--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এম চিদাম্বৰম ষ্টেডিয়ামত টীম ইণ্ডিয়াৰ তৃতীয়খন এদিনীয়া মেচ চলি আছে। অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত মজবুত স্থিতি লাভ কৰিছে। উইকেট লাভেৰে উজ্বলি উঠিছে কুলদ্বীপ যাদৱ, হাৰ্দিক পাণ্ডিয়া। ইয়াৰ মাজতে ব্যতিক্ৰমী ৰূপত দেখা গ’ল ৰোহিত শৰ্মাক।

আগ্ৰাসী ৰূপত দেখা গৈছে টীম ইণ্ডিয়াৰ অধিনায়কজনক। খেলৰ মাজতে থাকোঁতে বাৰে বাৰে খং উঠিছে ৰোহিতৰ। কেতিয়াবা শুবমান গিলৰ ওপৰত, কেতিয়াবা কুলদীপ যাদৱৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে। ৰোহিতৰ খং দেখি বিৰাট কোহলিয়ে পৰিস্তিত চম্ভালিবলৈ আগবাঢ়ি আহিল।

টছত পৰাস্ত হৈ ভাৰতে চেন্নাইত প্ৰথমে বলিং কৰে। প্ৰথম ১০ অভাৰত কোনো উইকেট ল’ব পৰা নাছিল। কিন্তু এটা সুযোগ আহিল। শুবমানে সহজ সুযোগ হেৰুৱালে। শুবমানক লৈ ৰোহিতৰ খং উঠিল। ১১ নং অভাৰত বলিং কৰিছিল হাৰ্দিক পাণ্ডিয়াই। সেই সময়ত শ্বুবমেনে ট্ৰেভিছ হেডৰ বেটৰ পৰা উফৰি যোৱা বলটো ধৰিবলৈ সুযোগ পাইছিল। কিন্তু ধৰিব নোৱাৰিলে। অসন্তুষ্ট হৈ পৰিল ৰোহিত-হাৰ্দিক। 

কুলদীপ যাদৱৰ ওপৰতো ৰোহিতৰ খং উঠিল। ভাৰতীয় বাওঁহাতৰ স্পিনাৰগৰাকীৰ বলে ডেভিদ ৱাৰ্নাৰৰ ভৰিত খুন্দা মাৰে। কুলদীপে এলবিডব্লিউৰ আবেদন কৰে। কিন্তু আম্পায়াৰে  নট আউট নহয় বুলি সিদ্ধান্ত দিয়ে। কুলদীপে ৰোহিতক ৰিভিউ ল’বলৈ মানা কৰে। এনে সময়তে খেলপথাৰৰ ডাঙৰ পৰ্দাত ৰিপ্লে দেখুওৱা হয়। ৰোহিতে ৰিপ্লেটো দেখি কুলদীপৰ ওপৰত খং উজাৰে। ৱাৰ্নাৰ ৰিভিউটো ল’লে আউট হ’লহেঁতেন বুলি তেওঁ অনুঙৱ কৰে।

লগে লগে বিৰাটে ৰোহিতৰ ওচৰলৈ আহি বুজাবলৈ চেষ্টা কৰে। অৱশেষত ৱাৰ্নাৰৰ উইকেটটো কুলদীপেই লাভ কৰে। ৱাৰ্নাৰে ২৩ ৰান সংগ্ৰহ কৰি আউট হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক