--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ আৰম্ভ হোৱাৰ ১৮ দিন পূৰ্বে ইংলেণ্ডে চূড়ান্ত দলৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে তেওঁলোকে ১৭ জনীয়া এটা দল ঘোষণা কৰিছিল। এইবাৰ দুজন লোকক বাদ দি ১৫ জন সদস্যৰ নাম উল্লেখ কৰা হৈছে। 

যোৱা বিশ্বকাপত চমক সৃষ্টি কৰা বলাৰ জোফ্ৰা আৰ্চাৰে এইবাৰ স্থান নাপালে। পূৰ্বে ১৭ জনীয়া দলৰ পৰাও হেৰী ব্ৰুকক বাহিৰ কৰি দিয়া হৈছিল। কিন্তু পিঠিৰ আঘাতৰ বাবে জেছন ৰয় খেলপথাৰৰ পৰা আঁতৰি থকাৰ বাবে ব্ৰুকক দললৈ অনা হৈছে। 

উল্লেখ্য যে ২৭ ছেপ্টেম্বৰলৈকে ইংলেণ্ডে দল সলনি কৰিব পাৰিব। বিশ্বকাপত ইংলেণ্ডৰ হৈ বেন ষ্টকছৰ প্ৰদৰ্শন লক্ষ্যণীয় হ’ব। কিছুদিন পূৰ্বে নিউজিলেণ্ডৰ বিৰুদ্ধে ১২৪টা বলত ১৮২ ৰান সংগ্ৰহ কৰিছিল ষ্ট’কে। ইংলেণ্ডৰ হৈ এদিনীয়া ক্ৰিকেটত এয়া সৰ্বোচ্চ ব্যক্তিগত ৰান।

ইংলেণ্ড দলত পেচ বলাৰৰ প্ৰচুৰতা আছে। ছেম কাৰেন, ৰিজ টপলি, ডেভিদ উইলি, মাৰ্ক উড আৰু ক্ৰীছ ৱ’কেছ আছে। দলটোত আছে ছাৰপ্ৰাইজ পেচাৰ গাছ এটকিনছন, যিয়ে ইয়াৰ পূৰ্বে মাত্ৰ তিনিখন এদিনীয়া খেলিছে। স্পিনাৰ হৈছে আদিল ৰছিদ আৰু ময়েন আলী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক