--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এম চিদাম্বৰম ষ্টেডিয়ামত টীম ইণ্ডিয়াৰ তৃতীয়খন এদিনীয়া মেচ চলি আছে। অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত মজবুত স্থিতি লাভ কৰিছে। উইকেট লাভেৰে উজ্বলি উঠিছে কুলদ্বীপ যাদৱ, হাৰ্দিক পাণ্ডিয়া। ইয়াৰ মাজতে ব্যতিক্ৰমী ৰূপত দেখা গ’ল ৰোহিত শৰ্মাক।

আগ্ৰাসী ৰূপত দেখা গৈছে টীম ইণ্ডিয়াৰ অধিনায়কজনক। খেলৰ মাজতে থাকোঁতে বাৰে বাৰে খং উঠিছে ৰোহিতৰ। কেতিয়াবা শুবমান গিলৰ ওপৰত, কেতিয়াবা কুলদীপ যাদৱৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে। ৰোহিতৰ খং দেখি বিৰাট কোহলিয়ে পৰিস্তিত চম্ভালিবলৈ আগবাঢ়ি আহিল।

টছত পৰাস্ত হৈ ভাৰতে চেন্নাইত প্ৰথমে বলিং কৰে। প্ৰথম ১০ অভাৰত কোনো উইকেট ল’ব পৰা নাছিল। কিন্তু এটা সুযোগ আহিল। শুবমানে সহজ সুযোগ হেৰুৱালে। শুবমানক লৈ ৰোহিতৰ খং উঠিল। ১১ নং অভাৰত বলিং কৰিছিল হাৰ্দিক পাণ্ডিয়াই। সেই সময়ত শ্বুবমেনে ট্ৰেভিছ হেডৰ বেটৰ পৰা উফৰি যোৱা বলটো ধৰিবলৈ সুযোগ পাইছিল। কিন্তু ধৰিব নোৱাৰিলে। অসন্তুষ্ট হৈ পৰিল ৰোহিত-হাৰ্দিক। 

কুলদীপ যাদৱৰ ওপৰতো ৰোহিতৰ খং উঠিল। ভাৰতীয় বাওঁহাতৰ স্পিনাৰগৰাকীৰ বলে ডেভিদ ৱাৰ্নাৰৰ ভৰিত খুন্দা মাৰে। কুলদীপে এলবিডব্লিউৰ আবেদন কৰে। কিন্তু আম্পায়াৰে  নট আউট নহয় বুলি সিদ্ধান্ত দিয়ে। কুলদীপে ৰোহিতক ৰিভিউ ল’বলৈ মানা কৰে। এনে সময়তে খেলপথাৰৰ ডাঙৰ পৰ্দাত ৰিপ্লে দেখুওৱা হয়। ৰোহিতে ৰিপ্লেটো দেখি কুলদীপৰ ওপৰত খং উজাৰে। ৱাৰ্নাৰ ৰিভিউটো ল’লে আউট হ’লহেঁতেন বুলি তেওঁ অনুঙৱ কৰে।

লগে লগে বিৰাটে ৰোহিতৰ ওচৰলৈ আহি বুজাবলৈ চেষ্টা কৰে। অৱশেষত ৱাৰ্নাৰৰ উইকেটটো কুলদীপেই লাভ কৰে। ৱাৰ্নাৰে ২৩ ৰান সংগ্ৰহ কৰি আউট হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু