--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিষিদ্ধ দ্ৰব্য গ্ৰহণ কৰাৰ অভিযোগত তিনি বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে ভাৰতৰ তাৰকা ডিচকাচ থ্ৰ'ৱাৰ কমলপ্ৰীত কৌৰক। বিগত ২০২০ চনৰ টকিঅ' অলিম্পিকত ডিচকাছ থ্ৰ’ ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰি চমক সৃষ্টি কৰা তাৰকা খেলুৱৈগৰাকীক আগন্তুক ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ অন্যতম পদকৰ দাবীদাৰ খেলুৱৈ হিচাপে গণ্য কৰা হৈছিল। কিন্তু নিষিদ্ধ দ্ৰব্য ব্যৱহাৰৰ বাবে কেৰিয়াৰৰ উত্থানৰ সময়তে বিপদত পৰিছে তাৰকাগৰাকী। 

ডপ টেষ্টত কমলপ্ৰীতে নিষিদ্ধ ষ্টেনোজোলোল ঔষধ ব্যৱহাৰ কৰা বুলি প্ৰমাণিত হৈছে। এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটে কমলপ্ৰীতৰ নিৰ্বাসনৰ এই তথ্য সদৰী কৰিছে। এক টুইট যোগে এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটে উল্লেখ কৰা মতে কমলপ্ৰীতৰ নিৰ্বাসন যোৱা ২৯ মাৰ্চৰ পৰাই আৰম্ভ হৈছে। 

যদি এই সময়চোৱাত কমলপ্ৰীতে কোনো প্ৰতিযোগিতাত পদক জয় কৰিছে, তেতিয়া এই সকলো পদক কমলপ্ৰীতৰ পৰা ঘূৰাই লোৱা হ'ব। তিনি বছৰৰ বাবে নিষিদ্ধ হোৱাৰ ফলস্বৰূপে কমলপ্ৰীতে পেৰিছ অলিম্পিকৰ যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব। 

উল্লেখ্য যে যোৱা মে’ মাহতে কমলপ্ৰীতৰ পৰীক্ষাৰ  নমুনাত ষ্টানোজোলোল পোৱা গৈছিল। সেই সময়ত, এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটে- এ খেলুৱৈগৰাকীক কিছু দিনৰ বাবে নিলম্বিত কৰিছিল। একে সময়তে কমলপ্ৰীতক নিজকে নিৰ্দোষ প্ৰমাণৰো সুযোগ দিয়া হৈছিল। 

কমলপ্ৰীতক  নিৰ্দোষ প্ৰমাণৰ বাবে ২৭ ছেপ্টেম্বৰলৈকে সময় দিছিল এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটে। কিন্তু সময়সীমা পাৰ হোৱাৰ পিছতো খেলুৱৈগৰাকীয়ে নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰিব নোৱাৰাৰ বাবে অৱশেষত নিৰ্বাসিত কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক