--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেটত স্পীন বলিং বিভাগে এক গৌৰৱময় ধাৰা বহন কৰি আহিছে। বিশ্ব ক্ৰিকেটত নিজস্ব স্পীন ঘূৰ্ণীৰ পাৰদৰ্শিতাৰে উজ্বলি উঠিছে কেইবাগৰাকীও ভাৰতীয় স্পীন তাৰকা। এই ধাৰা বহন কৰি ভাৰতীয় দলত এক ন-সম্ভাৱনাৰে অভিষেক ঘটিছিল ‘চাইনামেন’ কুলদীপ যাদৱৰ। কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ছোৱাত দুৰন্ত প্ৰদৰ্শনেৰে উজ্জলি উঠিছিল যুৱ তাৰকাগৰাকী। আনকি কুলদীপক প্ৰশংসা কৰি ভাৰতৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ তথা প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে যাদৱক সাম্প্ৰতিক সময়ত বিদেশৰ মাটিত ভাৰতৰ এক নম্বৰ স্পিনাৰ বুলিও অভিহিত কৰিছিল।

দলৰ আন এগৰাকী তাৰকা স্পিনাৰ যুজবেন্দ্ৰ চাহাল আৰু কুলদীপৰ ‘কুলচা’ যুটীয়ে সীমিত অভাৰৰ ক্ৰিকেটত এক দুৰন্ত স্পীন যুটী হিচাপে যথেষ্ট খ্যাতি অৰ্জন কৰিছিল। কিন্তু কেৰিয়াৰৰ এই প্ৰাথমিক ফৰ্ম ধৰি ৰাখিবলৈ ব্যৰ্থ হোৱাৰ পাছত হঠাতে ভাৰতীয় ক্ৰিকেট দলৰ পৰাও বাদ পৰিবলগীয়া হয় কুলদীপ। কিন্তু শেহতীয়াকৈ নিজৰ প্ৰতিভাৰ বলত ‘হোৱাইট বল’ ক্ৰিকেটত প্ৰত্যাৱৰ্তন ঘটাবলৈ সক্ষম হৈছে তাৰকাগৰাকী। 

সদ্যসমাপ্ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত কুলদীপে আশানুৰূপ প্ৰদৰ্শন আগবঢ়াই ফৰ্মলৈ ঘূৰি অহাৰ ইঙ্গিত দিছে। বিশেষকৈ অন্তিম এদিনীয়াত দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি বাওঁহতীয়া স্পীনাৰ গৰাকী যথেষ্ট প্ৰশংসিত হৈছে। কুলদীপৰ এই প্ৰদৰ্শনৰ পাছতে ভাৰতীয় ক্ৰিকেটৰ সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ স্পীন তাৰকা ৰবিচন্দ্ৰন অশ্বিনে এক বিশেষ মন্তব্য কৰিছে।

সীমিত অভাৰৰ ক্ৰিকেটত সাফল্য অৰ্জন কৰা কুলদীপৰ ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেট টেষ্ট ক্ৰিকেটতো সম্ভাৱনাৰ আশা প্ৰকাশ কৰিছে অশ্বিনে। টেষ্ট ফৰ্মেটত ভাৰতীয় বলিঙৰ এক প্ৰধান স্তম্ভ অশ্বিনে ইউটিউব চেনেলত এক ভিডিঅ'ত ‘ৰিষ্ট স্পিনাৰ’ৰ ক্ষেত্ৰত তেওঁ সদায় কুলদীপক উচ্চ মূল্যাঙ্কন কৰি আহিছে বুলি মন্তব্য কৰে। বিশেষকৈ ‘চাইনামেন স্পিনাৰ’ কুলদীপৰ ধাৰাবাহিকভাৱে একেটা লেংথতে বল কৰাৰ সামৰ্থ্যই অশ্বিনক যথেষ্ট প্ৰভাৱিত কৰিছে। 

ভিডিঅ'টোত অশ্বিনে এই সামৰ্থ্যৰ বাবেই কুলদীপে টেষ্ট ক্ৰিকেটত সফলতা লাভ কৰিব পাৰিব বুলি আঙুলিয়াই দিছে। উল্লেখ্য যে কিংবদন্তী স্পিনাৰ অনিল কুম্বলেৰ অৱসৰৰ পিছত কোনো এগৰাকী ৰিষ্ট স্পিনাৰে ভাৰতীয় টেষ্ট দলত নিজৰ স্থান নিগাজী কৰিব পৰা নাই। কুলদীপ যাদৱেও ভাৰতীয় টেষ্ট দলৰ হৈ আত্মপ্ৰকাশ কৰাৰ সুবিধা লাভ কৰাৰ পিছত ৭ খন মেচত ২৬ টা উইকেট দখল কৰি তুলনামূলকভাৱে সফল প্ৰদৰ্শন আগবঢ়াইছিল যদিও অশ্বিন-জাদেজা যুটীৰ বাবে দীঘলীয়া সময়ৰ বাবে টেষ্ট দলৰ অংশ হোৱাত বিফল হয়।

এনে সময়তে অশ্বিনৰ এই আশাই কুলদীপৰ বাবে এক বিশেষ অৰ্থ বহন কৰিছে। ইউটিউব ভিডিঅ’টোত অশ্বিনে কয়, "যেতিয়া আমি ৰিষ্ট স্পিনাৰৰ বিষয়ে আলোচনা কৰোঁ, তেতিয়া মই সদায় কুলদীপ যাদৱক আগস্থান দি আহিছো। টেষ্ট ক্ৰিকেটত বলিঙৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিবলৈ লেংথৰ ধাৰাবাহিকতা অতি প্ৰয়োজনীয়। কুলদীপ যাদৱে নিজৰ বলিঙত এই বিশেষ বৈশিষ্ট্য বহন কৰিছে।"

“কুলদীপে যেতিয়াই বিচাৰে এক নিৰ্দিষ্ট স্থানত বল নিক্ষেপ কৰিব পাৰে। এগৰাকী ৰিষ্ট স্পিনাৰৰ ক্ষেত্ৰত এয়া এক চমৎকাৰ গুণ।" অশ্বিনে ভিডিঅ'টোত লগতে কয়। অশ্বিনৰ এই প্ৰশংসাই কুলদীপক বিশেষভাৱে উৎসাহী কৰি তুলিব। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে জাতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ হ’লে কুলদীপে নিজৰ প্ৰদৰ্শনত ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব লাগিব। ইফালে আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান নাপালেও কুলদীপে স্বাভাৱিকতেই ২০২৩ চনৰ এদিনীয়া বিশ্বকাপ দলত স্থান লাভৰ চেষ্টা চলাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু