--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২০ চনত তেওঁলোকে সংসাৰৰ পাতনি মেলিছিল। তিনি বছৰৰ পাছত পুনৰ বিবাহ অনু্‌ষ্ঠানৰ আয়োজন কৰিছে হাৰ্দিক পাণ্ডিয়া আৰু নাটাছা ষ্টেনক’ভিচে। ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ৰ দিনাই উদয়পুৰত বিবাহপাশত আবদ্ধ হৈছে হাৰ্দিক আৰু নাটাছা। 

সোমবাৰে পুত্ৰ অগস্ত্যৰ সৈতে উদয়পুৰলৈ ৰাওনা হয় হাৰ্দিক-নাটাছা। হাৰ্দিকৰ দাদা ক্ৰুনাল পাণ্ডিয়া আৰু নবৌয়েক পংখুৰী শৰ্মা আৰু তেওঁলোকৰ পুত্ৰ কবীৰো তেওঁলোকৰ লগত আছিল।

মঙলবাৰে পুৱা উদয়পুৰলৈ যাত্ৰা কৰিছে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা। নৱবিবাহিত আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলেও দুপৰীয়াৰ ভাগত বিমানেৰে উদয়পুৰলৈ ৰাওনা হৈছে।

ভাৰতীয় ক্ৰিকেট দলৰ সকলো সদস্যই বিবাহ অনুষ্ঠানৰ আমন্ত্ৰণ তালিকাত আছে। বতাৰি অনুসৰি এইবাৰৰ আই পি এলৰ পিছতে তাৰকা যুটিটোৱে আয়োজন কৰিব বিয়াৰ অভ্যৰ্থনা পাৰ্টি।

হাৰ্দিক আৰু নাটাছাৰ প্ৰেমকাহিনী ৰোমাঞ্চকৰ। দুয়োৰে মাজত প্ৰথম কথা-বতৰা হৈছিল মুম্বাইৰ এটা নাইট ক্লাবত। হাৰ্দিকে প্ৰথম দৃষ্টিত নাটাছাক ভাল পায়। ২০২০ চনৰ ১ জানুৱাৰীত তেওঁলোকৰ বাগ্দান হৈছিল। কেইমাহমান পিছত বিয়াও পাতিলে। সেই বিয়া পতা হৈছিল কেৱল আইনগতভাৱে। সেই বছৰৰে জুলাই মাহত নাটাছাই এটা সন্তান জন্ম দিলে। পুত্ৰ অগস্ত্যক লৈ ব্যস্ত হৈ পৰিছে দম্পতীহাল। মুঠতে হাৰ্দিক আৰু নাটাছাই যোৱা তিনিবছৰত সমূহীয়া বিয়াৰ বাবে সময় উলিয়াব পৰা নাছিল।

সেয়ে চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীৰ প্ৰেম দিৱসৰ দিনাই ৰাজস্থানৰ উদয়পুৰত হাৰ্ডিক-নাটাছাৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব। ইতিমধ্যে নাটাছাই বিয়াৰ বাবে পোছাক বাছি লৈছে। বিশেষ দিনটোত কইনাক বগা গাউন পিন্ধা দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক