--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পথৰ  কুকুৰ এতিয়া বহু ঠাইতে এক সমস্যাৰ বিষয় হৈ পৰিছে৷ এনে সময়তে পথৰ কুকুৰৰ  হিচাপ ৰাখিবলৈ মুম্বাইৰ এজন অভিযন্তা অক্ষয় ৰিডলানে  উদ্ভাৱন কৰি উলিয়াইছে  কিউআৰ কোড থকা বিশেষ টেগ। এই টেগ স্কেন কৰাৰ পিছত কিউআৰ কোডে কুকুৰৰ পৰিচয়, চিকিৎসাৰ  ইতিহাস আৰু সিহঁতৰ যদি কোনো  তত্ত্বাৱধায়কৰ থাকে তেন্তে তেনে লোকৰ যোগাযোগৰ বিৱৰণৰ লগতে  কুকুৰৰ বিষয়ে তথ্য লাভ কৰিব পাৰিব৷ 

শেহতীয়াকৈ টুইটাৰত এই বিষয়ক  কেইখনমান ফটো শ্বেয়াৰ কৰা হৈছে৷ ছবিবোৰত ৰিডলানে ৰাস্তাৰ কুকুৰৰ ডিঙিত কলাৰ লগোৱা দেখা গৈছে। কিউআৰ কোডটো এডাল  চেইনৰ সহায়ত কলাৰৰ সৈতে সংলগ্ন কৰা হৈছে। একাংশ লোকে দাবী কৰিছে যে এনে টেগে চৰকাৰক কুকুৰৰ অৱস্থান বিচাৰি উলিওৱাত আৰু সিহঁতৰ  বন্ধ্যাকৰণ বা টিকাকৰণৰ বাবে ৰণনীতি প্ৰস্তুত কৰাত সহায় কৰিব। 

ৰিডলানে এই প্ৰসংগত , "এই টেগৰ সৈতে  কিউআৰ কোড সংলগ্ন কৰিছো আৰু তাৰ পিছত মোৰ ফোনত স্কেনাৰৰ সৈতে কিউআৰ স্কেন কৰিছো। স্কেন কৰাৰ পিছত মই এটা নিৰ্দিষ্ট কুকুৰৰ বিষয়ে ডিজিটেল ৰূপত সকলো বিৱৰণ পাইছো। ই এক ইউআইডি (অনন্য চিনাক্তকৰণ নম্বৰ), লিংগ, পোহনীয়া জন্তুৰ নাম, তত্ত্বাৱধায়কৰ নাম, তত্ত্বাৱধায়কৰ ফোন নম্বৰ, আৰু কুকুৰৰ চিকিৎসা/টিকাকৰণৰ ইতিহাসইয়াত পোৱা যাব।" টুইটাৰত বহুতে অভিযন্তাজনৰ উদ্ধাৱনকলৈ নানান মন্তব্য কৰিছে৷ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে-"ই ডাটাবেচৰ পৰা কুকুৰৰ  অৱস্থান নিৰ্ণয়  কৰিব নেকি,  কুকুৰটোৱে কাক কামুৰিছে নেকি তাৰ হিচাপ ৰখাৰো কোনো উপায় আছে নেকি?" আন এজনে লিখিছে , "মহান কাম, ছাৰ।" "মহান কাম," ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু