--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ আৰম্ভ হোৱাৰ ১৮ দিন পূৰ্বে ইংলেণ্ডে চূড়ান্ত দলৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে তেওঁলোকে ১৭ জনীয়া এটা দল ঘোষণা কৰিছিল। এইবাৰ দুজন লোকক বাদ দি ১৫ জন সদস্যৰ নাম উল্লেখ কৰা হৈছে। 

যোৱা বিশ্বকাপত চমক সৃষ্টি কৰা বলাৰ জোফ্ৰা আৰ্চাৰে এইবাৰ স্থান নাপালে। পূৰ্বে ১৭ জনীয়া দলৰ পৰাও হেৰী ব্ৰুকক বাহিৰ কৰি দিয়া হৈছিল। কিন্তু পিঠিৰ আঘাতৰ বাবে জেছন ৰয় খেলপথাৰৰ পৰা আঁতৰি থকাৰ বাবে ব্ৰুকক দললৈ অনা হৈছে। 

উল্লেখ্য যে ২৭ ছেপ্টেম্বৰলৈকে ইংলেণ্ডে দল সলনি কৰিব পাৰিব। বিশ্বকাপত ইংলেণ্ডৰ হৈ বেন ষ্টকছৰ প্ৰদৰ্শন লক্ষ্যণীয় হ’ব। কিছুদিন পূৰ্বে নিউজিলেণ্ডৰ বিৰুদ্ধে ১২৪টা বলত ১৮২ ৰান সংগ্ৰহ কৰিছিল ষ্ট’কে। ইংলেণ্ডৰ হৈ এদিনীয়া ক্ৰিকেটত এয়া সৰ্বোচ্চ ব্যক্তিগত ৰান।

ইংলেণ্ড দলত পেচ বলাৰৰ প্ৰচুৰতা আছে। ছেম কাৰেন, ৰিজ টপলি, ডেভিদ উইলি, মাৰ্ক উড আৰু ক্ৰীছ ৱ’কেছ আছে। দলটোত আছে ছাৰপ্ৰাইজ পেচাৰ গাছ এটকিনছন, যিয়ে ইয়াৰ পূৰ্বে মাত্ৰ তিনিখন এদিনীয়া খেলিছে। স্পিনাৰ হৈছে আদিল ৰছিদ আৰু ময়েন আলী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু