--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মেন্দ্ৰ আৰু তনুজাই বলীউডৰ বহু কেইখন ছবিত অভিনয় কৰিছে। দুয়োৰে সম্পৰ্কও মধুৰ হৈ পৰিছিল। ধৰ্মেন্দ্ৰ পূৰ্বৰে পৰাই ৰোমাণ্টিক হিৰো আছিল। কম বয়সতে  কেৰিয়াৰ আৰম্ভ কৰা অভিনেতাগৰাকীয়েবলীউডৰ উজ্জ্বল তাৰকাসকলৰ মাজৰে এজন হৈ পৰিছিল। 

তেওঁৰ ব্যক্তিত্ব এতিয়াও অতুলনীয়।তেওঁৰ পেছাদাৰী জীৱন বহুতৰে বাবে  চৰ্চাৰ বিষয় আছিল।  তেওঁৰ ব্যক্তিগত জীৱনকলৈও বহুতে আজিও আকৰ্ষণ অনুভৱ কৰে। ধৰ্মেন্দ্ৰই ১৯ বছৰ বয়সত প্ৰকাশ কৌৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। পিছত  তেওঁ হেমা মালিনীক লগ পাইছিল আৰু  ১৯৮০ চনত হেমা মালিনীৰ সৈতেও বিবাহ পাশত আৱদ্ধ হৈছিল ।

 ধৰ্মেন্দ্ৰই অৱশ্যে কেতিয়াও তেওঁৰ প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ দিয়া নাছিল। অভিনেত্ৰী তনুজাই  এক সাক্ষাৎকাৰত ধৰ্মেন্দ্ৰৰ বিষয়ে বহু কথাই  কৈছিল । যেতিয়া তেওঁলোকে  একেলগে কাম কৰিছিল সেই সময়তে ধৰ্মেন্দ্ৰ তনুজাৰ প্ৰতিও আকৰ্ষিত হৈ পৰিছিল। । কিন্তু ধৰ্মেন্দ্ৰ বিবাহিত আছিল বাবেই তনুজাই তেওঁক বিশেষ  আসৈ দিয়া নাছিল।

ধৰ্মেন্দ্ৰৰ বিষয়ে সাক্ষাৎকাৰটোত  তনুজাই কয়  "আমি দুলাল গুহাৰ চান্দ ঔৰ সূৰজৰ দৃশ্যগ্ৰহণ কৰি আছিলো। ধৰম আৰু মই বন্ধুসকলৰ সৈতে সুৰাপান কৰি আছিলো আৰু  আনন্দ কৰিছিলো। তেওঁ আনকি মোক তেওঁৰ পত্নী প্ৰকাশৰ সৈতে পৰিচয় কৰাই দিছিল। ছানী (দেওল) তেতিয়া মাত্ৰ পাঁচ বছৰীয়া আছিল, আনহাতে তেওঁৰ ছোৱালী লালিৰ বয়স প্ৰায় ছমাহ আছিল।"

তনুজাই লগতে কয় , "এদিন তেওঁ মোৰ সৈতে আকৰ্ষিত  বুলি কৈছিল । আচৰিত হৈ মই তেওঁক চৰ মাৰি কৈছিলো, 'নিলাজ! মই আপোনাৰ পত্নীক জানো আৰু তুমি  মোক এনে কথা কোৱাৰ  ধৃষ্টতা কৰিছা'। লজ্জিত ধৰমজীয়ে তনুজাক ৰাখী পিন্ধাই  ভায়েক কৰি ল’বলৈ  কৈছিল। তেতিয়াৰে পৰাই দুয়ো ভায়েক-ভনীয়েকৰ দৰে হৈ পৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?