--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দাড়ি কটা হ’ব ছঈফ আলি খানৰ। ‘আদিপুৰুষ’ চিনেমাখনত ছঈফৰ লুকে সমালোচনাৰ জোৱাৰ উঠাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

মহাভাৰতৰ আলমত নিৰ্মাণ কৰা আদিপুৰুষ চিনেমাখনত ছঈফে ৰাৱণৰ চৰিত্ৰ ৰূপায়ন কৰিছে। কিন্তু ছৱিখনৰ ট্ৰেইলাৰত ছঈফৰ লুকছটোক অনেকে সমালোচনা কৰিছে।

তেওঁলোকে কৈছে এমুখ দাড়ি আৰু চুটি চুলিৰে ছঈফক ৰাৱণৰ দৰে লগা নাই। বৰঞ্চ মুছলিম চেহেৰাহে ফুটি উঠিছে। ৰাৱণৰ দৰে এটা চৰিত্ৰক মুছলিমক চেহেৰা দিয়াটো মানি ল’ব পৰা নাই তেওঁলোকে।

আদিপুৰুষৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পাছতে এই সমালোচনা হৈছিল। সমালোচনাৰ প্ৰকোপত চিনেমাখনৰ মুক্তিৰ তাৰিখ সলোৱা হৈছে।

এইবাৰ জানিব পৰা গৈছে, আদিপুৰুষৰ বাবে চঈফৰ দাড়িখিনি কটা হ’ব। এইয়া সম্পাদনা কৰা হ’ব ভিএফএক্সৰ মাধ্যমেৰে।

কেৱল সেয়াই নহয়, ভিএফএক্সৰ মাধ্যমত ছৱিখনৰ আৰু অধিক সালসলনি কৰাৰ ইচ্ছা কৰিছে নিৰ্মাতাসকলে। ফলস্বৰূপে প’ষ্ট প্ৰডাকছনৰ খৰচ বৃদ্ধি পাইছে।

সূত্ৰৰ খবৰ অনুযায়ী, যাৱতীয় ভুলভ্ৰান্তি সংশোধন কৰিবলৈ এতিয়া প্ৰযোজক পক্ষৰ খৰচ হ’ব ৩০ কোটি টকা!

শেহতীয়াকৈ ছৱিখনৰ পৰিচালক ওম ৰাউতে এটা বিবৃত্তিত লিখিছিল যে আদিপুৰুষ কেৱল এখন চিনেমা নহয়, বৰঞ্চ প্ৰভু শ্ৰীৰাম আৰু ভাৰতৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল প্ৰতিফলন।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু