--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চমু চাপিছে আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিবাহৰ দিন৷ যদিও চেলিব্ৰিটী প্ৰেমিক যুটিটোৱে এতিয়াও ৰাজহুৱা কৰা নাই বিয়াৰ দিন, তথাপি এই বসন্ততেই শিৰত সেন্দুৰ পিন্ধাই গৃহত প্ৰৱেশ কৰাব নিজৰ অৰ্ধাংগিণীক৷ বিবাহৰ যো-জা তুংগত। পৰিয়ালৰ লোকে ইতিমধ্যে অভ্যৰ্থনাৰো আয়োজনো কৰিছে৷ পিছে এই অভ্যৰ্থনা পাৰ্টীত কোন কোন উপস্থিত থাকিব? তথ্য অনুসৰি, তেওঁলোকে অহা সপ্তাহত মুম্বাইৰ চেম্বুৰ অঞ্চলৰ আৰ কে গৃহত বিবাহপাশত আবদ্ধ হ’ব। কেৱল পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু বৰ্গক বিবাহ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হয়।

আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰে মুম্বাইত ১৩ৰ পৰা ১৭ এপ্ৰিলৰ ভিতৰত বিবাহপাশত আবদ্ধ হ’ব বুলি জানিব পৰা গৈছে। ৰণবীৰ আৰু আলিয়াৰ বিবাহৰ অতিথিৰ তালিকাও ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, শ্বাহৰুখ খান, কৰণ জোহৰ, সঞ্জয় লীলা ভাঞ্চালী আৰু জয়া আখটাৰক বিয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে।

বৰুণ ধাৱান আৰু তেওঁৰ ভাতৃ ৰোহিত ধাৱান, অয়ন মুখাৰ্জী, ডিজাইনাৰ মাচাবা গুপ্তা, অৰ্জুন কাপুৰ, আকাংক্ষা ৰঞ্জন, অনুষ্কা ৰঞ্জা আৰু মনীষ মালহোত্ৰালৈও নিমন্ত্ৰণী শৰাই আগবঢ়োৱা হৈছে। ৰণবীৰৰ সম্পৰ্কীয় ভাই-ভনী কৰিশ্মা কাপুৰ আৰু কৰীণা কাপুৰ খান আৰু কৰীণাৰ স্বামী চেইফ আলী খানো বিয়াখনত উপস্থিত থাকিব।

তাৰকা প্ৰেমিক যুটিটোৱে এই মাহৰ শেষত এটা অভ্যৰ্থনা পাৰ্টী দিব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, তেওঁলোকে ৰণবীৰ সিং, দীপিকা পাডুকন, শ্বাহৰূখ খান, আদিত্য ৰয় কাপুৰ, আদিত্য চোপ্ৰা আৰু অন্যান্যসকলক তেওঁলোকৰ অভ্যৰ্থনা পাৰ্টীৰ বাবে আমন্ত্ৰণ জনাইছে।

উল্লেখ্য যে, আজি কিছুদিনৰ পৰা বিবাহৰ কাৰ্যসূচীৰে সংবাদ শিৰোনাম দখল কৰা ৰণবীৰ-আলিয়াৰ বিবাহক লৈ অপেক্ষাৰত অনুৰাগীও৷ এই দুই তাৰকাৰ বিবাহে গুঞ্জৰিত কৰিছে ছ’চিয়েল মিডিয়াও৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান