--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অগণন শ্ৰোতা-অনুৰাগীৰ চকু সেমেকাই পৃথিৱীৰ মোহ এৰিলে কিংম্বদন্তি সংগীতশিল্পী টিনা টাৰ্ণাৰে। 'ৰক এণ্ড ৰ’ল’ মিউজকৰ সম্ৰাজ্ঞী হিচাপে পৰিচিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংগীতশিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৩। বুধবাৰে চুইজাৰলেণ্ডৰ জুৰিখত থকা নিজা বাসগৃহত দীৰ্ঘদিনীয়া অসুস্থতাৰ ফলস্বৰূপে মৃত্যু হয় তেওঁৰ। তাৰপাছৰে পৰা শোকৰ ছাঁ পৰিছে অনুৰাগীমহলৰ মাজত।

'হোৱাটছ লভ গট টু দ্যু উইথ ইট’, 'প্ৰাউড মেৰী’, 'প্ৰাইভেট ডেন্সাৰ্ছ’কে ধৰি কেইবাটাও জনপ্ৰিয় গানেৰে শ্ৰোতাৰ হৃদয়ত স্থান লাভ কৰা টিনা টাৰ্ণাৰৰ জন্ম ১৯৩৯ চনৰ ২৬ নৱেম্বৰত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেনেছি প্ৰদেশৰ এটা কৃষিজীৱী পৰিয়ালৰ পৰা টিনা টাৰ্ণাৰে পঞ্চাশৰ দশকত সংগীতৰ জগতত ভৰি থয়। এমটিভিৰ জৰিয়তে লাভ কৰে অপাৰ জনপ্ৰিয়তা।

নিজস্ব সাজ-সজ্জা আৰু সাংগিতীক বৈশিষ্ট্যৰ বাবে জনাজাত টিনা টাৰ্ণাৰৰ গানসমূহত নাৰীবাদী বাৰ্তা, মুক্ত প্ৰেম, সমতা আৰু বৈপ্লৱিক চেতনা পোৱা যায়। বিশেষকৈ 'প্ৰাইভেট ডেন্সাৰ্ছ’ গানটোত এগৰাকী গণিকাৰ মনৰ ভাৱনা প্ৰকাশ কৰা হৈছে। আশীৰ দশকত তেওঁ এইসমূহৰ বাবেই কালজয়ী সংগীতশিল্পী হিচাপে পৰিগণতি হয়।

সাংগিতীক কেৰিয়াৰত তেওঁ লাভ কৰিছিল আঠটাকৈ গ্ৰেমী এৱাৰ্ড। তদুপৰি ১৯৮৮ চনৰ ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত হোৱা তেওঁৰ এটা কনচাৰ্টত এক লাখ আশী হাজাৰ দৰ্শক উপস্থিত আছিল- যিটো এজন সংগীতশিল্পীৰ অন্যতম বৃহৎ কনচাৰ্ট হিচাপে গণ্য কৰা হয়।

সংগীতৰ জগতত অপাৰ সফলতা লাভ কৰিলেও ব্যক্তিগত জীৱন সংঘাতপূৰ্ণ আছিল টিনাৰ। প্ৰায় এক দশক ধৰি গীটাৰিষ্ট আইকে টাৰ্ণাৰৰ স’তে দাম্পত্য জীৱন কটাইছিল যদিও সাংসাৰিক সংঘাতৰ বাবে বিবাহ বিচ্ছেদ কৰে। অৱশ্যে ২০১৩ চনত পুনৰ এৰৱিন বাখৰ স’তে বিবাহপাশত আৱদ্ধ হয়।

টিনাৰ মৃ্ত্যুৰ পাছতে বাৰাক অবামা, জ’ বিডেন, ৰকষ্টাৰ মিক জেগাৰকে ধৰি অগণন গুণমুগ্ধই শোকবাৰ্তা প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনে টিনাক 'ছিম্পলী দ্যা বেষ্ট’ বুলি অভিহিত কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু