--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেলি থাকোতে এটি  আঢ়ৈ বছৰীয়া কন্যা শিশু  কুঁৱাত পৰি গ’ল। তাৰ পিছতে লাগিল হুৱা-দুৱা। বহু চেষ্টাৰ মূৰত  অগ্নি নিৰ্বাপক বাহিনীয়ে শিশুটিক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাটো উৰিষ্যাৰ বোলাংগীৰ অঞ্চলত সংঘটিত হৈছে। 

পদমপুৰ গাঁৱত খেলি থাকোতে ছোৱালীজনী কুঁৱাত পৰি যায়। এই ঘটনাৰ পিছতে আৰম্ভ কৰা হয়  উদ্ধাৰ অভিযান। অগ্নি নিৰ্বাপক বাহিনীক লগে লগে খবৰ দিয়া হয় । উদ্ধাৰকাৰী দল  ঘটনাস্থলীত গৈ উপস্থিত হয়। 

বহু সময় ধৰি চলোৱা  উদ্ধাৰ অভিযানৰ অন্তত  শিশুটিক কুঁৱাৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।শিশুটিক জীৱন্ত অৱস্থাত উদ্ধাৰ কৰা কাৰ্যক স্থানীয়  লোকে 'অলৌকিক' বুলি মন্তব্য কৰিছে। শিশুটিক  উদ্ধাৰ কৰাৰ পিছত তেওঁক  চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসকসকলে প্ৰকাশ কৰিছে। বহুতে মন্তব্য  যে সঠিক সময়ত উদ্ধাৰ অভিযান আৰম্ভ হোৱাৰ বাবেই  শিশুটি  ৰক্ষা পৰিছিল।

কেইদিনমান আগতে মধ্য প্ৰদেশৰ চেহোৰত এটা আঢ়ৈ বছৰীয়া ল’ৰা ৩০০ ফুট দ’  কুঁৱাত পৰিছিল। কিন্তু তেওঁক বচাব পৰা নগ'ল। প্ৰায় তিনি দিনৰ পিছত তেওঁৰ মৃতদেহ  কুঁৱাৰ পৰা উদ্ধাৰ কৰা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে