--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দিল্লী চৰকাৰ আৰু দিল্লীৰ উপৰাজ্যপালৰ মাজৰ সংঘাতে তুংগত আৰোহন কৰিছে। দিল্লী চৰকাৰৰ কেবিনেটৰ এটা সিদ্ধান্ত উপ-ৰাজ্যপালে প্ৰত্যাহাৰ কৰাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেজৰিৱাল চৰকাৰে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কালি উপৰাজ্যপালৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, কেবিনেটে দিল্লীৰ প্ৰতিবাদী কৃষকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ বাবে গঠন কৰা অধিবক্তাৰ পেনেল প্ৰত্যাহাৰ কৰাটো দিল্লীৰ জনগণৰ প্ৰতি এক অপমান।

‘কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাখ্যান কৰাৰ জৰিয়তে উপৰাজ্যপাল অনিল বাইজালে দিল্লীৰ জনগণক অপমান কৰিছে। দিল্লীৰ জনগণে ঐতিহাসিক মত দানেৰে বিজেপিক পৰাজিত কৰিছিল আৰু আপ চৰকাৰ নিৰ্বাচন কৰিছিল। বিজেপিক দেশ চলাবলৈ দি দিল্লীৰ জনগণে আপক দিল্লী চলোৱাৰ দায়িত্ব দিছিল। সকলো কামতে এইধৰণৰ হস্তক্ষেপ দিল্লীৰ জনগণৰ প্ৰতি অপমান। বিজেপিয়ে গণতন্ত্ৰক সন্মান জনোৱা উচিত।‘ কেজৰিৱালে হিন্দীত কৰা এটা টুইটযোগে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

দিল্লী চৰকাৰে নিৰ্বাচন কৰা অধিবক্তাৰ তালিকা প্ৰত্যাহাৰ কৰি অনিল বাইজালে দিল্লী আৰক্ষীয়ে প্ৰস্তুত কৰা অধিবক্তাৰ তালিকাত অনুমোদন দিছিল। কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দায়বদ্ধ দিল্লী আৰক্ষীৰ এই তালিকা কেন্দ্ৰৰ নিৰ্দেশনাতে হোৱা বুলি উপ মুখ্যমন্ত্ৰী মনীষ শিশোদিয়াই অভিযোগ কৰিছে। তিনিখন বিতৰ্কিত কৃষি আইনবিৰোধী প্ৰতিবাদৰ সময়ত যিসকল কৃষকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে তাৰে মোকাবিলা কৰাৰ বাবে এই অধিবক্তাৰ তালিকা প্ৰস্তুক কৰা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ