--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিষিদ্ধ দ্ৰব্য গ্ৰহণ কৰাৰ অভিযোগত তিনি বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে ভাৰতৰ তাৰকা ডিচকাচ থ্ৰ'ৱাৰ কমলপ্ৰীত কৌৰক। বিগত ২০২০ চনৰ টকিঅ' অলিম্পিকত ডিচকাছ থ্ৰ’ ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰি চমক সৃষ্টি কৰা তাৰকা খেলুৱৈগৰাকীক আগন্তুক ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ অন্যতম পদকৰ দাবীদাৰ খেলুৱৈ হিচাপে গণ্য কৰা হৈছিল। কিন্তু নিষিদ্ধ দ্ৰব্য ব্যৱহাৰৰ বাবে কেৰিয়াৰৰ উত্থানৰ সময়তে বিপদত পৰিছে তাৰকাগৰাকী। 

ডপ টেষ্টত কমলপ্ৰীতে নিষিদ্ধ ষ্টেনোজোলোল ঔষধ ব্যৱহাৰ কৰা বুলি প্ৰমাণিত হৈছে। এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটে কমলপ্ৰীতৰ নিৰ্বাসনৰ এই তথ্য সদৰী কৰিছে। এক টুইট যোগে এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটে উল্লেখ কৰা মতে কমলপ্ৰীতৰ নিৰ্বাসন যোৱা ২৯ মাৰ্চৰ পৰাই আৰম্ভ হৈছে। 

যদি এই সময়চোৱাত কমলপ্ৰীতে কোনো প্ৰতিযোগিতাত পদক জয় কৰিছে, তেতিয়া এই সকলো পদক কমলপ্ৰীতৰ পৰা ঘূৰাই লোৱা হ'ব। তিনি বছৰৰ বাবে নিষিদ্ধ হোৱাৰ ফলস্বৰূপে কমলপ্ৰীতে পেৰিছ অলিম্পিকৰ যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব। 

উল্লেখ্য যে যোৱা মে’ মাহতে কমলপ্ৰীতৰ পৰীক্ষাৰ  নমুনাত ষ্টানোজোলোল পোৱা গৈছিল। সেই সময়ত, এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটে- এ খেলুৱৈগৰাকীক কিছু দিনৰ বাবে নিলম্বিত কৰিছিল। একে সময়তে কমলপ্ৰীতক নিজকে নিৰ্দোষ প্ৰমাণৰো সুযোগ দিয়া হৈছিল। 

কমলপ্ৰীতক  নিৰ্দোষ প্ৰমাণৰ বাবে ২৭ ছেপ্টেম্বৰলৈকে সময় দিছিল এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটে। কিন্তু সময়সীমা পাৰ হোৱাৰ পিছতো খেলুৱৈগৰাকীয়ে নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰিব নোৱাৰাৰ বাবে অৱশেষত নিৰ্বাসিত কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু