--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইচিচিৰ টেষ্ট বেটাৰৰ ৰেংকিঙত ৰোহিত শৰ্মাই প্ৰথম ১০ ৰ পৰা বাহিৰ হৈছে। নিজৰ স্থান অক্ষুণ্ণ কৰিছে বিৰাট কোহলীয়ে। বলাৰৰ তালিকাৰ শীৰ্ষত স্থআন অক্ষুণ্ণ ৰাখিছে ৰবিচন্দ্ৰন অশ্বিনে। এদিনীয়া ক্ৰিকেটত বলাৰৰ ৰেংকিঙত শীৰ্ষ স্থান হেৰুৱাইছে মহম্মদ চিৰাজে।

শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ সফলতাৰ বাবে নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক কেন উইলিয়ামছন টেষ্ট বেটছমেনৰ তালিকাত আগবাঢ়িছে। চাৰি খোজ আগুৱাই গৈ দ্বিতীয় স্থান লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবুচেনে শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে। তৃতীয়ৰ পৰা পঞ্চম স্থানত আছে ষ্টিভ স্মিথ, জো ৰুট আৰু বাবৰ আজম।

কিন্তু ৰোহিতে প্ৰথম ১০ৰ পৰা আঁতৰিছে। তেওঁ দুখোজ তললৈ নামি ১২ নম্বৰত আছে। আহমেদাবাদ টেষ্টত দূৰ্দান্ত শতক অৰ্জন কৰা কোহলীয়ে ত্ৰয়োদশ স্থান অক্ষুণ্ণ ৰাখিছে। শীৰ্ষ ১০ ৰ ভিতৰত আছে মাত্ৰ এজন ভাৰতীয়। গাড়ী দুৰ্ঘটনাত আহত হৈ চিকিৎসালয়ত থকা ঋষভ পন্ত আছে ৯ নম্বৰত।

বলাৰৰ ৰেংকিঙত শীৰ্ষ স্থানৰ কোনো পৰিৱৰ্তন হোৱা নাই। ইংলেণ্ডৰ জেমছ এণ্ডাৰছন অশ্বিনৰ সৈতে যৌথভাৱে শীৰ্ষত আছে। তৃতীয়ৰ পৰা পঞ্চম স্থানত আছে পেট কামিন্স, কাগিছ’ ৰাবাডা আৰু শ্বাহীন আফ্ৰিদি।

শীৰ্ষ চাৰিগৰাকী টেষ্ট অলৰাউণ্ডাৰৰ ভিতৰত তিনিগৰাকী ভাৰতৰ। শীৰ্ষত আছে ৰবীন্দ্ৰ জাডেজা। দ্বিতীয় স্থানত আছে অশ্বিন। চতুৰ্থ স্থানত আছে অক্ষৰ পেটেল।

এদিনীয়া ক্ৰিকেটত বলাৰৰ তালিকাত শীৰ্ষস্থান হেৰুৱাইছে ছিৰাজে। শীৰ্ষলৈ আহিছে জোছ হেজলউড। তৃতীয় স্থানলৈ নামি আহিল ছিৰাজ। দ্বিতীয়তে ট্ৰেণ্ট ব’ল্ট। শীৰ্ষ ১০ ৰ ভিতৰত আন কোনো ভাৰতীয় নাই। শেহতীয়াকৈ এদিনীয়া খেলত ৩০০ উইকেট দখল কৰা বাংলাদেশৰ ছাকিব আল হাছানে ষষ্ঠ স্থানত আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক