--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰিও কাশ্মীৰ উপত্যকাত সন্মান ৰক্ষা নহ’ল বিজেপিৰ৷ কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্স মিত্ৰজোঁটে কাৰ্গিলৰ লাডাখ স্বায়ত্তশাসিত পাৰ্বত্য পৰিষদৰ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰা বিষয়টোৱে দেশৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে৷ 

২০১৯ত অনুচ্ছেদ ৩৭০ বাতিল হোৱাৰ পাছত জম্মু-কাশ্মীৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত ২৬ আসনৰ ২২খন আসনেই লাভ কৰে ইণ্ডিয়া মিত্ৰজোঁটে৷ লাডাখ পৰিষদৰ গণনাত কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে বিজেপিতকৈ দ্ৰুতগতিত অগ্ৰসৰ হয়৷ ২৬খন আসনৰ ভিতৰত, কংগ্ৰেছে ১০খন আসন লাভ কৰিছিল, নেচনেল কনফাৰেন্সে ১২খন আসনেৰে একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছিল। বিজেপিয়ে মাত্ৰ ২খন আসনত জয়লাভ কৰিছিল আৰু দুখন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে৷ 

ইণ্ডিয়া গোটৰ এই জয়ৰ পাছত পিপলছ ডেমক্ৰেটিক পাৰ্টিৰ মুৰব্বী মেহবুবা মুফতীয়ে কয় যে কাৰ্গিলত এন চি আৰু কংগ্ৰেছৰ দৰে ধৰ্মনিৰপেক্ষ দলবোৰ জয়ী হোৱা দেখি আনন্দিত হৈছোঁ। পিডিপিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল৷

তৃতীয় পৰ্যায়ৰ ভোটদানৰ সামগ্ৰিক পৰিসংখ্যা অনুসৰি কাৰ্গিল জিলাত প্ৰায় ৬৫ শতাংশ ভোটদান সম্পন্ন হৈছিল। যোৱা মাহৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি লাডাখ প্ৰশাসনে কাৰ্গিল অঞ্চলৰ পঞ্চম এলএএইচডিচিৰ নিৰ্বাচনৰ বাবে এক নতুন সময়সূচী ঘোষণা কৰিছিল।

কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বে এনচিৰ সৈতে হাত মিলাইছিল আৰু ২২জন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। দুয়োটা দলে কৈছিল যে ব্যৱস্থাটো সেই অঞ্চলসমূহত সীমাবদ্ধ আছিল য'ত বিজেপিৰ সৈতে কঠিন প্ৰতিদ্বন্দ্বিতা হৈছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু