--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুৰাগীৰ মৰমৰ বহু অত্যাচাৰেই সহিবলগীয়া হয় খেলুৱৈয়ে। তেওঁ যোৱা ছিজনত চাৰিটা শতক অৰ্জন কৰিছিল। তেনেদৰেই তেওঁ আই পি এলত সৰ্বাধিক ৰাণ সংগ্ৰাহক হৈছিল। কিন্তু এই বছৰ তেওঁৰ সেই আগৰ স্থিতি নাই। তেওঁ  জছ বাটলাৰ।  বাটলাৰে এইবাৰ ভবা মতে ৰাণ সংগ্ৰহ কৰিব পৰা  নাই। কিন্তু তথাপিও বাটলাৰৰ জনপ্ৰিয়তা হ্ৰাস পোৱা  নাই।

 এইবাৰ বাটলাৰে  ৰাজস্থানৰ হৈ খেলিছে।  ক্ৰিকেটাৰজনে শেহতীয়াকৈ এখন আই পি এল খেলৰ সময়ত খেলপথাৰতে যুৱতীৰ পৰা  প্ৰেমৰ প্ৰস্তাৱ লাভ কৰিছে। গুজৰাট টাইটানছৰ খেলৰ আগদিনা দেওবাৰে এই ঘটনা সংঘটিত হৈছে। অনুশীলনৰ পিছত বাটলাৰৰ সন্মুখলৈ আহিছিল এগৰাকী যুৱতী। তেওঁ বাটলাৰৰ অনুৰাগী। যুৱতীগৰাকীয়ে  কৈছিল যে তেওঁ বাটলাৰক ভাল পাই পেলাইছে আৰু তেওঁ বাটলাৰৰ  অনুৰাগী সকলৰ মাজৰে এগৰাকী । 


যুৱতীগৰাকীৰ কথা শুনি বাটলাৰে হাঁহিবলৈ ধৰিলে। তাৰ পিছত তেওঁ যুৱতীগৰাকীৰ সৈতে দীৰ্ঘ সময়  ধৰি কথা পাতিলে। বাটলাৰে তেওঁক সুধিলে যে তেওঁ নিয়মীয়াকৈ আই পি এল উপভোগ কৰেনে?  যুৱতীগৰাকীয়ে মূৰ দুপিয়াই হয় বুলি ক'লে। তেওঁ এইবুলিও  ক’লে  যে তেওঁ  স্থানীয় ছোৱালী হোৱা স্বত্বেও ৰাজস্থানক সমৰ্থন কৰে।যুৱতীগৰাকীৰ কথা শুনি বাটলাৰে হাঁহি হাঁহি কৈছিল "তেন্তে  আপুনি সম্ভৱতঃ কাইলৈ একমাত্ৰ অনুৰাগী হ’ব  যিয়ে গুলপীয়া জাৰ্চি পিন্ধিব" ।

 বাটলাৰে পিছত যুৱতীগৰাকীক আনন্দ মনেৰে   অটোগ্ৰাফো দিলে, একেলগে  ফটোও উঠিলে। উল্লেখ্য বাটলাৰে  চলিত আই পি এলত ৫ খন খেলত ২০৪ ৰাণ সংগ্ৰহ কৰিছে। তেওঁ যোৱা বছৰ ৮৬৩ ৰাণ সংগ্ৰহ কৰিছিল। অৱশ্যে তেওঁৰ দল ৰাজস্থান যথেষ্ট ছন্দত আছে। দলটো পইণ্ট তালিকাৰ শীৰ্ষত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে