--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দিল্লী চৰকাৰ আৰু দিল্লীৰ উপৰাজ্যপালৰ মাজৰ সংঘাতে তুংগত আৰোহন কৰিছে। দিল্লী চৰকাৰৰ কেবিনেটৰ এটা সিদ্ধান্ত উপ-ৰাজ্যপালে প্ৰত্যাহাৰ কৰাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেজৰিৱাল চৰকাৰে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কালি উপৰাজ্যপালৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, কেবিনেটে দিল্লীৰ প্ৰতিবাদী কৃষকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ বাবে গঠন কৰা অধিবক্তাৰ পেনেল প্ৰত্যাহাৰ কৰাটো দিল্লীৰ জনগণৰ প্ৰতি এক অপমান।

‘কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাখ্যান কৰাৰ জৰিয়তে উপৰাজ্যপাল অনিল বাইজালে দিল্লীৰ জনগণক অপমান কৰিছে। দিল্লীৰ জনগণে ঐতিহাসিক মত দানেৰে বিজেপিক পৰাজিত কৰিছিল আৰু আপ চৰকাৰ নিৰ্বাচন কৰিছিল। বিজেপিক দেশ চলাবলৈ দি দিল্লীৰ জনগণে আপক দিল্লী চলোৱাৰ দায়িত্ব দিছিল। সকলো কামতে এইধৰণৰ হস্তক্ষেপ দিল্লীৰ জনগণৰ প্ৰতি অপমান। বিজেপিয়ে গণতন্ত্ৰক সন্মান জনোৱা উচিত।‘ কেজৰিৱালে হিন্দীত কৰা এটা টুইটযোগে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

দিল্লী চৰকাৰে নিৰ্বাচন কৰা অধিবক্তাৰ তালিকা প্ৰত্যাহাৰ কৰি অনিল বাইজালে দিল্লী আৰক্ষীয়ে প্ৰস্তুত কৰা অধিবক্তাৰ তালিকাত অনুমোদন দিছিল। কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দায়বদ্ধ দিল্লী আৰক্ষীৰ এই তালিকা কেন্দ্ৰৰ নিৰ্দেশনাতে হোৱা বুলি উপ মুখ্যমন্ত্ৰী মনীষ শিশোদিয়াই অভিযোগ কৰিছে। তিনিখন বিতৰ্কিত কৃষি আইনবিৰোধী প্ৰতিবাদৰ সময়ত যিসকল কৃষকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে তাৰে মোকাবিলা কৰাৰ বাবে এই অধিবক্তাৰ তালিকা প্ৰস্তুক কৰা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ