--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ইজিপ্ত ভ্ৰমণ কৰিছে নৰেন্দ্ৰ মোডীয়ে। তিনিদিনীয়া আমেৰিকা ভ্ৰমণ সম্পূৰ্ণ কৰি শনিবাৰে ইজিপ্তত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

সূচী অনুসৰি সন্ধিয়া ৬:১৫ বজাত কায়ৰো বিমানবন্দৰত অৱতৰণ কৰিব মোডীৰ বিমান। একেদিনাই নিশা ৮:৪০ বজাত ইজিপ্তৰ প্ৰধানমন্ত্ৰী মুস্তাফা মাদবৌলীক সাক্ষাৎ কৰিব মোদীয়ে। সভাৰ পিছত তেওঁ ইজিপ্তত বসবাস কৰা ভাৰতীয়সকলক লগ পাব পাৰে।

১৯৯৭ চনৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰাষ্ট্ৰপ্ৰধানে ইজিপ্ত ভ্ৰমণ কৰিছে। দেওবাৰে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিছিৰ সৈতে বৈঠকত মিলিত হ’ব মোদীয়ে।

মন কৰিবলগীয়া যে এইবাৰ দিল্লীত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ পেৰেডত বিশেষ অতিথি হিচাপে উপস্থিত আছিল ইজিপ্তৰ ৰাষ্ট্ৰপতি। স্বাধীনতাৰ পিছত অসংলগ্ন আন্দোলনৰ দিনৰ পৰাই ইজিপ্তৰ সৈতে ভাৰতে সুসম্পৰ্ক বজাই ৰাখিছে। অৱশ্যে শেহতীয়াকৈ কাশ্মীৰত অনুষ্ঠিত জি-২০ বৈঠকত তুৰস্ক, চীন আৰু পাকিস্তানৰ লগতে ইজিপ্তও অনুপস্থিত আছিল।

বিশেষজ্ঞৰ এটা দলে মোডীৰ ইজিপ্ত ভ্ৰমণক বিভিন্ন কাৰণত তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি দেওবাৰে সন্ধিয়া ৫:৩০ বজাত দুয়োখন দেশৰ ৰাষ্ট্ৰপতিসকলে যৌথ সংবাদমেল অনুষ্ঠিত কৰি কেইবাটাও বিষয়ত দ্বিপাক্ষিক চুক্তি ঘোষণা কৰিব। 

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি মোডীৰ এই ভ্ৰমণৰ সময়ত ইজিপ্ত প্ৰশাসনে ছুৱেজ খালৰ পাৰত থকা ‘ছুয়েজ খাল অৰ্থনৈতিক মণ্ডল’ৰ এটা অংশ ভাৰতীয় উদ্যোগীসকলৰ হাতত গতাই দিব পাৰে। বাণিজ্যিক আৰু ভৌগোলিক দুয়োটা দিশতে ছুৱেজ খালৰ বিশেষ গুৰুত্ব আছে। ভূমধ্য সাগৰক ভাৰত মহাসাগৰ আৰু লোহিত সাগৰৰ সৈতে সংযোগ কৰা এই খালটোৰ জৰিয়তে প্ৰতিদিনে ৫ লাখ বেৰেল খাৰুৱা তেল ভাৰতলৈ যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু