--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২০ চনত তেওঁলোকে সংসাৰৰ পাতনি মেলিছিল। তিনি বছৰৰ পাছত পুনৰ বিবাহ অনু্‌ষ্ঠানৰ আয়োজন কৰিছে হাৰ্দিক পাণ্ডিয়া আৰু নাটাছা ষ্টেনক’ভিচে। ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ৰ দিনাই উদয়পুৰত বিবাহপাশত আবদ্ধ হৈছে হাৰ্দিক আৰু নাটাছা। 

সোমবাৰে পুত্ৰ অগস্ত্যৰ সৈতে উদয়পুৰলৈ ৰাওনা হয় হাৰ্দিক-নাটাছা। হাৰ্দিকৰ দাদা ক্ৰুনাল পাণ্ডিয়া আৰু নবৌয়েক পংখুৰী শৰ্মা আৰু তেওঁলোকৰ পুত্ৰ কবীৰো তেওঁলোকৰ লগত আছিল।

মঙলবাৰে পুৱা উদয়পুৰলৈ যাত্ৰা কৰিছে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা। নৱবিবাহিত আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলেও দুপৰীয়াৰ ভাগত বিমানেৰে উদয়পুৰলৈ ৰাওনা হৈছে।

ভাৰতীয় ক্ৰিকেট দলৰ সকলো সদস্যই বিবাহ অনুষ্ঠানৰ আমন্ত্ৰণ তালিকাত আছে। বতাৰি অনুসৰি এইবাৰৰ আই পি এলৰ পিছতে তাৰকা যুটিটোৱে আয়োজন কৰিব বিয়াৰ অভ্যৰ্থনা পাৰ্টি।

হাৰ্দিক আৰু নাটাছাৰ প্ৰেমকাহিনী ৰোমাঞ্চকৰ। দুয়োৰে মাজত প্ৰথম কথা-বতৰা হৈছিল মুম্বাইৰ এটা নাইট ক্লাবত। হাৰ্দিকে প্ৰথম দৃষ্টিত নাটাছাক ভাল পায়। ২০২০ চনৰ ১ জানুৱাৰীত তেওঁলোকৰ বাগ্দান হৈছিল। কেইমাহমান পিছত বিয়াও পাতিলে। সেই বিয়া পতা হৈছিল কেৱল আইনগতভাৱে। সেই বছৰৰে জুলাই মাহত নাটাছাই এটা সন্তান জন্ম দিলে। পুত্ৰ অগস্ত্যক লৈ ব্যস্ত হৈ পৰিছে দম্পতীহাল। মুঠতে হাৰ্দিক আৰু নাটাছাই যোৱা তিনিবছৰত সমূহীয়া বিয়াৰ বাবে সময় উলিয়াব পৰা নাছিল।

সেয়ে চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীৰ প্ৰেম দিৱসৰ দিনাই ৰাজস্থানৰ উদয়পুৰত হাৰ্ডিক-নাটাছাৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব। ইতিমধ্যে নাটাছাই বিয়াৰ বাবে পোছাক বাছি লৈছে। বিশেষ দিনটোত কইনাক বগা গাউন পিন্ধা দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু