--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড জগতত অভিনেত্ৰীৰ তালিকাত এক উজ্জ্বল স্থান দখল কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰী শিল্পা ছেট্টীয়ে। তেওঁৰ অভিনীত ছবিসমূহ এতিয়াও জনপ্ৰিয়। তেওঁৰ অভিনয় দক্ষতাই ইতিমধ্যে দেশে-বিদেশে বিপুল খ্যাতি অৰ্জন কৰিছে। শিল্পা ছেট্টীয়ে বৰ্তমান কোনো চলচ্চিত্ৰত অভিনয় কৰা নাই যদিও বৰ্তমান কেইবাটাও ডান্স ৰিয়েলিটী শ্ব'ত বিচাৰকৰ ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে।  শিল্পা ছেট্টীও সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয়। শিল্পা ছেট্টীয়ে পাছে শনি দশা চলিছে শিল্পাৰ পৰিয়ালত। এই শনিদশা আজিৰ নহয়, ২০২১ চনৰ পৰাই শিল্পাই নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। বছৰটোৰ আৰম্ভণিৰ কিছুদিন পাছতে পৰ্ণকাণ্ডৰ গোচৰত সাঙোৰ খাই পৰিছিল স্বামী ৰাজকু্ন্দ্ৰাৰ নাম। তেত‌িয়া বৰ অকলশৰীয়া হৈ পৰিছিল শিল্পা। সমাজৰ গ্লানিৰ ছিটিকনি পৰিছিল শিল্পাৰ গাটো। সম্প্ৰতি জে’লৰ পৰা মুকল‌ি আকাশৰ তললৈ আহিলেও চলি আছে তদন্ত। ইফালে পুনৰ আন এক ঘটনাই চুই গৈছেহি অভিনেত্ৰীৰ পৰিয়ালক। শিল্পা ছেট্টীয়ে অভিনেত্ৰীয়ে নিজেই জনাইছে এই কথা। তেওঁৰ খুব আদৰৰ প্ৰথম সন্তানক হেৰুৱাইছে শিল্পাই। অতি আদৰৰ প্ৰথম সন্তানক হেৰুৱাই ভাগ‌ি পৰিছে শিল্পা। একপ্ৰকাৰ বাকৰুদ্ধ হৈ পৰিছে অভিনেত্ৰীগৰাকী। নিজৰ সন্তানৰ একাধিক ছবিৰ ক’লাজ ইণ্টাৰনেটত শ্বেয়াৰ কৰি এই শোক বাৰ্তা দিছে অভিনেত্ৰীগৰাকীয়ে। নিজৰ প্ৰিয় সন্তানে এনেকৈ হঠাত্‍ পৃথিৱীৰ পৰা আঁতৰি যোৱাতো সহজে মানি ল’ব পৰা নাই শিল্পাই। শোকত কাতৰ হৈ পৰিছে শিল্পা। শিল্পা ছেট্টীয়ে দৰাচলতে, শিল্পা ছেট্টীৰ নিজৰ পোহনীয়া সাৰমেয় ‘প্ৰিন্সৰ’ মৃত্যু হৈছে। নিজ সন্তানৰ দৰে তেওঁৰ অতিকৈ আদৰৰ আছিল ‘প্ৰিন্স’। প্ৰিন্সৰ এই আকস্মিক মৃত্যুত ভাগি পৰিছে শিল্পা। প্ৰিন্সৰ সৈতে কটোৱা মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰি শিল্পাই লিখিছে, ‘মোৰ প্ৰথম সন্তান। মোৰ প্ৰিন্স ছেট্টীয়ে আমাক এৰি গ’ল। আমাৰ জীৱনলৈ অহাৰ বাবে আৰু মূল্যৱান ১২ বছৰ আমাৰ সৈতে কটোৱা বাবে ধন্যবাদ। মোৰ হৃদয়ৰ এটা অংশ লৈ গ’লা তুমি। তোমাৰ শূন্যতা কেতিয়াও পূৰণ নহ'ব। শান্তি থাকা মোৰ ডাৰ্লিং প্ৰিন্স।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ