--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পথৰ  কুকুৰ এতিয়া বহু ঠাইতে এক সমস্যাৰ বিষয় হৈ পৰিছে৷ এনে সময়তে পথৰ কুকুৰৰ  হিচাপ ৰাখিবলৈ মুম্বাইৰ এজন অভিযন্তা অক্ষয় ৰিডলানে  উদ্ভাৱন কৰি উলিয়াইছে  কিউআৰ কোড থকা বিশেষ টেগ। এই টেগ স্কেন কৰাৰ পিছত কিউআৰ কোডে কুকুৰৰ পৰিচয়, চিকিৎসাৰ  ইতিহাস আৰু সিহঁতৰ যদি কোনো  তত্ত্বাৱধায়কৰ থাকে তেন্তে তেনে লোকৰ যোগাযোগৰ বিৱৰণৰ লগতে  কুকুৰৰ বিষয়ে তথ্য লাভ কৰিব পাৰিব৷ 

শেহতীয়াকৈ টুইটাৰত এই বিষয়ক  কেইখনমান ফটো শ্বেয়াৰ কৰা হৈছে৷ ছবিবোৰত ৰিডলানে ৰাস্তাৰ কুকুৰৰ ডিঙিত কলাৰ লগোৱা দেখা গৈছে। কিউআৰ কোডটো এডাল  চেইনৰ সহায়ত কলাৰৰ সৈতে সংলগ্ন কৰা হৈছে। একাংশ লোকে দাবী কৰিছে যে এনে টেগে চৰকাৰক কুকুৰৰ অৱস্থান বিচাৰি উলিওৱাত আৰু সিহঁতৰ  বন্ধ্যাকৰণ বা টিকাকৰণৰ বাবে ৰণনীতি প্ৰস্তুত কৰাত সহায় কৰিব। 

ৰিডলানে এই প্ৰসংগত , "এই টেগৰ সৈতে  কিউআৰ কোড সংলগ্ন কৰিছো আৰু তাৰ পিছত মোৰ ফোনত স্কেনাৰৰ সৈতে কিউআৰ স্কেন কৰিছো। স্কেন কৰাৰ পিছত মই এটা নিৰ্দিষ্ট কুকুৰৰ বিষয়ে ডিজিটেল ৰূপত সকলো বিৱৰণ পাইছো। ই এক ইউআইডি (অনন্য চিনাক্তকৰণ নম্বৰ), লিংগ, পোহনীয়া জন্তুৰ নাম, তত্ত্বাৱধায়কৰ নাম, তত্ত্বাৱধায়কৰ ফোন নম্বৰ, আৰু কুকুৰৰ চিকিৎসা/টিকাকৰণৰ ইতিহাসইয়াত পোৱা যাব।" টুইটাৰত বহুতে অভিযন্তাজনৰ উদ্ধাৱনকলৈ নানান মন্তব্য কৰিছে৷ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে-"ই ডাটাবেচৰ পৰা কুকুৰৰ  অৱস্থান নিৰ্ণয়  কৰিব নেকি,  কুকুৰটোৱে কাক কামুৰিছে নেকি তাৰ হিচাপ ৰখাৰো কোনো উপায় আছে নেকি?" আন এজনে লিখিছে , "মহান কাম, ছাৰ।" "মহান কাম," ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক