--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ অক্টোবৰত মাহত আৰম্ভ হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ  সম্ভাৱ্য দিন ঘোষণা কৰা হৈছে। যদি সকলো ঠিকে থাকে, ভাৰতত ৫ অক্টোবৰৰ পৰা এদিনীয়া বিশ্বকাপ ২০২৩  আৰম্ভ হ'ব। ফাইনেল খেল খন  ১৯ নৱেম্বৰত অনুষ্ঠিত হ'ব পাৰে। খেলৰ বাবে মুঠ ১২ টা স্থান বাছনি কৰা হৈছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে৷ উল্লেখ্য  ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াৰ বাবে কেন্দ্ৰক বৃহৎ পৰিমাণৰ কৰ পৰিশোধ কৰিব লাগিব।

সূত্ৰটোৰ মতে  এইবাৰ ১০ টা দলে মূল পৰ্যায়ত অংশগ্ৰহণ কৰিব। দেশৰ বিভিন্ন প্ৰান্তত ৪৬ দিনৰ বাবে মুঠ ৪৮ খন খেল অনুষ্ঠিত হ'ব। মেগা প্ৰতিযোগিতাখনৰ ফাইনেল খন আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আন খেলসমূহৰ বাবে এঘাৰটা স্থানো বাছনি কৰা হৈছে। সেইবোৰ হৈছে বাংগালুৰু, চেন্নাই, দিল্লী, ধৰ্মশালা, গুৱাহাটী, হায়দৰাবাদ, কলকাতা, লক্ষ্ণৌ, ইন্দোৰ, ৰাজকোট আৰু মুম্বাই। 

অৱশ্যে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) ফালৰ  পৰা  কোন খন চহৰত ৱাৰ্ম-আপ মেচ অনুষ্ঠিত হ'ব সেই বিষয়ত কোনো কথা প্ৰকাশ কৰা হোৱা নাই৷সাধাৰণতে আইচিচিয়ে প্ৰতিযোগিতা এখন আৰম্ভ হোৱাৰ এবছৰ আগতে তাৰিখ ঘোষণা কৰে। কিন্তু এইবাৰ বিচিচিআইয়ে মোদী চৰকাৰৰ পৰা একাধিক অনুমোদন লাভ কৰিবলগীয়া হৈছে৷ সেইকাৰণে অনুসূচী এতিয়াও আনুষ্ঠানিকভাবে ঘোষণা কৰিব পৰা  নাই। বিচিচিআইৰ সন্মুখত আহি পৰা সমস্যাৰ ভিতৰত  মুখ্য দুটা সমস্যা হৈছে  কৰ ৰেহাই আৰু পাকিস্তানী ক্ৰিকেটাৰসকলৰ বাবে ভিছা পোৱাৰ সমস্যা। 

শেষবাৰৰ বাবে ২০১৩ চনত পাকিস্তানৰ দলটো ভাৰতলৈ আহিছিল। আইচিচিৰ নিয়ম অনুসৰি যদি এখন দেশে বিশ্বকাপ আয়োজন কৰিব বিচাৰে তেন্তে  চৰকাৰৰ পৰা কৰ ৰেহাইৰ অনুমতি ল'ব লাগিব। যদি সেয়া উপলব্ধ নহয় তেন্তে আয়োজক দেশৰ ক্ৰিকেট ব'ৰ্ডক টকা পৰিশোধ কৰিব লাগিব। ভাৰতৰ কৰ নিয়মত এনে ৰেহাইৰ কোনোকথা  উল্লেখ নাই।  সেয়েহে বিচিচিআইয়ে কেন্দ্ৰক ৯৬৩ কোটি টকাৰ কৰ পৰিশোধ কৰিব লাগিব। ২০১৬ চনত টি-২০ বিশ্বকাপ আয়োজনৰ বাবে বোৰ্ডে চৰকাৰক  ১৯৩ কোটি টকা পৰিশোধ কৰিব লগা হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু