--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ অক্টোবৰত মাহত আৰম্ভ হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ  সম্ভাৱ্য দিন ঘোষণা কৰা হৈছে। যদি সকলো ঠিকে থাকে, ভাৰতত ৫ অক্টোবৰৰ পৰা এদিনীয়া বিশ্বকাপ ২০২৩  আৰম্ভ হ'ব। ফাইনেল খেল খন  ১৯ নৱেম্বৰত অনুষ্ঠিত হ'ব পাৰে। খেলৰ বাবে মুঠ ১২ টা স্থান বাছনি কৰা হৈছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে৷ উল্লেখ্য  ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াৰ বাবে কেন্দ্ৰক বৃহৎ পৰিমাণৰ কৰ পৰিশোধ কৰিব লাগিব।

সূত্ৰটোৰ মতে  এইবাৰ ১০ টা দলে মূল পৰ্যায়ত অংশগ্ৰহণ কৰিব। দেশৰ বিভিন্ন প্ৰান্তত ৪৬ দিনৰ বাবে মুঠ ৪৮ খন খেল অনুষ্ঠিত হ'ব। মেগা প্ৰতিযোগিতাখনৰ ফাইনেল খন আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আন খেলসমূহৰ বাবে এঘাৰটা স্থানো বাছনি কৰা হৈছে। সেইবোৰ হৈছে বাংগালুৰু, চেন্নাই, দিল্লী, ধৰ্মশালা, গুৱাহাটী, হায়দৰাবাদ, কলকাতা, লক্ষ্ণৌ, ইন্দোৰ, ৰাজকোট আৰু মুম্বাই। 

অৱশ্যে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) ফালৰ  পৰা  কোন খন চহৰত ৱাৰ্ম-আপ মেচ অনুষ্ঠিত হ'ব সেই বিষয়ত কোনো কথা প্ৰকাশ কৰা হোৱা নাই৷সাধাৰণতে আইচিচিয়ে প্ৰতিযোগিতা এখন আৰম্ভ হোৱাৰ এবছৰ আগতে তাৰিখ ঘোষণা কৰে। কিন্তু এইবাৰ বিচিচিআইয়ে মোদী চৰকাৰৰ পৰা একাধিক অনুমোদন লাভ কৰিবলগীয়া হৈছে৷ সেইকাৰণে অনুসূচী এতিয়াও আনুষ্ঠানিকভাবে ঘোষণা কৰিব পৰা  নাই। বিচিচিআইৰ সন্মুখত আহি পৰা সমস্যাৰ ভিতৰত  মুখ্য দুটা সমস্যা হৈছে  কৰ ৰেহাই আৰু পাকিস্তানী ক্ৰিকেটাৰসকলৰ বাবে ভিছা পোৱাৰ সমস্যা। 

শেষবাৰৰ বাবে ২০১৩ চনত পাকিস্তানৰ দলটো ভাৰতলৈ আহিছিল। আইচিচিৰ নিয়ম অনুসৰি যদি এখন দেশে বিশ্বকাপ আয়োজন কৰিব বিচাৰে তেন্তে  চৰকাৰৰ পৰা কৰ ৰেহাইৰ অনুমতি ল'ব লাগিব। যদি সেয়া উপলব্ধ নহয় তেন্তে আয়োজক দেশৰ ক্ৰিকেট ব'ৰ্ডক টকা পৰিশোধ কৰিব লাগিব। ভাৰতৰ কৰ নিয়মত এনে ৰেহাইৰ কোনোকথা  উল্লেখ নাই।  সেয়েহে বিচিচিআইয়ে কেন্দ্ৰক ৯৬৩ কোটি টকাৰ কৰ পৰিশোধ কৰিব লাগিব। ২০১৬ চনত টি-২০ বিশ্বকাপ আয়োজনৰ বাবে বোৰ্ডে চৰকাৰক  ১৯৩ কোটি টকা পৰিশোধ কৰিব লগা হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক