--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : এইবাৰ ট্ৰেক্টৰত উঠিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বিতৰ্কিত তিনি কৃষি আইনৰ বিৰোধিতা তথা কৃষকৰ প্ৰতিবাদৰ প্ৰতিধ্বনিক সংসদলৈ কঢ়িয়াই নিয়াৰ বাবে ট্ৰেক্টৰত উঠি সংসদত উপস্থিত হ’ল ৰাহুল গান্ধী। হাতকটা চোলা, ট্ৰাউজাৰ আৰু চেণ্ডেল পৰিহিত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে দিল্লীৰ ৰাজপথেৰে এখন ৰঙা ৰঙৰ ট্ৰেক্টৰ চলাই গৈ সংসদত উপস্থিত হ’ল।

তিনিখনকৈ বিতৰ্কিত কৃষি আইনৰ প্ৰতিবাদত প্ৰায় ৮মাহে প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলৰ বাৰ্তাক সংসদলৈকে কঢ়িয়াই অনা বুলি ঘোষণা কৰিলে ৰাহুলে। এই আইনৰ বিৰোধিতা কৰি ৰাহুলে কয়, চৰকাৰে কৃষকৰ কণ্ঠস্বৰক হেঁচি ধৰিছে। সংসদত এই বিষয় লৈ আলোচনা হ’বলৈ দিয়া নাই। তেওঁলোকে এই তিনিখন ক’লা আইন প্ৰত্যাহাৰ কৰিবই লাগিব।

সমগ্ৰ দেশে জানে যে, এই তিনিখন আইন দুই-তিনিজন বৃহৎ ব্যৱসায়ীৰ লাভৰ বাবেহে। তেওঁ সংবাদ মাধ্যমৰ আগত লগতে অভিযোগ কৰে যে, চৰকাৰৰ মতে কৃষকসকল সুখী আৰু যিসকলে বাহিৰত বহি প্ৰতিবাদ কৰি আছে তেওঁলোক সন্ত্ৰাসবাদী। কিন্তু প্ৰকৃততে কৃষকৰ অধিকাৰ কাঢ়ি নিয়া হৈছে। তেওঁৰ এই প্ৰতিবাদৰ বাৰ্তা দি তেওঁ টুইটাৰত হিন্দীত লিখিছে যে, যদিহে খেতিপথাৰ বিক্ৰী কৰিবলৈ বাধ্য কৰে, ট্ৰেক্টৰ সংসদত চলিব। সত্যৰ শষ্য ৰোপন কৰিহে এৰিম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু