--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেলপথাৰতে মৃত্যুক আঁকোৱালি ল’লে এগৰাকী ফুটবলাৰে। এই ঘটনাই ফুটবল জগতত শোকৰ ছাঁ পেলাইছে। মৃত্যু হোৱা ফুটবলাৰগৰাকী হৈছে বেলজিয়ামৰ গ’লৰক্ষক আৰ্নে এস্পিল। বেলজিয়ামৰ ফুটবল লীগৰ দ্বিতীয় ডিভিজনত ৱিঙ্কেল ক্লাবৰ গ’লৰক্ষক হিচাপে খেলি আহিছে আৰ্নেই।

আৰ্নেই মৃত্যু হয় ৱিঙ্কেল বনাম ৱেষ্ট্ৰোজবেক ক্লাবৰ মাজত খেল চলি থকা অৱস্থাত। মেচখনৰ প্ৰথমাৰ্ধত ২-১ অগ্ৰগতিত আগবাঢ়ি আছিল ৱিংকেল। কিন্তু দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ৱেষ্ট্ৰোজবেকে পেনাল্টি পাইছিল। ২৫ বছৰীয়া গ’লৰক্ষক আৰ্নেই পেনাল্টিটো ৰক্ষা কৰে। কিন্তু তাৰ পিছতে তেওঁ মাটিত ঢলি পৰে।

যুদ্ধকালীন তৎপৰতাৰে খেলপথাৰতে তেওঁৰ চিকিৎসা কৰা হয়। কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। গ’লৰক্ষকগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ৱিঙ্কেল ক্লাবে এক বিবৃতিযোগে সমগ্ৰ ঘটনাটোত দুখপ্ৰকাশ কৰি কয়- “এইটো এটা ভয়ংকৰ ঘটনা। কি হৈছিল সেইটোৱে বুজি পৰা নাই।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক