--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেটত স্পীন বলিং বিভাগে এক গৌৰৱময় ধাৰা বহন কৰি আহিছে। বিশ্ব ক্ৰিকেটত নিজস্ব স্পীন ঘূৰ্ণীৰ পাৰদৰ্শিতাৰে উজ্বলি উঠিছে কেইবাগৰাকীও ভাৰতীয় স্পীন তাৰকা। এই ধাৰা বহন কৰি ভাৰতীয় দলত এক ন-সম্ভাৱনাৰে অভিষেক ঘটিছিল ‘চাইনামেন’ কুলদীপ যাদৱৰ। কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ছোৱাত দুৰন্ত প্ৰদৰ্শনেৰে উজ্জলি উঠিছিল যুৱ তাৰকাগৰাকী। আনকি কুলদীপক প্ৰশংসা কৰি ভাৰতৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ তথা প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে যাদৱক সাম্প্ৰতিক সময়ত বিদেশৰ মাটিত ভাৰতৰ এক নম্বৰ স্পিনাৰ বুলিও অভিহিত কৰিছিল।

দলৰ আন এগৰাকী তাৰকা স্পিনাৰ যুজবেন্দ্ৰ চাহাল আৰু কুলদীপৰ ‘কুলচা’ যুটীয়ে সীমিত অভাৰৰ ক্ৰিকেটত এক দুৰন্ত স্পীন যুটী হিচাপে যথেষ্ট খ্যাতি অৰ্জন কৰিছিল। কিন্তু কেৰিয়াৰৰ এই প্ৰাথমিক ফৰ্ম ধৰি ৰাখিবলৈ ব্যৰ্থ হোৱাৰ পাছত হঠাতে ভাৰতীয় ক্ৰিকেট দলৰ পৰাও বাদ পৰিবলগীয়া হয় কুলদীপ। কিন্তু শেহতীয়াকৈ নিজৰ প্ৰতিভাৰ বলত ‘হোৱাইট বল’ ক্ৰিকেটত প্ৰত্যাৱৰ্তন ঘটাবলৈ সক্ষম হৈছে তাৰকাগৰাকী। 

সদ্যসমাপ্ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত কুলদীপে আশানুৰূপ প্ৰদৰ্শন আগবঢ়াই ফৰ্মলৈ ঘূৰি অহাৰ ইঙ্গিত দিছে। বিশেষকৈ অন্তিম এদিনীয়াত দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি বাওঁহতীয়া স্পীনাৰ গৰাকী যথেষ্ট প্ৰশংসিত হৈছে। কুলদীপৰ এই প্ৰদৰ্শনৰ পাছতে ভাৰতীয় ক্ৰিকেটৰ সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ স্পীন তাৰকা ৰবিচন্দ্ৰন অশ্বিনে এক বিশেষ মন্তব্য কৰিছে।

সীমিত অভাৰৰ ক্ৰিকেটত সাফল্য অৰ্জন কৰা কুলদীপৰ ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেট টেষ্ট ক্ৰিকেটতো সম্ভাৱনাৰ আশা প্ৰকাশ কৰিছে অশ্বিনে। টেষ্ট ফৰ্মেটত ভাৰতীয় বলিঙৰ এক প্ৰধান স্তম্ভ অশ্বিনে ইউটিউব চেনেলত এক ভিডিঅ'ত ‘ৰিষ্ট স্পিনাৰ’ৰ ক্ষেত্ৰত তেওঁ সদায় কুলদীপক উচ্চ মূল্যাঙ্কন কৰি আহিছে বুলি মন্তব্য কৰে। বিশেষকৈ ‘চাইনামেন স্পিনাৰ’ কুলদীপৰ ধাৰাবাহিকভাৱে একেটা লেংথতে বল কৰাৰ সামৰ্থ্যই অশ্বিনক যথেষ্ট প্ৰভাৱিত কৰিছে। 

ভিডিঅ'টোত অশ্বিনে এই সামৰ্থ্যৰ বাবেই কুলদীপে টেষ্ট ক্ৰিকেটত সফলতা লাভ কৰিব পাৰিব বুলি আঙুলিয়াই দিছে। উল্লেখ্য যে কিংবদন্তী স্পিনাৰ অনিল কুম্বলেৰ অৱসৰৰ পিছত কোনো এগৰাকী ৰিষ্ট স্পিনাৰে ভাৰতীয় টেষ্ট দলত নিজৰ স্থান নিগাজী কৰিব পৰা নাই। কুলদীপ যাদৱেও ভাৰতীয় টেষ্ট দলৰ হৈ আত্মপ্ৰকাশ কৰাৰ সুবিধা লাভ কৰাৰ পিছত ৭ খন মেচত ২৬ টা উইকেট দখল কৰি তুলনামূলকভাৱে সফল প্ৰদৰ্শন আগবঢ়াইছিল যদিও অশ্বিন-জাদেজা যুটীৰ বাবে দীঘলীয়া সময়ৰ বাবে টেষ্ট দলৰ অংশ হোৱাত বিফল হয়।

এনে সময়তে অশ্বিনৰ এই আশাই কুলদীপৰ বাবে এক বিশেষ অৰ্থ বহন কৰিছে। ইউটিউব ভিডিঅ’টোত অশ্বিনে কয়, "যেতিয়া আমি ৰিষ্ট স্পিনাৰৰ বিষয়ে আলোচনা কৰোঁ, তেতিয়া মই সদায় কুলদীপ যাদৱক আগস্থান দি আহিছো। টেষ্ট ক্ৰিকেটত বলিঙৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিবলৈ লেংথৰ ধাৰাবাহিকতা অতি প্ৰয়োজনীয়। কুলদীপ যাদৱে নিজৰ বলিঙত এই বিশেষ বৈশিষ্ট্য বহন কৰিছে।"

“কুলদীপে যেতিয়াই বিচাৰে এক নিৰ্দিষ্ট স্থানত বল নিক্ষেপ কৰিব পাৰে। এগৰাকী ৰিষ্ট স্পিনাৰৰ ক্ষেত্ৰত এয়া এক চমৎকাৰ গুণ।" অশ্বিনে ভিডিঅ'টোত লগতে কয়। অশ্বিনৰ এই প্ৰশংসাই কুলদীপক বিশেষভাৱে উৎসাহী কৰি তুলিব। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে জাতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ হ’লে কুলদীপে নিজৰ প্ৰদৰ্শনত ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব লাগিব। ইফালে আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান নাপালেও কুলদীপে স্বাভাৱিকতেই ২০২৩ চনৰ এদিনীয়া বিশ্বকাপ দলত স্থান লাভৰ চেষ্টা চলাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক