--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ইজিপ্ত ভ্ৰমণ কৰিছে নৰেন্দ্ৰ মোডীয়ে। তিনিদিনীয়া আমেৰিকা ভ্ৰমণ সম্পূৰ্ণ কৰি শনিবাৰে ইজিপ্তত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

সূচী অনুসৰি সন্ধিয়া ৬:১৫ বজাত কায়ৰো বিমানবন্দৰত অৱতৰণ কৰিব মোডীৰ বিমান। একেদিনাই নিশা ৮:৪০ বজাত ইজিপ্তৰ প্ৰধানমন্ত্ৰী মুস্তাফা মাদবৌলীক সাক্ষাৎ কৰিব মোদীয়ে। সভাৰ পিছত তেওঁ ইজিপ্তত বসবাস কৰা ভাৰতীয়সকলক লগ পাব পাৰে।

১৯৯৭ চনৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰাষ্ট্ৰপ্ৰধানে ইজিপ্ত ভ্ৰমণ কৰিছে। দেওবাৰে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিছিৰ সৈতে বৈঠকত মিলিত হ’ব মোদীয়ে।

মন কৰিবলগীয়া যে এইবাৰ দিল্লীত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ পেৰেডত বিশেষ অতিথি হিচাপে উপস্থিত আছিল ইজিপ্তৰ ৰাষ্ট্ৰপতি। স্বাধীনতাৰ পিছত অসংলগ্ন আন্দোলনৰ দিনৰ পৰাই ইজিপ্তৰ সৈতে ভাৰতে সুসম্পৰ্ক বজাই ৰাখিছে। অৱশ্যে শেহতীয়াকৈ কাশ্মীৰত অনুষ্ঠিত জি-২০ বৈঠকত তুৰস্ক, চীন আৰু পাকিস্তানৰ লগতে ইজিপ্তও অনুপস্থিত আছিল।

বিশেষজ্ঞৰ এটা দলে মোডীৰ ইজিপ্ত ভ্ৰমণক বিভিন্ন কাৰণত তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি দেওবাৰে সন্ধিয়া ৫:৩০ বজাত দুয়োখন দেশৰ ৰাষ্ট্ৰপতিসকলে যৌথ সংবাদমেল অনুষ্ঠিত কৰি কেইবাটাও বিষয়ত দ্বিপাক্ষিক চুক্তি ঘোষণা কৰিব। 

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি মোডীৰ এই ভ্ৰমণৰ সময়ত ইজিপ্ত প্ৰশাসনে ছুৱেজ খালৰ পাৰত থকা ‘ছুয়েজ খাল অৰ্থনৈতিক মণ্ডল’ৰ এটা অংশ ভাৰতীয় উদ্যোগীসকলৰ হাতত গতাই দিব পাৰে। বাণিজ্যিক আৰু ভৌগোলিক দুয়োটা দিশতে ছুৱেজ খালৰ বিশেষ গুৰুত্ব আছে। ভূমধ্য সাগৰক ভাৰত মহাসাগৰ আৰু লোহিত সাগৰৰ সৈতে সংযোগ কৰা এই খালটোৰ জৰিয়তে প্ৰতিদিনে ৫ লাখ বেৰেল খাৰুৱা তেল ভাৰতলৈ যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement