--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : এইবাৰ ট্ৰেক্টৰত উঠিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বিতৰ্কিত তিনি কৃষি আইনৰ বিৰোধিতা তথা কৃষকৰ প্ৰতিবাদৰ প্ৰতিধ্বনিক সংসদলৈ কঢ়িয়াই নিয়াৰ বাবে ট্ৰেক্টৰত উঠি সংসদত উপস্থিত হ’ল ৰাহুল গান্ধী। হাতকটা চোলা, ট্ৰাউজাৰ আৰু চেণ্ডেল পৰিহিত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে দিল্লীৰ ৰাজপথেৰে এখন ৰঙা ৰঙৰ ট্ৰেক্টৰ চলাই গৈ সংসদত উপস্থিত হ’ল।

তিনিখনকৈ বিতৰ্কিত কৃষি আইনৰ প্ৰতিবাদত প্ৰায় ৮মাহে প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলৰ বাৰ্তাক সংসদলৈকে কঢ়িয়াই অনা বুলি ঘোষণা কৰিলে ৰাহুলে। এই আইনৰ বিৰোধিতা কৰি ৰাহুলে কয়, চৰকাৰে কৃষকৰ কণ্ঠস্বৰক হেঁচি ধৰিছে। সংসদত এই বিষয় লৈ আলোচনা হ’বলৈ দিয়া নাই। তেওঁলোকে এই তিনিখন ক’লা আইন প্ৰত্যাহাৰ কৰিবই লাগিব।

সমগ্ৰ দেশে জানে যে, এই তিনিখন আইন দুই-তিনিজন বৃহৎ ব্যৱসায়ীৰ লাভৰ বাবেহে। তেওঁ সংবাদ মাধ্যমৰ আগত লগতে অভিযোগ কৰে যে, চৰকাৰৰ মতে কৃষকসকল সুখী আৰু যিসকলে বাহিৰত বহি প্ৰতিবাদ কৰি আছে তেওঁলোক সন্ত্ৰাসবাদী। কিন্তু প্ৰকৃততে কৃষকৰ অধিকাৰ কাঢ়ি নিয়া হৈছে। তেওঁৰ এই প্ৰতিবাদৰ বাৰ্তা দি তেওঁ টুইটাৰত হিন্দীত লিখিছে যে, যদিহে খেতিপথাৰ বিক্ৰী কৰিবলৈ বাধ্য কৰে, ট্ৰেক্টৰ সংসদত চলিব। সত্যৰ শষ্য ৰোপন কৰিহে এৰিম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ