--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেলি থাকোতে এটি  আঢ়ৈ বছৰীয়া কন্যা শিশু  কুঁৱাত পৰি গ’ল। তাৰ পিছতে লাগিল হুৱা-দুৱা। বহু চেষ্টাৰ মূৰত  অগ্নি নিৰ্বাপক বাহিনীয়ে শিশুটিক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাটো উৰিষ্যাৰ বোলাংগীৰ অঞ্চলত সংঘটিত হৈছে। 

পদমপুৰ গাঁৱত খেলি থাকোতে ছোৱালীজনী কুঁৱাত পৰি যায়। এই ঘটনাৰ পিছতে আৰম্ভ কৰা হয়  উদ্ধাৰ অভিযান। অগ্নি নিৰ্বাপক বাহিনীক লগে লগে খবৰ দিয়া হয় । উদ্ধাৰকাৰী দল  ঘটনাস্থলীত গৈ উপস্থিত হয়। 

বহু সময় ধৰি চলোৱা  উদ্ধাৰ অভিযানৰ অন্তত  শিশুটিক কুঁৱাৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।শিশুটিক জীৱন্ত অৱস্থাত উদ্ধাৰ কৰা কাৰ্যক স্থানীয়  লোকে 'অলৌকিক' বুলি মন্তব্য কৰিছে। শিশুটিক  উদ্ধাৰ কৰাৰ পিছত তেওঁক  চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসকসকলে প্ৰকাশ কৰিছে। বহুতে মন্তব্য  যে সঠিক সময়ত উদ্ধাৰ অভিযান আৰম্ভ হোৱাৰ বাবেই  শিশুটি  ৰক্ষা পৰিছিল।

কেইদিনমান আগতে মধ্য প্ৰদেশৰ চেহোৰত এটা আঢ়ৈ বছৰীয়া ল’ৰা ৩০০ ফুট দ’  কুঁৱাত পৰিছিল। কিন্তু তেওঁক বচাব পৰা নগ'ল। প্ৰায় তিনি দিনৰ পিছত তেওঁৰ মৃতদেহ  কুঁৱাৰ পৰা উদ্ধাৰ কৰা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ