অভিযুক্তজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছিল। সেই সময়ত মাত্ৰ ২০ বছৰীয়া যুৱকজনে এই কাণ্ড সংঘটিত কৰি পলায়ন কৰিছিল। পৰৱৰ্তী সময়ত আদালতত হাজিৰ নোহোৱাৰ বাবে তেওঁক পলাতক বুলি ঘোষণা কৰা হৈছিল।


কেনেকৈ ধৰা পৰিল অভিযুক্ত?


শেহতীয়াকৈ খাৰগোন আৰক্ষী অধীক্ষকৰ নিৰ্দেশত পুৰণি আৰু অমীমাংসিত গোচৰসমূহৰ বিৰুদ্ধে এক বিশেষ অভিযান চলোৱা হৈছিল। এই অভিযানৰ অংশ হিচাপে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মহাৰাষ্ট্ৰত অভিযুক্তজনৰ অৱস্থিতি ধৰা পেলায়। আৰক্ষীৰ এটা দলে পৰিকল্পিতভাৱে অভিযান চলাই বৃদ্ধ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে।


খাৰগোন আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা মতে, "অপৰাধী যিয়েই নহওক বা যিমান বছৰ পুৰণি নহওক, তেওঁ সাৰি যাব নোৱাৰে। এই গ্ৰেপ্তাৰে আমাৰ বিভাগৰ সক্ৰিয়তা প্ৰমাণ কৰে।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু