--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড জগতত অভিনেত্ৰীৰ তালিকাত এক উজ্জ্বল স্থান দখল কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰী শিল্পা ছেট্টীয়ে। তেওঁৰ অভিনীত ছবিসমূহ এতিয়াও জনপ্ৰিয়। তেওঁৰ অভিনয় দক্ষতাই ইতিমধ্যে দেশে-বিদেশে বিপুল খ্যাতি অৰ্জন কৰিছে। শিল্পা ছেট্টীয়ে বৰ্তমান কোনো চলচ্চিত্ৰত অভিনয় কৰা নাই যদিও বৰ্তমান কেইবাটাও ডান্স ৰিয়েলিটী শ্ব'ত বিচাৰকৰ ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে।  শিল্পা ছেট্টীও সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয়। শিল্পা ছেট্টীয়ে পাছে শনি দশা চলিছে শিল্পাৰ পৰিয়ালত। এই শনিদশা আজিৰ নহয়, ২০২১ চনৰ পৰাই শিল্পাই নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। বছৰটোৰ আৰম্ভণিৰ কিছুদিন পাছতে পৰ্ণকাণ্ডৰ গোচৰত সাঙোৰ খাই পৰিছিল স্বামী ৰাজকু্ন্দ্ৰাৰ নাম। তেত‌িয়া বৰ অকলশৰীয়া হৈ পৰিছিল শিল্পা। সমাজৰ গ্লানিৰ ছিটিকনি পৰিছিল শিল্পাৰ গাটো। সম্প্ৰতি জে’লৰ পৰা মুকল‌ি আকাশৰ তললৈ আহিলেও চলি আছে তদন্ত। ইফালে পুনৰ আন এক ঘটনাই চুই গৈছেহি অভিনেত্ৰীৰ পৰিয়ালক। শিল্পা ছেট্টীয়ে অভিনেত্ৰীয়ে নিজেই জনাইছে এই কথা। তেওঁৰ খুব আদৰৰ প্ৰথম সন্তানক হেৰুৱাইছে শিল্পাই। অতি আদৰৰ প্ৰথম সন্তানক হেৰুৱাই ভাগ‌ি পৰিছে শিল্পা। একপ্ৰকাৰ বাকৰুদ্ধ হৈ পৰিছে অভিনেত্ৰীগৰাকী। নিজৰ সন্তানৰ একাধিক ছবিৰ ক’লাজ ইণ্টাৰনেটত শ্বেয়াৰ কৰি এই শোক বাৰ্তা দিছে অভিনেত্ৰীগৰাকীয়ে। নিজৰ প্ৰিয় সন্তানে এনেকৈ হঠাত্‍ পৃথিৱীৰ পৰা আঁতৰি যোৱাতো সহজে মানি ল’ব পৰা নাই শিল্পাই। শোকত কাতৰ হৈ পৰিছে শিল্পা। শিল্পা ছেট্টীয়ে দৰাচলতে, শিল্পা ছেট্টীৰ নিজৰ পোহনীয়া সাৰমেয় ‘প্ৰিন্সৰ’ মৃত্যু হৈছে। নিজ সন্তানৰ দৰে তেওঁৰ অতিকৈ আদৰৰ আছিল ‘প্ৰিন্স’। প্ৰিন্সৰ এই আকস্মিক মৃত্যুত ভাগি পৰিছে শিল্পা। প্ৰিন্সৰ সৈতে কটোৱা মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰি শিল্পাই লিখিছে, ‘মোৰ প্ৰথম সন্তান। মোৰ প্ৰিন্স ছেট্টীয়ে আমাক এৰি গ’ল। আমাৰ জীৱনলৈ অহাৰ বাবে আৰু মূল্যৱান ১২ বছৰ আমাৰ সৈতে কটোৱা বাবে ধন্যবাদ। মোৰ হৃদয়ৰ এটা অংশ লৈ গ’লা তুমি। তোমাৰ শূন্যতা কেতিয়াও পূৰণ নহ'ব। শান্তি থাকা মোৰ ডাৰ্লিং প্ৰিন্স।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য