--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চমু চাপিছে আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিবাহৰ দিন৷ যদিও চেলিব্ৰিটী প্ৰেমিক যুটিটোৱে এতিয়াও ৰাজহুৱা কৰা নাই বিয়াৰ দিন, তথাপি এই বসন্ততেই শিৰত সেন্দুৰ পিন্ধাই গৃহত প্ৰৱেশ কৰাব নিজৰ অৰ্ধাংগিণীক৷ বিবাহৰ যো-জা তুংগত। পৰিয়ালৰ লোকে ইতিমধ্যে অভ্যৰ্থনাৰো আয়োজনো কৰিছে৷ পিছে এই অভ্যৰ্থনা পাৰ্টীত কোন কোন উপস্থিত থাকিব? তথ্য অনুসৰি, তেওঁলোকে অহা সপ্তাহত মুম্বাইৰ চেম্বুৰ অঞ্চলৰ আৰ কে গৃহত বিবাহপাশত আবদ্ধ হ’ব। কেৱল পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু বৰ্গক বিবাহ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হয়।

আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰে মুম্বাইত ১৩ৰ পৰা ১৭ এপ্ৰিলৰ ভিতৰত বিবাহপাশত আবদ্ধ হ’ব বুলি জানিব পৰা গৈছে। ৰণবীৰ আৰু আলিয়াৰ বিবাহৰ অতিথিৰ তালিকাও ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, শ্বাহৰুখ খান, কৰণ জোহৰ, সঞ্জয় লীলা ভাঞ্চালী আৰু জয়া আখটাৰক বিয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে।

বৰুণ ধাৱান আৰু তেওঁৰ ভাতৃ ৰোহিত ধাৱান, অয়ন মুখাৰ্জী, ডিজাইনাৰ মাচাবা গুপ্তা, অৰ্জুন কাপুৰ, আকাংক্ষা ৰঞ্জন, অনুষ্কা ৰঞ্জা আৰু মনীষ মালহোত্ৰালৈও নিমন্ত্ৰণী শৰাই আগবঢ়োৱা হৈছে। ৰণবীৰৰ সম্পৰ্কীয় ভাই-ভনী কৰিশ্মা কাপুৰ আৰু কৰীণা কাপুৰ খান আৰু কৰীণাৰ স্বামী চেইফ আলী খানো বিয়াখনত উপস্থিত থাকিব।

তাৰকা প্ৰেমিক যুটিটোৱে এই মাহৰ শেষত এটা অভ্যৰ্থনা পাৰ্টী দিব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, তেওঁলোকে ৰণবীৰ সিং, দীপিকা পাডুকন, শ্বাহৰূখ খান, আদিত্য ৰয় কাপুৰ, আদিত্য চোপ্ৰা আৰু অন্যান্যসকলক তেওঁলোকৰ অভ্যৰ্থনা পাৰ্টীৰ বাবে আমন্ত্ৰণ জনাইছে।

উল্লেখ্য যে, আজি কিছুদিনৰ পৰা বিবাহৰ কাৰ্যসূচীৰে সংবাদ শিৰোনাম দখল কৰা ৰণবীৰ-আলিয়াৰ বিবাহক লৈ অপেক্ষাৰত অনুৰাগীও৷ এই দুই তাৰকাৰ বিবাহে গুঞ্জৰিত কৰিছে ছ’চিয়েল মিডিয়াও৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement