--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মেন্দ্ৰ আৰু তনুজাই বলীউডৰ বহু কেইখন ছবিত অভিনয় কৰিছে। দুয়োৰে সম্পৰ্কও মধুৰ হৈ পৰিছিল। ধৰ্মেন্দ্ৰ পূৰ্বৰে পৰাই ৰোমাণ্টিক হিৰো আছিল। কম বয়সতে  কেৰিয়াৰ আৰম্ভ কৰা অভিনেতাগৰাকীয়েবলীউডৰ উজ্জ্বল তাৰকাসকলৰ মাজৰে এজন হৈ পৰিছিল। 

তেওঁৰ ব্যক্তিত্ব এতিয়াও অতুলনীয়।তেওঁৰ পেছাদাৰী জীৱন বহুতৰে বাবে  চৰ্চাৰ বিষয় আছিল।  তেওঁৰ ব্যক্তিগত জীৱনকলৈও বহুতে আজিও আকৰ্ষণ অনুভৱ কৰে। ধৰ্মেন্দ্ৰই ১৯ বছৰ বয়সত প্ৰকাশ কৌৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। পিছত  তেওঁ হেমা মালিনীক লগ পাইছিল আৰু  ১৯৮০ চনত হেমা মালিনীৰ সৈতেও বিবাহ পাশত আৱদ্ধ হৈছিল ।

 ধৰ্মেন্দ্ৰই অৱশ্যে কেতিয়াও তেওঁৰ প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ দিয়া নাছিল। অভিনেত্ৰী তনুজাই  এক সাক্ষাৎকাৰত ধৰ্মেন্দ্ৰৰ বিষয়ে বহু কথাই  কৈছিল । যেতিয়া তেওঁলোকে  একেলগে কাম কৰিছিল সেই সময়তে ধৰ্মেন্দ্ৰ তনুজাৰ প্ৰতিও আকৰ্ষিত হৈ পৰিছিল। । কিন্তু ধৰ্মেন্দ্ৰ বিবাহিত আছিল বাবেই তনুজাই তেওঁক বিশেষ  আসৈ দিয়া নাছিল।

ধৰ্মেন্দ্ৰৰ বিষয়ে সাক্ষাৎকাৰটোত  তনুজাই কয়  "আমি দুলাল গুহাৰ চান্দ ঔৰ সূৰজৰ দৃশ্যগ্ৰহণ কৰি আছিলো। ধৰম আৰু মই বন্ধুসকলৰ সৈতে সুৰাপান কৰি আছিলো আৰু  আনন্দ কৰিছিলো। তেওঁ আনকি মোক তেওঁৰ পত্নী প্ৰকাশৰ সৈতে পৰিচয় কৰাই দিছিল। ছানী (দেওল) তেতিয়া মাত্ৰ পাঁচ বছৰীয়া আছিল, আনহাতে তেওঁৰ ছোৱালী লালিৰ বয়স প্ৰায় ছমাহ আছিল।"

তনুজাই লগতে কয় , "এদিন তেওঁ মোৰ সৈতে আকৰ্ষিত  বুলি কৈছিল । আচৰিত হৈ মই তেওঁক চৰ মাৰি কৈছিলো, 'নিলাজ! মই আপোনাৰ পত্নীক জানো আৰু তুমি  মোক এনে কথা কোৱাৰ  ধৃষ্টতা কৰিছা'। লজ্জিত ধৰমজীয়ে তনুজাক ৰাখী পিন্ধাই  ভায়েক কৰি ল’বলৈ  কৈছিল। তেতিয়াৰে পৰাই দুয়ো ভায়েক-ভনীয়েকৰ দৰে হৈ পৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে