--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইচিচিৰ টেষ্ট বেটাৰৰ ৰেংকিঙত ৰোহিত শৰ্মাই প্ৰথম ১০ ৰ পৰা বাহিৰ হৈছে। নিজৰ স্থান অক্ষুণ্ণ কৰিছে বিৰাট কোহলীয়ে। বলাৰৰ তালিকাৰ শীৰ্ষত স্থআন অক্ষুণ্ণ ৰাখিছে ৰবিচন্দ্ৰন অশ্বিনে। এদিনীয়া ক্ৰিকেটত বলাৰৰ ৰেংকিঙত শীৰ্ষ স্থান হেৰুৱাইছে মহম্মদ চিৰাজে।

শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ সফলতাৰ বাবে নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক কেন উইলিয়ামছন টেষ্ট বেটছমেনৰ তালিকাত আগবাঢ়িছে। চাৰি খোজ আগুৱাই গৈ দ্বিতীয় স্থান লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবুচেনে শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে। তৃতীয়ৰ পৰা পঞ্চম স্থানত আছে ষ্টিভ স্মিথ, জো ৰুট আৰু বাবৰ আজম।

কিন্তু ৰোহিতে প্ৰথম ১০ৰ পৰা আঁতৰিছে। তেওঁ দুখোজ তললৈ নামি ১২ নম্বৰত আছে। আহমেদাবাদ টেষ্টত দূৰ্দান্ত শতক অৰ্জন কৰা কোহলীয়ে ত্ৰয়োদশ স্থান অক্ষুণ্ণ ৰাখিছে। শীৰ্ষ ১০ ৰ ভিতৰত আছে মাত্ৰ এজন ভাৰতীয়। গাড়ী দুৰ্ঘটনাত আহত হৈ চিকিৎসালয়ত থকা ঋষভ পন্ত আছে ৯ নম্বৰত।

বলাৰৰ ৰেংকিঙত শীৰ্ষ স্থানৰ কোনো পৰিৱৰ্তন হোৱা নাই। ইংলেণ্ডৰ জেমছ এণ্ডাৰছন অশ্বিনৰ সৈতে যৌথভাৱে শীৰ্ষত আছে। তৃতীয়ৰ পৰা পঞ্চম স্থানত আছে পেট কামিন্স, কাগিছ’ ৰাবাডা আৰু শ্বাহীন আফ্ৰিদি।

শীৰ্ষ চাৰিগৰাকী টেষ্ট অলৰাউণ্ডাৰৰ ভিতৰত তিনিগৰাকী ভাৰতৰ। শীৰ্ষত আছে ৰবীন্দ্ৰ জাডেজা। দ্বিতীয় স্থানত আছে অশ্বিন। চতুৰ্থ স্থানত আছে অক্ষৰ পেটেল।

এদিনীয়া ক্ৰিকেটত বলাৰৰ তালিকাত শীৰ্ষস্থান হেৰুৱাইছে ছিৰাজে। শীৰ্ষলৈ আহিছে জোছ হেজলউড। তৃতীয় স্থানলৈ নামি আহিল ছিৰাজ। দ্বিতীয়তে ট্ৰেণ্ট ব’ল্ট। শীৰ্ষ ১০ ৰ ভিতৰত আন কোনো ভাৰতীয় নাই। শেহতীয়াকৈ এদিনীয়া খেলত ৩০০ উইকেট দখল কৰা বাংলাদেশৰ ছাকিব আল হাছানে ষষ্ঠ স্থানত আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু