--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিলে ভাৰতৰ নিৰ্বাচন আয়োগে৷ সংবাদমেলযোগে মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে আয়োগে৷ 

তেলেংগানা, মিজোৰামৰ নিৰ্বাচনৰো সূচী ঘোষণা কৰে নিৰ্বাচন আয়োগে৷
সংবাদমেলযোগে সূচী ঘোষণা কৰে নিৰ্বাচন আয়োগৰ৷ মধ্য প্ৰদেশত ১৭ নৱেম্বৰত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷

মিজোৰামত ৭ নৱেম্বৰত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷
ৰাজস্থানত ২৩ নৱেম্বৰত, তেলেংগানাত ৩০ নৱেম্বৰত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷
ছত্তীশগড়ত ৭, ১৭ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া৷

আনহাতে, ৫ ৰাজ্যৰ ফলাফল ঘোষণা হ’ব ৩ ডিচেম্বৰত৷ উল্লেখযোগ্য যে মধ্যপ্ৰদেশত ২৩০ আসন, ছত্তীশগড়ত ৯০ আসনত, ৰাজস্থানত ২০০, তেলেংগানাত ১১৯ আসনত অনুষ্ঠিত হ’ব নিৰ্বাচন৷

উত্তৰ-পূবত মিজোৰামত ৪০খন আসনত হ’ব নিৰ্বাচন৷ পাঁচ ৰাজ্যৰ মুঠ ৬৭৯ আসনৰ বাবে হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ পাঁচোখন ৰাজ্যৰ মুঠ ১৬ কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ৷ তাৰে ৮ কোটি পুৰুষ ভোটাৰ, মহিলা ভোটাৰ ৭.৮ কোটি৷ এই নিৰ্বাচনত ৬০ লাখ নতুন ভোটাৰে ভোটদান কৰিব বুলিও ঘোষণা ভাৰতৰ নিৰ্বাচন আয়োগৰ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু