--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দাড়ি কটা হ’ব ছঈফ আলি খানৰ। ‘আদিপুৰুষ’ চিনেমাখনত ছঈফৰ লুকে সমালোচনাৰ জোৱাৰ উঠাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

মহাভাৰতৰ আলমত নিৰ্মাণ কৰা আদিপুৰুষ চিনেমাখনত ছঈফে ৰাৱণৰ চৰিত্ৰ ৰূপায়ন কৰিছে। কিন্তু ছৱিখনৰ ট্ৰেইলাৰত ছঈফৰ লুকছটোক অনেকে সমালোচনা কৰিছে।

তেওঁলোকে কৈছে এমুখ দাড়ি আৰু চুটি চুলিৰে ছঈফক ৰাৱণৰ দৰে লগা নাই। বৰঞ্চ মুছলিম চেহেৰাহে ফুটি উঠিছে। ৰাৱণৰ দৰে এটা চৰিত্ৰক মুছলিমক চেহেৰা দিয়াটো মানি ল’ব পৰা নাই তেওঁলোকে।

আদিপুৰুষৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পাছতে এই সমালোচনা হৈছিল। সমালোচনাৰ প্ৰকোপত চিনেমাখনৰ মুক্তিৰ তাৰিখ সলোৱা হৈছে।

এইবাৰ জানিব পৰা গৈছে, আদিপুৰুষৰ বাবে চঈফৰ দাড়িখিনি কটা হ’ব। এইয়া সম্পাদনা কৰা হ’ব ভিএফএক্সৰ মাধ্যমেৰে।

কেৱল সেয়াই নহয়, ভিএফএক্সৰ মাধ্যমত ছৱিখনৰ আৰু অধিক সালসলনি কৰাৰ ইচ্ছা কৰিছে নিৰ্মাতাসকলে। ফলস্বৰূপে প’ষ্ট প্ৰডাকছনৰ খৰচ বৃদ্ধি পাইছে।

সূত্ৰৰ খবৰ অনুযায়ী, যাৱতীয় ভুলভ্ৰান্তি সংশোধন কৰিবলৈ এতিয়া প্ৰযোজক পক্ষৰ খৰচ হ’ব ৩০ কোটি টকা!

শেহতীয়াকৈ ছৱিখনৰ পৰিচালক ওম ৰাউতে এটা বিবৃত্তিত লিখিছিল যে আদিপুৰুষ কেৱল এখন চিনেমা নহয়, বৰঞ্চ প্ৰভু শ্ৰীৰাম আৰু ভাৰতৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল প্ৰতিফলন।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement