--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অগণন শ্ৰোতা-অনুৰাগীৰ চকু সেমেকাই পৃথিৱীৰ মোহ এৰিলে কিংম্বদন্তি সংগীতশিল্পী টিনা টাৰ্ণাৰে। 'ৰক এণ্ড ৰ’ল’ মিউজকৰ সম্ৰাজ্ঞী হিচাপে পৰিচিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংগীতশিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৩। বুধবাৰে চুইজাৰলেণ্ডৰ জুৰিখত থকা নিজা বাসগৃহত দীৰ্ঘদিনীয়া অসুস্থতাৰ ফলস্বৰূপে মৃত্যু হয় তেওঁৰ। তাৰপাছৰে পৰা শোকৰ ছাঁ পৰিছে অনুৰাগীমহলৰ মাজত।

'হোৱাটছ লভ গট টু দ্যু উইথ ইট’, 'প্ৰাউড মেৰী’, 'প্ৰাইভেট ডেন্সাৰ্ছ’কে ধৰি কেইবাটাও জনপ্ৰিয় গানেৰে শ্ৰোতাৰ হৃদয়ত স্থান লাভ কৰা টিনা টাৰ্ণাৰৰ জন্ম ১৯৩৯ চনৰ ২৬ নৱেম্বৰত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেনেছি প্ৰদেশৰ এটা কৃষিজীৱী পৰিয়ালৰ পৰা টিনা টাৰ্ণাৰে পঞ্চাশৰ দশকত সংগীতৰ জগতত ভৰি থয়। এমটিভিৰ জৰিয়তে লাভ কৰে অপাৰ জনপ্ৰিয়তা।

নিজস্ব সাজ-সজ্জা আৰু সাংগিতীক বৈশিষ্ট্যৰ বাবে জনাজাত টিনা টাৰ্ণাৰৰ গানসমূহত নাৰীবাদী বাৰ্তা, মুক্ত প্ৰেম, সমতা আৰু বৈপ্লৱিক চেতনা পোৱা যায়। বিশেষকৈ 'প্ৰাইভেট ডেন্সাৰ্ছ’ গানটোত এগৰাকী গণিকাৰ মনৰ ভাৱনা প্ৰকাশ কৰা হৈছে। আশীৰ দশকত তেওঁ এইসমূহৰ বাবেই কালজয়ী সংগীতশিল্পী হিচাপে পৰিগণতি হয়।

সাংগিতীক কেৰিয়াৰত তেওঁ লাভ কৰিছিল আঠটাকৈ গ্ৰেমী এৱাৰ্ড। তদুপৰি ১৯৮৮ চনৰ ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত হোৱা তেওঁৰ এটা কনচাৰ্টত এক লাখ আশী হাজাৰ দৰ্শক উপস্থিত আছিল- যিটো এজন সংগীতশিল্পীৰ অন্যতম বৃহৎ কনচাৰ্ট হিচাপে গণ্য কৰা হয়।

সংগীতৰ জগতত অপাৰ সফলতা লাভ কৰিলেও ব্যক্তিগত জীৱন সংঘাতপূৰ্ণ আছিল টিনাৰ। প্ৰায় এক দশক ধৰি গীটাৰিষ্ট আইকে টাৰ্ণাৰৰ স’তে দাম্পত্য জীৱন কটাইছিল যদিও সাংসাৰিক সংঘাতৰ বাবে বিবাহ বিচ্ছেদ কৰে। অৱশ্যে ২০১৩ চনত পুনৰ এৰৱিন বাখৰ স’তে বিবাহপাশত আৱদ্ধ হয়।

টিনাৰ মৃ্ত্যুৰ পাছতে বাৰাক অবামা, জ’ বিডেন, ৰকষ্টাৰ মিক জেগাৰকে ধৰি অগণন গুণমুগ্ধই শোকবাৰ্তা প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনে টিনাক 'ছিম্পলী দ্যা বেষ্ট’ বুলি অভিহিত কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে