--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুৰাগীৰ মৰমৰ বহু অত্যাচাৰেই সহিবলগীয়া হয় খেলুৱৈয়ে। তেওঁ যোৱা ছিজনত চাৰিটা শতক অৰ্জন কৰিছিল। তেনেদৰেই তেওঁ আই পি এলত সৰ্বাধিক ৰাণ সংগ্ৰাহক হৈছিল। কিন্তু এই বছৰ তেওঁৰ সেই আগৰ স্থিতি নাই। তেওঁ  জছ বাটলাৰ।  বাটলাৰে এইবাৰ ভবা মতে ৰাণ সংগ্ৰহ কৰিব পৰা  নাই। কিন্তু তথাপিও বাটলাৰৰ জনপ্ৰিয়তা হ্ৰাস পোৱা  নাই।

 এইবাৰ বাটলাৰে  ৰাজস্থানৰ হৈ খেলিছে।  ক্ৰিকেটাৰজনে শেহতীয়াকৈ এখন আই পি এল খেলৰ সময়ত খেলপথাৰতে যুৱতীৰ পৰা  প্ৰেমৰ প্ৰস্তাৱ লাভ কৰিছে। গুজৰাট টাইটানছৰ খেলৰ আগদিনা দেওবাৰে এই ঘটনা সংঘটিত হৈছে। অনুশীলনৰ পিছত বাটলাৰৰ সন্মুখলৈ আহিছিল এগৰাকী যুৱতী। তেওঁ বাটলাৰৰ অনুৰাগী। যুৱতীগৰাকীয়ে  কৈছিল যে তেওঁ বাটলাৰক ভাল পাই পেলাইছে আৰু তেওঁ বাটলাৰৰ  অনুৰাগী সকলৰ মাজৰে এগৰাকী । 


যুৱতীগৰাকীৰ কথা শুনি বাটলাৰে হাঁহিবলৈ ধৰিলে। তাৰ পিছত তেওঁ যুৱতীগৰাকীৰ সৈতে দীৰ্ঘ সময়  ধৰি কথা পাতিলে। বাটলাৰে তেওঁক সুধিলে যে তেওঁ নিয়মীয়াকৈ আই পি এল উপভোগ কৰেনে?  যুৱতীগৰাকীয়ে মূৰ দুপিয়াই হয় বুলি ক'লে। তেওঁ এইবুলিও  ক’লে  যে তেওঁ  স্থানীয় ছোৱালী হোৱা স্বত্বেও ৰাজস্থানক সমৰ্থন কৰে।যুৱতীগৰাকীৰ কথা শুনি বাটলাৰে হাঁহি হাঁহি কৈছিল "তেন্তে  আপুনি সম্ভৱতঃ কাইলৈ একমাত্ৰ অনুৰাগী হ’ব  যিয়ে গুলপীয়া জাৰ্চি পিন্ধিব" ।

 বাটলাৰে পিছত যুৱতীগৰাকীক আনন্দ মনেৰে   অটোগ্ৰাফো দিলে, একেলগে  ফটোও উঠিলে। উল্লেখ্য বাটলাৰে  চলিত আই পি এলত ৫ খন খেলত ২০৪ ৰাণ সংগ্ৰহ কৰিছে। তেওঁ যোৱা বছৰ ৮৬৩ ৰাণ সংগ্ৰহ কৰিছিল। অৱশ্যে তেওঁৰ দল ৰাজস্থান যথেষ্ট ছন্দত আছে। দলটো পইণ্ট তালিকাৰ শীৰ্ষত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব