--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতাভ বচ্চন এইকেইদিন ‘কৌন বনেগা কড়োৰপতি ১৪’ত ব্যস্ত হৈ আছে। এই অনুষ্ঠানৰ সময়ত তেওঁ নিজৰ জীৱনৰ সৈতে জড়িত বহু আমোদজনক কথা প্ৰকাশ কৰি থাকে। ‘কেবিচি’ৰ শেহতীয়া খণ্ডটোত বিগ বিয়ে প্ৰকাশ কৰিছে জয়া বচ্চনৰ সৈতে তেওঁৰ বিবাহৰ আঁৰৰ কাৰণ। প্ৰিয়ংকা মহৰ্ষী নামৰ এগৰাকী প্ৰতিযোগী শ্ব’টোত উপস্থিত হৈছিল। তেওঁ কৈছিল যে তেওঁ এখন বিউটি এণ্ড ৱেলনেছ একাডেমীৰ মেনেজাৰ। প্ৰিয়ংকাৰ কথাত বিগ বি আপ্লুত হৈ প্ৰিয়ংকাৰ প্ৰশংসা কৰিছিল শ্ব’টোত।

কথা-বতৰাৰ সময়ত অমিতাভ বচ্চনে প্ৰিয়ংকাৰ দীঘল চুলিখিনিৰ প্ৰশংসা কৰিছিল আৰু সেই সময়তে তেওঁৰ মনত পৰিল জয়া বচ্চনক বিয়া কৰোৱাৰ কাৰণটো। অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ যুটিক হিন্দী চলচ্চিত্ৰ জগতৰ আটাইতকৈ আদৰ্শ যুটি বুলি গণ্য কৰা হয়। দুয়োৰে বিবাহৰ ৪৯ বছৰ পাৰ হ’ল। ১৯৭৩ চনৰ ৩ জুনত এই দম্পতী বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ ইমান বছৰৰ পাছত এতিয়া অমিতাভে জয়া বচ্চনক কিয় বিয়া কৰাইছিল সেই গোপন কথা প্ৰকাশ কৰিছে। 

অমিতাভ বচ্চনে কয় যে তেওঁ জয়া বচ্চনক কেৱল দীঘল চুলিৰ বাবেই বিয়া কৰাইছিল। ভিডিঅ’টোত অমিতাভে কয়, ‘‘মই মোৰ পত্নীক বিয়া কৰাইছিলো কাৰণ তেওঁৰ চুলিখিনি অতি দীঘল আছিল।’’

অমিতাভ বচ্চন আৰু জয়া ভাদুৰীৰ প্ৰেম কাহিনীটো চিনেমাৰ কাহিনীতকৈ কম নহয়। বলীউডত বেক টু বেক ১২খন ফ্লপ ছবি দিয়াৰ পিছত অমিতাভ বচ্চনে মুম্বাই এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। এনে এটা সময়ত তেওঁ লাভ কৰিলে পৰিচালক প্ৰকাশ মেহৰাৰ ছবি ‘জঞ্জীৰ’। সেই সময়ত কোনো নায়িকাই অমিতাভ বচ্চনৰ অবিৰত ফ্লপ ছবিৰ বাবে তেওঁৰ সৈতে কাম কৰিব বিচৰা নাছিল। অৱশেষত জয়া ভাদুৰীয়ে এই ছবিখনত চহী কৰিছিল। ছবিখনে অমিতাভ বচ্চনৰ ভাগ্য সলাই দিছিল।  ১৯৭৩ চনৰ ১১ মে’ত মুক্তি পোৱা ‘জঞ্জীৰ’ অমিতাভৰ প্ৰথমখন হিট ছবি বুলি প্ৰমাণিত হ’ল আৰু ছবিখনে বিগ বিক ‘এংগ্ৰী য়ং মেন’ হিচাপে প্ৰতিষ্ঠা কৰিলে।

জয়া বচ্চনে এবাৰ কৈছিল যে অমিতাভ বচ্চনৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাৎ হৈছিল পুনে ফিল্ম ইনষ্টিটিউটত। য’ত তেওঁলোক ছাত্ৰ-ছাত্ৰী আছিল। প্ৰথম দৃষ্টিতেই অমিতাভৰ প্ৰেমত পৰিছিল জয়া। ‘জঞ্জীৰ’ৰ সফলতাৰ পাছত অমিতাভ বচ্চনে ইয়াৰ আনন্দ উদযাপনৰ বাবে লণ্ডনলৈ যাব বিচাৰিছিল, তেতিয়া তেওঁ জয়া ভাদুৰীকো লগত লৈ যাব বিছাৰিছিল।এনে পৰিস্থিতিত অমিতাভ বচ্চনৰ পিতৃ হৰিবংশ ৰায় বচ্চনে তেওঁৰ সন্মুখত এটা চৰ্ত ৰাখিলে যে অমিতাভ আৰু জয়াই বিয়া পতাৰ পাছতহে একেলগে লণ্ডনলৈ যাব পাৰিব। অৱশেষত সেই চৰ্ত অনুসৰিয়ে ১৯৭৩ চনৰ ৩ জুনত অমিতাভ আৰু জয়াৰ বিবাহ হয়। বিয়া পতাৰ পাছতেই জয়া ভাদুৰী হৈ পৰে জয়া বচ্চন। তেওঁলোকে এতিয়াও সুখী বৈবাহিক জীৱন যাপন কৰি আছে। সেয়েহে তেওঁলোকক বি-টাউনৰ আদৰ্শ দম্পতী বুলি গণ্য কৰা হয়।












FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক