--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ যোৱা ৭ ছেপ্টেম্বৰৰ পৰা দক্ষিণ ভাৰতৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল 'ভাৰত জোড়ো যাত্ৰা’। ১৩৫ দিন ৩৫৭০ কিলোমিটাৰ অতিক্ৰম কৰাৰ অন্তত যাত্ৰাটো কাশ্মীৰত শেষ হয়। কাশ্মীৰ উপত্যকাত প্ৰচণ্ড তুষাৰপাতৰ মাজতে ৰাহুল গান্ধীয়ে সামৰণি ভাষণ দিয়ে।

ঘৃণা আৰু বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে দেশক একত্ৰিত কৰিবলৈ ভাৰত জোৰো যাত্ৰাৰ আহ্বান কৰিছিল কংগ্ৰেছে। যোৱা ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীত স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি আৰু প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী, তামিল কবি তিৰুৱল্লুৱৰৰ ছবিত মালা পিন্ধাই ৰাহুলে যাত্ৰা আৰম্ভ কৰে।

যাত্ৰা আৰম্ভ হোৱাৰ পিছত দেশৰ ১২ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজেৰে পাৰ হৈ যায় যাত্ৰাটো। বিভিন্ন ৰাজ্যৰ বহু অভিনেতা, সাহিত্যিকে কংগ্ৰেছৰ পদযাত্ৰাত যোগদান কৰে। এই পদযাত্ৰাৰ বাবে কংগ্ৰেছে এক সুকীয়া ল’গ’, মোবাইল এপ আৰু টি-চাৰ্ট মুকলি কৰে।

কেন্দ্ৰৰ শাসকীয় বিজেপিয়ে এই যাত্ৰাটোক লৈ কংগ্ৰেছক সমালোচনা কৰিছে যদিও কংগ্ৰেছে এই পদযাত্ৰাৰ লগত ৰাজনীতিৰ কোনো সম্পৰ্ক নাই বুলি কৈছিল। ভাৰতক একত্ৰিত কৰিব বিচৰা সকলোৱে এই পদযাত্ৰাত যোগদান কৰিব পাৰে বুলি দলটোৱে অৱগত কৰিছিল।

যাত্ৰাটোত ৰাহুল গান্ধীৰ দাড়ি আৰু বগা টি-চাৰ্টে বিশেষভাৱে আকৰ্ষক কৰি তুলিছিল। তীব্ৰ ঠাণ্ডাত উত্তৰ ভাৰতৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত ৰাহুলে গৰম কাপোৰ নোহোৱাকৈ বগা টি-চাৰ্টত দেখা পোৱা গৈছিল।

ৰাহুলে পদযাত্ৰাটোত বিজেপি চৰকাৰ আৰু আৰএছএছক তীব্ৰভাৱে আক্ৰমণ কৰে। দেশত আৰএছএছে ঘৃণা বিয়পাই আছে বুলি অভিযোগ কৰে তেওঁ।

তামিলনাডুত অভিযোগ কৰে যে, "বিজেপি আৰু আৰএছএছে জাতীয় পতাকাক তেওঁলোকৰ ব্যক্তিগত সম্পত্তি বুলি ভাবে।" ১১ ছেপ্টেম্বৰত তামিলনাডুৰ পৰা কেৰালাত প্ৰৱেশ কৰিছিল গান্ধী। ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা পি চিদাম্বৰম, চত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে এই পদযাত্ৰাত যোগদান কৰিছিল। তামিলনাডুত যোগদান কৰিলে ৰাজস্থানৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে।

যাত্ৰাটোৱে ৩০ ছেপ্টেম্বৰত কৰ্ণাটকত প্ৰৱেশ কৰে। ছোনিয়া গান্ধীয়ে এই পদযাত্ৰাত যোগদান কৰিছিল। কৰ্ণাটকৰ মাইশুৰুত ধাৰাসাৰ বৰষুণৰ মাজত থিয় হৈ ৰাহুলে কয় যে এই পদযাত্ৰাক একোৱেই ৰোধ কৰিব নোৱাৰে। দুস্কৃতিকাৰীয়ে হত্যা কৰা সাংবাদিক গৌৰী লংকেশৰ পৰিয়ালেও কৰ্ণাটকত এই পদযাত্ৰাত যোগদান কৰে।

১৪ অক্টোবৰত অন্ধ্ৰপ্ৰদেশত প্ৰৱেশ কৰিছিল এই পদযাত্ৰাটোৱে। ৰাহুলে শাসনাধীষ্ঠ ৱাই এছ আৰ কংগ্ৰেছ, টি ডি পি, জে এছ পিৰ সৈতে বিজেপিক দুৰ্নীতিগ্ৰস্ত বুলি আক্ৰমণ কৰে। ২৭ অক্টোবৰত গান্ধীয়ে তেলেংগানাত প্ৰৱেশ কৰে। প্ৰয়াত দলিত নেতা ৰোহিত ভেমুলাৰ মাতৃয়ে এই পদযাত্ৰাত যোগদান কৰে। অভিনেত্ৰী পূজা ভাটেও যোগদান কৰে।

৭ নৱেম্বৰত মহাৰাষ্ট্ৰত প্ৰৱেশ কৰে ভাৰত জোড়ো যাত্ৰাই। ১৬ নৱেম্বৰত মাৰাঠা ভূমত এই পদযাত্ৰাত যোগদান কৰে সমাজকৰ্মী মেধা পাটকাৰে। ১৮ নৱেম্বৰত যোগদান কৰিছিল মহাত্মা গান্ধীৰ নাতি তুষাৰ গান্ধীয়ে। ১৯ নৱেম্বৰত ইন্দিৰা গান্ধীৰ জন্মদিনৰ সমদলত যোগ দিলে বলীউডৰ অভিনেত্ৰী নাগমাই।

২৩ নৱেম্বৰত মধ্যপ্ৰদেশত সোমায় ভাৰত জোড়ো যাত্ৰা। প্ৰিয়ংকা গান্ধী আৰু তেওঁৰ স্বামী ৰবাৰ্ট ভাদ্ৰাই ২৪ নৱেম্বৰত পদযাত্ৰাত যোগদান কৰে। ৪ ডিচেম্বৰত কংগ্ৰেছ শাসিত ৰাজস্থানত প্ৰৱেশ কৰে  পদযাত্ৰাটোৱে।  যোগ দিলে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে। এই পদযাত্ৰাৰ ১০০তম দিৱস উপলক্ষে  ১৬ ডিচেম্বৰত জয়পুৰৰ এলবাৰ্ট হলত আয়োজিত এক অনুষ্ঠানত সংগীত শিল্পী সুনিধি চৌহানে গীত পৰিৱেশন কৰে।

২১ ডিচেম্বৰত হাৰিয়ানাত প্ৰৱেশ কৰে পদযাত্ৰাটোৱে। ডি এম কে নেতা কানিমোজিয়ে ২৩ ডিচেম্বৰত পদযাত্ৰাত যোগদান কৰে বৰদিন আৰু ইংৰাজী নৱবৰ্ষৰ বাবে অস্থায়ী বিৰতিৰ অন্তত ২ জানুৱাৰীত উত্তৰ প্ৰদেশত প্ৰৱেশ কৰে ভাৰত জোৰো যাত্ৰা। এন চি নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই পদযাত্ৰাত যোগদান কৰে।

১০ জানুৱাৰীত পঞ্জাৱত উপস্থিত হয় ভাৰত জোড়োৱে। শোভাযাত্ৰাত খোজ কাঢ়ে জলন্ধৰ কংগ্ৰেছৰ সাংসদ সন্তোষ সিং চৌধুৰীয়ে। 
কিন্তু হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। এদিনৰ বাবে পদযাত্ৰা বন্ধ ৰখা হয়। ইতিহাসবিদ মৃদুলা মুখোপাধ্যায় আৰু প্ৰয়াত পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ পিতৃয়ে পঞ্জাৱত এই শোভাযাত্ৰাত যোগদান কৰে।

১৮ জানুৱাৰীত গান্ধীয়ে হিমাচল প্ৰদেশত প্ৰৱেশ কৰে। ১৯ জানুৱাৰীৰ পৰা বৰ্তমানৰ কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ কথুৱা জিলাৰ পৰা আৰম্ভ হয় এই পদযাত্ৰা। যোগদান কৰে বলীউডৰ অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰে।

২৯ জানুৱাৰীত কাশ্মীৰৰ লাল চ’কত ৰাহুলে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এন চিৰ সভাপতি তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই ৰাহুলক আদি শংকৰাচাৰ্যৰ সৈতে তুলনা কৰে। তেওঁ কয় যে শংকৰাচাৰ্যই যিদৰে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ‘দিকবিজয় যাত্ৰা’ কৰিছিল, ৰাহুলও দেশক সংযোগ কৰিবলৈ ভাৰত জোড়ো যাত্ৰাত নামিছে।

ইয়াৰ উপৰিও অভিনেতা কমল হাছান, ৰিয়া সেন, সাহিত্যিক অৰুন্ধতী ৰায় আদিয়ে বিভিন্ন সময়ত এই পদযাত্ৰাত অংশ লয়। তেওঁলোকৰ বহুতেই কয় যে তেওঁলোক কংগ্ৰেছৰ সদস্য নহ’লেও পদযাত্ৰাটোৱে যি আদৰ্শৰে আগবাঢ়িছে, সেই আদৰ্শক তেওঁলোকে সমৰ্থন কৰে।

ভাৰত জোৰো যাত্ৰা দিল্লীত প্ৰৱেশ কৰাৰ পিছত ৰাহুলৰ নিৰাপত্তা ভংগ কৰাৰো অভিযোগ উত্থাপন হৈছিল। এই সন্দৰ্ভত কংগ্ৰেছে কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ এখন পত্ৰ লিখিছিল। এই অভিযোগৰ পিছতে ৰাহুলৰ নিৰাপত্তাৰ দায়িত্বত থকা চি আৰ পি এফে কয় যে ৰাহুলে ১১২ বাৰ নিৰাপত্তাৰ নিয়ম উলংঘা কৰিছে। তেওঁলোকৰ ফালৰ পৰা কোনো বিচ্যুতি নাই।

কাশ্মীৰতো স্থানীয় আৰক্ষীৰ বিৰুদ্ধে কংগ্ৰেছে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা বজাই নৰখাৰ অভিযোগ উত্থাপন কৰিছিল। যাত্ৰাও সাময়িকভাৱে স্থগিত ৰখা হয়। আৰক্ষীয়ে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰে।

গুজৰাট আৰু হিমাচলত ভোটগ্ৰহণ হোৱাৰ পিছতো নিৰ্বাচনৰ পূৰ্বে ৰাজ্য দুখনৰ মাজেৰে কিয় এই পদযাত্ৰা কৰা নহ’ল বুলি প্ৰশ্ন কৰাত কংগ্ৰেছে কয় যে ইমান কম সময়ৰ ভিতৰতে ইমানবোৰ ঠাইত এই পদযাত্ৰা সম্ভৱ নহয়।

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে ৩০ জানুৱাৰীত ভাৰত জোৰো পদযাত্ৰাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ২১টা বন্ধু দলক অনুৰোধ জনাইছিল। যদিও দেশৰ বিভিন্ন ৰাজ্যৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰা দলসমূহে এই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল, তথাপিও তৃণমূল, এছ পি, বি এছ পিৰ দৰে দলসমূহে এই আহ্বানক আওকাণ কৰিছিল। আম আদমী পাৰ্টিক অৱশ্যে নিমন্ত্ৰণ কৰা হোৱা নাছিল।

সোমবাৰে প্ৰচণ্ড তুষাৰপাতৰ মাজতে ৰাহুলৰ নেতৃত্বত পদযাত্ৰাটো ‘শ্বেৰ-ই-কাশ্মীৰ’ ক্ৰিকেট ষ্টেডিয়ামত উপস্থিত হয়। আনুষ্ঠানিকভাৱে যাত্ৰাৰ অন্ত পৰে তাতেই। গোটেই যাত্ৰাটোত বিভিন্ন অন্তৰংগ মুহূৰ্ত কেমেৰাত বন্দী কৰা হৈছিল।

এই যাত্ৰাই নিৰ্বাচনত কিমান প্ৰভাৱ পেলাব সেই লৈও চিন্তা কৰিছে কংগ্ৰেছ নেতাসকলে। কিন্তু ইটোৰ পিছত সিটো নিৰ্বাচনত পৰাজিত হোৱা কংগ্ৰেছক শক্তিশালী কৰাৰ বাবেই এই পদযাত্ৰাটো প্ৰয়োজনীয় আছিল বুলি বহুতে অনুভৱ কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গান্ধী পৰিয়াল আঁতৰিলেহে কংগ্রেছ চাফা হ'ব: মুখ্যমন্ত্ৰী
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত