--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ১৯৭৯ চনত অভিযুক্তজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছিল।

ডিজিটেল ডেস্কঃ আইনৰ হাত যে অতি দীঘল, সেই কথা পুনৰবাৰ প্ৰমাণিত হ’ল মধ্যপ্ৰদেশৰ খাৰগোন জিলাত। ১৯৭৯ চনত এটা চুৰি কাণ্ড সংঘটিত কৰি বিগত ৪৫ বছৰ ধৰি আৰক্ষীৰ চকুৰ পৰা আঁতৰি থকা এজন ব্যক্তিক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ২০ বছৰ বয়সত অপৰাধৰ জগতত ভৰি দিয়া এই ব্যক্তিজনৰ বৰ্তমান বয়স ৬৫ বছৰ।


আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ১৯৭৯ চনত অভিযুক্তজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছিল। সেই সময়ত মাত্ৰ ২০ বছৰীয়া যুৱকজনে এই কাণ্ড সংঘটিত কৰি পলায়ন কৰিছিল। পৰৱৰ্তী সময়ত আদালতত হাজিৰ নোহোৱাৰ বাবে তেওঁক পলাতক বুলি ঘোষণা কৰা হৈছিল।


কেনেকৈ ধৰা পৰিল অভিযুক্ত?


শেহতীয়াকৈ খাৰগোন আৰক্ষী অধীক্ষকৰ নিৰ্দেশত পুৰণি আৰু অমীমাংসিত গোচৰসমূহৰ বিৰুদ্ধে এক বিশেষ অভিযান চলোৱা হৈছিল। এই অভিযানৰ অংশ হিচাপে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মহাৰাষ্ট্ৰত অভিযুক্তজনৰ অৱস্থিতি ধৰা পেলায়। আৰক্ষীৰ এটা দলে পৰিকল্পিতভাৱে অভিযান চলাই বৃদ্ধ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে।


খাৰগোন আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা মতে, "অপৰাধী যিয়েই নহওক বা যিমান বছৰ পুৰণি নহওক, তেওঁ সাৰি যাব নোৱাৰে। এই গ্ৰেপ্তাৰে আমাৰ বিভাগৰ সক্ৰিয়তা প্ৰমাণ কৰে।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ