--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেলপথাৰতে মৃত্যুক আঁকোৱালি ল’লে এগৰাকী ফুটবলাৰে। এই ঘটনাই ফুটবল জগতত শোকৰ ছাঁ পেলাইছে। মৃত্যু হোৱা ফুটবলাৰগৰাকী হৈছে বেলজিয়ামৰ গ’লৰক্ষক আৰ্নে এস্পিল। বেলজিয়ামৰ ফুটবল লীগৰ দ্বিতীয় ডিভিজনত ৱিঙ্কেল ক্লাবৰ গ’লৰক্ষক হিচাপে খেলি আহিছে আৰ্নেই।

আৰ্নেই মৃত্যু হয় ৱিঙ্কেল বনাম ৱেষ্ট্ৰোজবেক ক্লাবৰ মাজত খেল চলি থকা অৱস্থাত। মেচখনৰ প্ৰথমাৰ্ধত ২-১ অগ্ৰগতিত আগবাঢ়ি আছিল ৱিংকেল। কিন্তু দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ৱেষ্ট্ৰোজবেকে পেনাল্টি পাইছিল। ২৫ বছৰীয়া গ’লৰক্ষক আৰ্নেই পেনাল্টিটো ৰক্ষা কৰে। কিন্তু তাৰ পিছতে তেওঁ মাটিত ঢলি পৰে।

যুদ্ধকালীন তৎপৰতাৰে খেলপথাৰতে তেওঁৰ চিকিৎসা কৰা হয়। কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। গ’লৰক্ষকগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ৱিঙ্কেল ক্লাবে এক বিবৃতিযোগে সমগ্ৰ ঘটনাটোত দুখপ্ৰকাশ কৰি কয়- “এইটো এটা ভয়ংকৰ ঘটনা। কি হৈছিল সেইটোৱে বুজি পৰা নাই।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু