--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতাভ বচ্চন এইকেইদিন ‘কৌন বনেগা কড়োৰপতি ১৪’ত ব্যস্ত হৈ আছে। এই অনুষ্ঠানৰ সময়ত তেওঁ নিজৰ জীৱনৰ সৈতে জড়িত বহু আমোদজনক কথা প্ৰকাশ কৰি থাকে। ‘কেবিচি’ৰ শেহতীয়া খণ্ডটোত বিগ বিয়ে প্ৰকাশ কৰিছে জয়া বচ্চনৰ সৈতে তেওঁৰ বিবাহৰ আঁৰৰ কাৰণ। প্ৰিয়ংকা মহৰ্ষী নামৰ এগৰাকী প্ৰতিযোগী শ্ব’টোত উপস্থিত হৈছিল। তেওঁ কৈছিল যে তেওঁ এখন বিউটি এণ্ড ৱেলনেছ একাডেমীৰ মেনেজাৰ। প্ৰিয়ংকাৰ কথাত বিগ বি আপ্লুত হৈ প্ৰিয়ংকাৰ প্ৰশংসা কৰিছিল শ্ব’টোত।

কথা-বতৰাৰ সময়ত অমিতাভ বচ্চনে প্ৰিয়ংকাৰ দীঘল চুলিখিনিৰ প্ৰশংসা কৰিছিল আৰু সেই সময়তে তেওঁৰ মনত পৰিল জয়া বচ্চনক বিয়া কৰোৱাৰ কাৰণটো। অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ যুটিক হিন্দী চলচ্চিত্ৰ জগতৰ আটাইতকৈ আদৰ্শ যুটি বুলি গণ্য কৰা হয়। দুয়োৰে বিবাহৰ ৪৯ বছৰ পাৰ হ’ল। ১৯৭৩ চনৰ ৩ জুনত এই দম্পতী বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ ইমান বছৰৰ পাছত এতিয়া অমিতাভে জয়া বচ্চনক কিয় বিয়া কৰাইছিল সেই গোপন কথা প্ৰকাশ কৰিছে। 

অমিতাভ বচ্চনে কয় যে তেওঁ জয়া বচ্চনক কেৱল দীঘল চুলিৰ বাবেই বিয়া কৰাইছিল। ভিডিঅ’টোত অমিতাভে কয়, ‘‘মই মোৰ পত্নীক বিয়া কৰাইছিলো কাৰণ তেওঁৰ চুলিখিনি অতি দীঘল আছিল।’’

অমিতাভ বচ্চন আৰু জয়া ভাদুৰীৰ প্ৰেম কাহিনীটো চিনেমাৰ কাহিনীতকৈ কম নহয়। বলীউডত বেক টু বেক ১২খন ফ্লপ ছবি দিয়াৰ পিছত অমিতাভ বচ্চনে মুম্বাই এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। এনে এটা সময়ত তেওঁ লাভ কৰিলে পৰিচালক প্ৰকাশ মেহৰাৰ ছবি ‘জঞ্জীৰ’। সেই সময়ত কোনো নায়িকাই অমিতাভ বচ্চনৰ অবিৰত ফ্লপ ছবিৰ বাবে তেওঁৰ সৈতে কাম কৰিব বিচৰা নাছিল। অৱশেষত জয়া ভাদুৰীয়ে এই ছবিখনত চহী কৰিছিল। ছবিখনে অমিতাভ বচ্চনৰ ভাগ্য সলাই দিছিল।  ১৯৭৩ চনৰ ১১ মে’ত মুক্তি পোৱা ‘জঞ্জীৰ’ অমিতাভৰ প্ৰথমখন হিট ছবি বুলি প্ৰমাণিত হ’ল আৰু ছবিখনে বিগ বিক ‘এংগ্ৰী য়ং মেন’ হিচাপে প্ৰতিষ্ঠা কৰিলে।

জয়া বচ্চনে এবাৰ কৈছিল যে অমিতাভ বচ্চনৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাৎ হৈছিল পুনে ফিল্ম ইনষ্টিটিউটত। য’ত তেওঁলোক ছাত্ৰ-ছাত্ৰী আছিল। প্ৰথম দৃষ্টিতেই অমিতাভৰ প্ৰেমত পৰিছিল জয়া। ‘জঞ্জীৰ’ৰ সফলতাৰ পাছত অমিতাভ বচ্চনে ইয়াৰ আনন্দ উদযাপনৰ বাবে লণ্ডনলৈ যাব বিচাৰিছিল, তেতিয়া তেওঁ জয়া ভাদুৰীকো লগত লৈ যাব বিছাৰিছিল।এনে পৰিস্থিতিত অমিতাভ বচ্চনৰ পিতৃ হৰিবংশ ৰায় বচ্চনে তেওঁৰ সন্মুখত এটা চৰ্ত ৰাখিলে যে অমিতাভ আৰু জয়াই বিয়া পতাৰ পাছতহে একেলগে লণ্ডনলৈ যাব পাৰিব। অৱশেষত সেই চৰ্ত অনুসৰিয়ে ১৯৭৩ চনৰ ৩ জুনত অমিতাভ আৰু জয়াৰ বিবাহ হয়। বিয়া পতাৰ পাছতেই জয়া ভাদুৰী হৈ পৰে জয়া বচ্চন। তেওঁলোকে এতিয়াও সুখী বৈবাহিক জীৱন যাপন কৰি আছে। সেয়েহে তেওঁলোকক বি-টাউনৰ আদৰ্শ দম্পতী বুলি গণ্য কৰা হয়।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু